peepl-small

অসমৰ যুৱকসহ ৩জনক অপহৰণ এনএছচিএনৰ

PUBLISHED:

গুৱাহাটী: চুবুৰীয়া ৰাজ্য অৰুণাচলৰ লংডিং জিলাত কালি নগা উগ্রপন্থী সংগঠন এন এছ চি এনৰ দ্বাৰা এক অপহৰণৰ ঘটনা পোহৰলৈ অহাত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণী মতে, চৰাইদেউ জিলাৰ গাতে লাগি থকা নাগালেণ্ডৰ লঙুৱাৰ পৰা অৰুণাচলৰ পাংচালৈ ১৮ কিলোমিটাৰ পথ নির্মাণৰ বাবে ৩৬ কোটি টকাৰ ঠিকা লাভ কৰিছিল নাগালেণ্ডৰ মন জিলাৰ এজন নগা ঠিকাদাৰে৷ পথ নির্মাণ চলি থকাৰ মাজতে কালি কর্মস্থলীৰ পৰা তিনিজন কর্মচাৰীক এন এছ চি এন (খাপলাং) উগ্রপন্থীয়ে অপহৰণ কৰি নিয়ে৷ অপহূত কর্মচাৰী তিনিজনৰ এজন জেচিবি চালক অসমৰ বিকাশৰ লগতে আনজন নগা যুৱক ফুকহি কন্যাক৷

ইফালে, পথ নির্মাণত কর্মৰত আন এজন নগা যুৱককো দলটোৱে অপহৰণ কৰি নিয়ে যদিও যুৱকজনে কোনোমতে অপহৰণকাৰীৰ কবলৰ পৰা নিজৰ প্রাণৰক্ষা কৰি পলায়ন কৰিবলৈ সক্ষম হয়৷ কালি নিশাই নগা ঠিকাদাৰজনে ঘটনা সন্দর্ভত নাগালেণ্ডৰ মন আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাত অপহৰণ কৰা দুই যুৱকক বিচাৰি আৰক্ষীয়ে ইতিমধ্যে অভিযান চলাই থকা বুলি জনা গৈছে৷ ইপিনে, অসমীয়া যুৱক বিকাশৰ সম্পূর্ণ নাম অথবা ঠিকনা এতিয়াও জানিব পৰা হোৱা নাই৷

RELATED ARTICLES