peepl-small

আজি অসম পালেহি প্রথমখন অক্সিজেন এক্সপ্রেছ ৰে’ল

PUBLISHED:

গুৱাহাটীঃ ক’ভিডকেন্দ্রিক পৰিস্থিতিত আক্রান্ত লোকৰ বাবে অতি জৰুৰী হৈ পৰা দেশৰ চিকিৎসালয়লৈ অক্সিজেনৰ যোগান ধৰিবলৈ ভাৰতীয় ৰে’লৱেই যুদ্ধকালীন তৎপৰতা গ্রহণ কৰিছে৷ ইয়াৰ অংশ হিচাপে ভাৰতীয় ৰে’লৱেই ‘ওম মিছন’ৰ অধীনত দেশজুৰি ১৪,৫০০ মেট্রিকটন জুলীয়া মেডিকেল অক্সিজেন লৈ ৮৮৪ টেংকাৰসহ ২২৪খন অক্সিজেন এক্সপ্রেছ ৰে’লৰ চলাচল আৰম্ভ হৈছে৷

উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া শুভানন চন্দই জানিবলৈ দিয়া মতে এই ৰে’লসমূহৰ মাজত অসমৰ চিকিৎসালয়ত ক’ভিড ৰোগীৰ বাবে এখন অক্সিজেন এক্সপ্রেছ ৰে’ল  ঝাৰখণ্ডৰ টাটানগৰ ৰে’ল ষ্টেচনৰ পৰা যাত্রা আৰম্ভ কৰে। আজি ৰে’লখন  অসমত আহি উপস্থিত হয়৷ চাৰিটা বৃহৎ কনটেইনাৰত ৮০ টন অক্সিজেন লৈ অহা ৰে’লখন পোনে পোনে গুৱাহাটীৰ পার্শ্বৱর্তী আমিনগাঁৱত থকা ইনলেণ্ড কনটেইনাৰ ডিপো পায়৷

উল্লেখ্য যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰে’লৱে কর্তৃপক্ষক কিছু দিনৰ আগতে অক্সিজেন সৰবৰাহত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছিল৷

RELATED ARTICLES