peepl-small

যাদৱ পায়েঙক অইলৰ গ্রীন এম্বেছাডৰ নিযুক্তি

PUBLISHED:

গুৱাহাটীঃ  অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত দুলীয়াজানস্থিত ক্ষেত্রীয় মুখ্য কার্যালয়কে ধৰি অইলৰ বিভিন্ন বিভাগীয় কার্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ৷ এই দিৱসৰ তাৎপর্যৰ সৈতে সংগতি ৰাখি অইলে গছ ৰোপণ কার্যসূচী হাতত লয় আৰু ক্ষেত্রীয় মুখ্য কার্যালয়ৰ পৰা ইয়াৰ শুভাৰম্ভণি কৰা হয়৷ অইলৰ আৱাসিক মুখ্য বিষয়া প্রশান্ত বৰকাকতিয়ে এই অভিযানৰ শুভাৰম্ভ কৰাৰ পাছত পর্যায়ক্রমে অইলৰ বিভিন্ন বিভাগত এই কার্যসূচী ৰূপায়ণ কৰা হয় ৷

ইফালে, ক’ভিড–১৯ৰ শেহতীয়া পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা নিষেধাজ্ঞাসমূহ মানি চলি কালিৰ বিশেষ দিনটোতে অইলে পদ্মশ্রী যাদৱ পায়েঙৰ সৈতে এঘণ্টীয়া এক ৱেবিনাৰ বৈঠকো আয়োজন কৰে ৷ এই বৈঠকতে অইলৰ সঞ্চালনমূলক কার্যকলাপত সেউজ পদক্ষেপসমূহৰ একত্রীকৰণত তেওঁৰ দিহা–পৰামর্শেৰে আগবঢ়াৰ উদ্দেশ্যে যাদৱ পায়েঙক অইলৰ গ্রীন এম্বেছাডৰ হিচাপে আদৰণি জনায়৷

উক্ত বৈঠকত অংশগ্রহণ কৰে অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সুশীল চন্দ্র মিশ্র, সঞ্চালক (অপাৰেচনছ) পংকজ কুমাৰ গোস্বামী, আৱাসিক মুখ্য বিষয়া প্রশান্ত বৰকাকতি আৰু কার্যবাহী সঞ্চালক সঞ্জয় কুমাৰ ৰায়৷ উক্ত বৈঠকৰ আঁত ধৰে প্রতিষ্ঠানটোৰ মুখপাত্র তথা উপ–মহাপ্রবন্ধক (চি এছ আৰ এণ্ড চি চি) ত্রিদীৱ হাজৰিকাই৷ তদুপৰি বিশ্ব পৰিৱেশ দিৱস ২০২১ৰ বিষয়বস্তুৰ প্রসাৰৰ উদ্দেশ্যে অইলৰ বার্তাসমূহ বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফর্মৰ যোগেদি প্রচাৰ চলায়৷

RELATED ARTICLES