peepl-small

গুৱাহাটীত ৬২৪ জনলৈ হ্রাস ক’ভিড পজিটিভৰ সংখ্যা

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যত ক্রমশঃ হ্রাস পাইছে ক’ভিডত আক্রান্তৰ হাৰ৷ দেওবাৰে নতুনকৈ ৰাজ্যত মুঠ ৩,৫৬৩জন ৰোগী চিনাক্ত হৈছে৷ আক্রান্তৰ হাৰ হৈছে ৫.৬৮ শতাংশ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৬২,৭২২টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আশাব্যঞ্জকভাৱে গুৱাহাটী মহানগৰীত হ্রাস পাইছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা৷ দেওবাৰে কামৰূপ মহানগৰ জিলাত আক্রান্ত লোকৰ সংখ্যা ৬২৪জনলৈ হ্রাস পাইছে৷ ইয়াৰ পূর্বে মহানগৰীখনত প্রতিদিনে এহেজাৰতকৈয়ো অধিক লোক ক’ভিডৰ দ্বাৰা সংক্রমিত হৈছিল৷ যাৰ ফলত মহানগৰ জিলা প্রশাসন শংকিত হৈ পৰিছিল৷

মহানগৰীৰ উপৰি ডিব্রুগড়ত সর্বোচ্চ ৪০৮, তিনিচুকীয়াত ৩১০ আৰু কাছাৰত ২৪৯জন ৰোগী দেওবাৰে চিনাক্ত হৈছে৷ অৱশ্যে, আক্রান্তৰ হাৰ হ্রাস পালেও মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়াও উদ্বেগজনক৷ দেওবাৰৰ দিনটোত পুনৰ ৭২জন লোকে প্রাণ হেৰুৱাইছে ক’ভিডত৷ ইয়াৰ মাজতে ৰাজ্যত ক্রমশঃ বৃদ্ধি পাইছে সুস্থ হোৱা ৰোগীৰ সংখ্যা৷ দেওবাৰে ৫,৭৮৫জন ৰোগী সুস্থ হৈছে৷ সম্প্রতি বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৫১,৭৬৪জন৷

RELATED ARTICLES