peepl-small

মঙলবাৰে ২৯ জিলাৰ হিতাধিকাৰীয়ে পাব অৰুণোদয়ৰ ধন

PUBLISHED:

গুৱাহাটীঃ কাইলৈ অৰ্থাৎ মঙলবাৰে শুভাৰম্ভ কৰা হ’ব অসম চৰকাৰৰ অভিলাষী আঁচনি অৰুণদোয়। বিটিআৰৰ চাৰিখন জিলাৰ বাদে ৰাজ্যৰ ২৯খন জিলাৰ হিতাধিকাৰীৰ একাউণ্টত কাইলৈ অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰা হ’ব। এই কথা এক সংবাদমেলযোগে জানিবলৈ দিয়ে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে আমিনগাঁৱৰ পেৰেড গ্ৰাউণ্ডৰ পৰা অৰুণোদয় আঁচনিখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব।

সংবাদমেলত মন্ত্ৰী ড০ শৰ্মাই কয়-“ডিচেম্বৰত হিতাধিকাৰীয়ে দুবাৰ ধন পাব। ১ তাৰিখে আমি যি ধন দিম সেয়া নৱেম্বৰ মাহৰ। ডিচেম্বৰৰ ধন ২৬ তাৰিখে লাভ কৰিব। তাৰ পাছত প্ৰতি মাহৰ শেষৰ সপ্তাহত তেওঁলোকে ৮৩০ টকাকৈ পাই থাকিব।”
কোনো হিতাধিকাৰীয়ে বেংক একাউণ্টত ধন লাভ নকৰিলে অৰুণোদয় কল চেণ্টাৰত ফোন কৰি সহায় বিচাৰিব পাৰিব।

RELATED ARTICLES