peepl-small

বিটিআৰত অৰুণোদয়ৰ আওতাত তিনি লাখ হিতাধিকাৰী

PUBLISHED:

গুৱাহাটী: চিৰাং জিলা উপায়ুক্তৰ কার্যালয় সভাকক্ষত মঙলবাৰে বিয়লি বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে ‘অৰুণোদয়, স্বয়ম আঁচনিৰ লগতে সাম্প্রতিক ক’ভিড পৰিস্থিতি আৰু সম্ভাব্য বান পৰিস্থিতি সন্দর্ভত জনপ্রতিনিধি আৰু জিলা প্রশাসনৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ বৈঠকত উপায়ুক্তৰ লগতে জিলাখনৰ স্বাস্থ্যসেৱা বিভাগৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, ৰাজহ চক্র বিষয়াসকলো উপস্থিত থাকে৷

বৈঠকৰ অন্তত প্রমোদ বডোৱে সংবাদ মাধ্যমৰ আগত কয় যে চিৰাং জিলাত অৰুণোদয় আঁচনিৰ আবেদনকাৰীৰ সংখ্যা বেছি হৈছে৷ ৰাজ্যৰ মুখ্যমন্ত্রীয়ে এই আঁচনিখনত বাদ পৰা প্রকৃত হিতাধিকাৰীসকলৰ আবেদন অহা দহ জুনৰ ভিতৰত পঞ্জীভুক্ত কৰিবলৈ আহ্বান জনাইছে৷ ইয়াৰ বাবে জিলা প্রশাসনক এই দিশত ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ চিৰাং জিলাত ইতিপূর্বে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা লোকৰ তথ্যসমূহ পৰীক্ষা কৰা হৈছে আৰু এই আঁচনিত বহু হিতাধিকাৰী বাদ পৰি ৰৈছে৷ বিটিআৰত তিনি লাখ হিতাধিকাৰী এই আঁচনিৰ অন্তর্ভুক্ত হ’ব৷ একেদৰে স্বয়ম আঁচনিৰ বাবেও বহুসংখ্যকে আবেদন কৰিছে যদিও এই আবেদনৰ পুনৰ পৰীক্ষা কৰা হ’ব বুলি প্রমোদ বড়োৱে মন্তব্য কৰে৷

স্বয়ম আঁচনিত বিটিআৰৰ ৯,৫০০ হিতাধিকাৰী উপকৃত হ’ব৷ স্বয়ম আঁচনিৰ বাবে যোগ্যতা অর্জন কৰা হিতাধিকাৰীসকলে দুটা কিস্তিত পঞ্চাশ হাজাৰ টকাকৈ লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷ স্বয়ম আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক–যুৱতীসকলে কৃষিকার্য, হস্ততাঁত আৰু বস্ত্রশিল্প, হঁাহ, কুকুৰা আদি পালন কৰি স্বাৱলম্বী হোৱাৰ পথ প্রশস্ত হ’ব বুলি প্রমোদ বড়োৱে মন্তব্য কৰে৷

বিটিআৰৰ চাৰিওখন জিলাত সম্প্রতি ক’ভিড পৰিস্থিতি উন্নত হৈ আহিছে বুলি উল্লেখ কৰাৰ লগতে বাক্সা আৰু ওদালগুৰি জিলাতো অক্সিজেন উৎপাদন গোটৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ সংবাদ মাধ্যমক অৱগত কৰে৷ ক’ভিড–১৯ৰ প্রাদুর্ভাৱ অহা পাঁচ দিনত কমি আহিব বুলিও প্রমোদ বডোৱে আশা ব্যক্ত কৰে৷ চিৰাং জিলাত ক’ভিড–১৯ৰ সংক্রমণৰ হাৰ তিনি শতাংশ হৈ আছে বুলি জানিবলৈ দিয়াৰ লগতে পৰিষদীয় চৰকাৰখনৰ ফালৰ পৰা  চিৰাং জিলাৰ আশাকর্মীসকলৰ বাবে ১,৪৪০টা অক্সিমিটাৰ আৰু থার্মো স্কেনাৰ মেচিন প্রদান কৰা হয়৷ আশাকর্মীসকলক তেওঁলোকৰ নিজৰ নিজৰ অঞ্চলৰ সর্বসাধাৰণ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ সামগ্রী দুবিধ যোগান ধৰা হৈছে বুলি জনায়৷

প্রমোদ বড়োৱে চিৰাঙৰ সম্ভাব্য বান পৰিস্থিতিৰ ওপৰতো পর্যালোচনা কৰে৷ তেওঁ বাৰিষাৰ পূর্বে চিৰাঙৰ বান–খহনীয়া পৰিদর্শন কৰি জনপ্রতিনিধি, জিলা প্রশাসনৰ লগতে বিভাগীয় মূৰব্বী–বিষয়াসকল নির্দেশ দিয়ে৷ এই বৈঠকত চিদলী আৰু বিজনী সমষ্টিৰ বিধায়কদ্বয়, ইউপিপিএলৰ এমচিএলএ, প্রাক্তন এমচিএলএ, জিলা উপায়ুক্ত আৰু অন্যান্য জনপ্রতিনিধিসকল উপস্থিত থাকে৷

RELATED ARTICLES