peepl-small

সৰভোগৰ পৰা চাইকেলেৰে শিৱসাগৰত ৮০ বছৰীয়া ককা

PUBLISHED:

গুৱাহাটীঃ  বয়সেও হাৰ মনাব নোৱৰা এজন মানুহ৷ যাৰ সন্মুখত বয়সে আত্মসমর্পণ কৰিবলৈ বাধ্য হৈছে৷ দুৰন্ত মনৰ মানুহজনৰ বুকুত অযুত সপোন৷ বিভিন্ন সময়ত বাতৰিকাকত, টিভিত সঘনাই দেখি থকা ঐতিহাসিক শিৱসাগৰৰ প্রেমত পৰিছিল মানুহজন৷ ছশ বছৰীয়া আহোম ৰাজশাসনৰ অপৰূপ সৌন্দর্যই হাত বাউলি মাতি থকা মানুহজনৰ সন্মুখত প্রতিবন্ধকতা হিচাপে থিয় দিছিল বয়সে৷ কিন্তু লক্ষ্য যদি স্থিৰ হয়, মনত যদি অদম্য দৃঢ়তা থাকে, তেন্তে বয়স কেতিয়াও অন্তৰায় হ’ব নোৱাৰে৷

অৱশেষত বয়সেও নতি স্বীকাৰ কৰা মানুহজন আহি পালেহি বিশ্ব পর্যটনৰ স্বর্গপুৰী ঐতিহাসিক শিৱসাগৰৰ ৰংপুৰত৷ ডিচেম্বৰ মাহৰ শীতৰ কুঁৱলী ফালি দিগন্তক চুই চোৱাৰ হেঁপাহেৰে উজনিলৈ ধাৱিত হোৱা দুৰন্ত তৰুণজনৰ নাম ৰজনীকান্ত ৰায়৷ ঘৰ বৰপেটা জিলাৰ সৰভোগত৷ বর্তমান সময়ত তেখেত ককালৈ ৰূপান্তৰিত হৈছে৷ বয়স প্রায় আশী বছৰ৷ তজবজীয়া ডেকাতকৈও সতেজ আশী বছৰীয়া ককা ৰজনীকান্ত ৰায়৷

প্রকৃতিৰ নিয়ম অনুসৰিয়েই বয়সে মানুজনক আঁচোৰ মাৰিছে যদিও মনটোক দুর্বল কৰিব পৰা নাই৷ পৰা নাই ককাৰ শৰীৰৰ শক্তি কমাব৷বৰপেটা জিলাৰ সৰভোগৰ ককাৰ উজনি অসমখন চাবলৈ বৰকৈ মন গ’ল৷ ভবা মতে কাম৷ ককাই নিজৰ আপোন লগৰী লৈ উজনিৰ যাত্রা আৰম্ভ কৰিলে৷ এই লগৰী আন কোনো নহয়, ককাৰ ডেকা দিনৰ ৰেলী চাইকেলখন৷

যোৱা ৬ ডিচেম্বৰত সৰভোগৰ পৰা চাইকেল লৈ ইখনৰ পিছত সিখন জিলা পাৰ কৰি ককা যোৱানিশা উপস্থিত হয় শিৱসাগৰত৷ একালৰ আহোম ৰাজধানী শিৱসাগৰ দর্শন কৰি ককাই পুৱাই যাত্রা কৰিব তিনিচুকীয়ালৈ৷ তিলিঙা মন্দিৰ দর্শন কৰি ধলা–শদিয়াৰ দলং চাই ককাই ওভতনি যাত্রা কৰিব সৰভোগলৈ৷ আজিৰ দৰে যাতায়াতৰ সুবিধা থকা দিনত কিহৰ তাডনাত ককাই চাইকেল যাত্রা আৰম্ভ কৰিলে৷ শিৱসাগৰৰ পর্যটন গৃহত নৈশ যাপন কৰা আশী বছৰীয়া ককাৰ উপস্থিতি জানিব পাৰি নিশাই উপস্থিত হৈছিল সাংবাদিকৰ দল৷ উৎসুক সাংবাদিকে জানিব বিচাৰিলে এই অদম্য সাহস আৰু হেঁপাহৰ আঁৰৰ কথা৷ ককাই চাইকেল যাত্রা কৰিছে নিজৰ ফুৰাৰ চখ আৰু শৰীৰটো মজবুত হৈ আছে নে নাই পৰীক্ষা কৰাৰ বাবে৷

ইতিমধ্যে নাতি–নাতিনীৰ মুখ দেখা ৰজনীকান্ত ৰায়ৰ এই যাত্রা বিশেষ এক ব্যতিক্রম নহ’লেও আন হাজাৰজনৰ বাবে প্রেৰণা আৰু সাহসৰ প্রতীক৷ নিশ্চিতভাৱে প্রায় আশী বছৰীয়া এজন ককাৰ হাজাৰ কিলোমিটাৰ চাইকেল ভ্রমণ নতুনৰ বাবে উৎসাহৰ বিষয়৷

RELATED ARTICLES