peepl-small

ONGCৰ ২ অপহৃত কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক উদ্ধাৰ; এতিয়াও সন্ধান নাই ৰিতুল শইকীয়াৰ

PUBLISHED:

গুৱাহাটীঃ নাগালেণ্ডৰ মন জিলাৰ পৰা উদ্ধাৰ কৰা হৈছে অ’এনজিচিত কৰ্মৰত অপহৃত দুই কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক ৷

বিগত ২১ এপ্ৰিলৰ নিশাৰ পৰাই সন্ধানহীন হৈ আছিল অ’এনজিচিত কৰ্মৰত তিনি গৰাকী কৰ্মচাৰী ক্ৰমে- মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়া ৷

শনিবাৰে আছাম ৰাইফলছে সেনাৰ সহযোগত নাগালেণ্ডৰ মন জিলাৰ পৰা উদ্ধাৰ কৰে অপহৃত অভিযন্তা মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক ৷

অপহৃত দুয়োগৰাকী অভিযন্তা সম্প্ৰতি আছাম ৰাইফলছৰ জিম্মাত আছে ৷ কিন্তু অপহৃত আনগৰাকী কৰ্মচাৰী ৰিতুল শইকীয়াৰ মুক্তিৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে ৷

RELATED ARTICLES