peepl-small

এনআৰএলত ২৬ শতাংশলৈ অংশীদাৰিত্ব বৃদ্ধি

PUBLISHED:

গুৱাহাটীঃ অসম চুক্তিৰ ফচল হিচাপে ৰাজহুৱা প্রতিষ্ঠান ৰূপে স্থাপন হোৱা নুমলীগড় শোধনাগাৰ (এনআৰএল)ৰ অংশীদাৰিত্ব বৃদ্ধি কৰিবলৈ সক্ষম হ’ল অসম চৰকাৰ৷ অনিশ্চয়তাৰ দিশলৈ গতি কৰা এনআৰএলত অংশীদাৰিত্ব বৃদ্ধিৰে অৱশেষত ৰাজ্য চৰকাৰে ৰাজহুৱা প্রতিষ্ঠানৰ চৰিত্র ঘূৰাই আনিবলৈ সক্ষম হ’ল৷

বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত এনআৰএলৰ অংশীদাৰিত্ব ২৬ শতাংশ বৃদ্ধিৰ দিশলৈ এখোজ আগবাঢ়িবলৈ সক্ষম হ’ল অসম৷ আনুষ্ঠানিকভাৱে আজি অইল ইণ্ডিয়া লিমিটেডক ৫০০ কোটি টকাৰ চেক প্রদানেৰে ৰাজ্য চৰকাৰে ক্রয় কৰিবলৈ সক্ষম হ’ল এনআৰএলৰ ১৮.৫৬ শতাংশ অংশীদাৰিত্ব৷ এই ঐতিহাসিক তথা স্মৰণীয় দিনটোত মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্য– ৰাজহুৱা প্রতিষ্ঠানত সর্ববৃহৎ অংশীদাৰিত্ব ক্রয়েৰে অসমে ভৱিষ্যৎ প্রজন্মক আগুৱাই নিয়াৰ ক্ষেত্রত এটা খোজ দিবলৈ সক্ষম হ’ল৷ এনআৰএলৰ অংশীদাৰিত্ব লাভৰ বাবে যি সুযোগৰ সৃষ্টি হৈছিল, সেই সুযোগ হেৰুৱালে আমি হয়তো নতুন প্রজন্মক ইয়াৰ উত্তৰ দিবলগা হ’লহেঁতেন৷ কিন্তু চৰকাৰে এক ঐতিহাসিক পদক্ষেপেৰে অসমৰ অর্থনীতি তথা আন্তঃগাঁথনি উন্নয়নৰ সকলো দিশ আগত লৈ অংশীদাৰিত্ব ক্রয়ৰ এই পদক্ষেপ গ্রহণ কৰিবলৈ সক্ষম হ’ল৷

মন কৰিবলগীয়া যে প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ কার্যকালতে এনআৰএলৰ পৰা বিপিচিএলে অংশীদাৰিত্ব উঠাই লোৱাৰ পাছত ৰাজহুৱা প্রতিষ্ঠানৰ চৰিত্র হেৰুওৱাৰ উপক্রম হৈছিল অসমৰ আৱেগৰ লগত জড়িত হৈ থকা শোধনাগাৰটোৱে৷ এনে অৱস্থাত ২০২০–২১ বর্ষত বাজেটত তেতিয়া বিত্তমন্ত্রীৰ দায়িত্বত থকা ড০ হিমন্ত বিশ্ব শর্মাই এনআৰএলত থকা অসম চৰকাৰৰ অংশীদাৰিত্ব ১২.৩৫ শতাংশৰ পৰা ২৬ শতাংশ বৃদ্ধিৰ ঘোষণা কৰে৷ ইয়াৰ বাবে বাজেটত ১,৪০০ কোটি টকা আছুতীয়াকৈ ৰখাৰ ব্যৱস্থাও কৰা হৈছে৷ কিন্তু পৰৱর্তী সময়ত এই অংশীদাৰিত্বৰ ধন ২,১৮৭ কোটি টকালৈ বৃদ্ধি পায়৷

বিগত জানুৱাৰী মাহত ৰাজ্য চৰকাৰে ৫০০ কোটি টকা অংশীদাৰিত্বৰ বাবে মোকলাই দিয়াৰ পাছত আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রীয়ে এই ৫০০ কোটি টকাৰ চেক অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সুৰেশ চন্দ্র মিশ্রৰ হাতত তুলি দিয়ে৷ ইয়াৰ জৰিয়তে অসমে এনআৰএলৰ অংশীদাৰিত্ব ১৮.৫৯ শতাংশলৈ বৃদ্ধি কৰিবলৈ সক্ষম হয়৷ আনহাতে, বাকী থকা ৭.৪১ শতাংশ অহা ছেপ্ঢেম্বৰ মাহৰ ভিতৰত বৃদ্ধি কৰিব বুলিও আজি মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিয়ে৷ এই উদ্দেশ্যে আজি খানাপাৰাস্থিত প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান৷

মুখ্যমন্ত্রী ড০ শর্মাৰ লগতে বিত্তমন্ত্রী অজন্তা নেওগ, উদ্যোগ–বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, কৃষিমন্ত্রী অতুল বৰা, মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ সিন্হা, অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুৰেশ চন্দ্র মিশ্র, এনআৰএলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱা উপস্থিত থকা অনুষ্ঠানত অসম চৰকাৰৰ হৈ ৫০০ কোটি টকাৰ প্রথম কিস্তিৰ চেক আজি অইল ইণ্ডিয়া লিমিটেডৰ হাতত তুলি দিয়া হয়৷

উল্লেখ্য যে ৰাজ্য চৰকাৰে এনআৰএলৰ অংশীদাৰিত্ব বৃদ্ধিৰ লক্ষ্যৰে পদক্ষেপ গ্রহণ কৰাৰ সময়তে নির্বাচনী অধিসূচনা জাৰি কৰা হেতুকে অংশীদাৰিত্বৰ ধন আদায় দিবলৈ সক্ষম নহ’ল৷ এনে অৱস্থাত অসম চৰকাৰৰ হৈ অইল ইণ্ডিয়া লিমিটেডে এনআৰএলৰ অংশীদাৰিত্ব ক্রয় কৰে৷ ক্রয় কৰা অংশীদাৰিত্বৰ ধন আজি আনুষ্ঠানিকভাৱে অইল ইণ্ডিয়া লিমিটেডক ওভতাই দিয়া হয়৷

এই সন্দর্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ শর্মাই কয়– এনআৰএলৰ লগত অসমৰ আৱেগ জড়িত হৈ আছে যদিও অংশীদাৰিত্ব বৃদ্ধিৰ ক্ষেত্রত ৰাজ্য চৰকাৰে আৱেগৰ পৰিৱর্তে যুক্তিকহে অগ্রাধিকাৰ দিছে৷ অসম চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে মুখ্যতঃ কৰ বৃদ্ধিত গুৰুত্ব দিব লাগে৷ কিন্তু কৰ বৃদ্ধিয়ে জনসাধাৰণৰ ওপৰত অধিক হেঁচাৰ সৃষ্টি কৰে৷ সেয়েহে চৰকাৰে কৰবিহীন ৰাজহ আদায়ৰ লক্ষ্যৰে ৰাজহুৱা প্রতিষ্ঠান এনআৰএলত বিনিয়োগৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ পূর্বে অসমে এনআৰএলত ১২.৩৫ শতাংশ ধন বিনিয়োগ কৰি ৩৩৫ কোটি লাভ কৰিছে৷ ২৬ শতাংশ বিনিয়োগৰ ফলত চৰকাৰে প্রায় ১,০০০ কোটি টকা বছৰি লাভ কৰিব৷ কিন্তু এনে বৃহৎ ধনৰ বিপৰীতে অংশীদাৰিত্বৰ পৰা লাভ কৰা ধনৰ পৰিমাণ যথেষ্ট কম হ’ব বুলি ধাৰণা কৰা হৈছে যদিও আগন্তুক তিনি–চাৰি বছৰৰ ভিতৰত অসমে এই বিনিয়োগৰ জৰিয়তে বৃহৎ লাভ কৰিবলৈ সক্ষম হ’ব৷ বর্তমান এনআৰএলৰ উৎপাদন ক্ষমতা তিনি মিলিয়ন মেট্রিকটন৷ ২০২৪ চনৰ ভিতৰত এনআৰএলৰ উৎপাদন ৯ মিলিয়ন মেট্রিকটনলৈ বৃদ্ধি পাব৷ উৎপাদন বৃদ্ধিৰ ফলত অসমে অংশীদাৰিত্বৰ লাভ ১,৫০০ কোটি টকাকৈ বছৰি লাভ কৰিবলৈ সক্ষম হ’ব৷

মুখ্যমন্ত্রীয়ে ইয়াকো কয়– এনআৰএলত ২৮ হাজাৰ কোটি টকা ব্যয়েৰে উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰা হৈছে৷ ইতিমধ্যে পাৰাদ্বীপৰ পৰা পাইপলাইন বহুওৱা হৈছে৷ এই পাইপলাইনেৰে অসমলৈ আহিবলগা তেলেৰে বঙাইগাঁও শোধনাগাৰ, গুৱাহাটী শোধনাগাৰ আৰু নুমলীগড় শোধনাগাৰৰ উৎপাদন ক্ষমতা বৃদ্ধি পাব৷ এই শোধনাগাৰকেইটাৰ জৰিয়তে শোধিত তেল আমি ম্যানমাৰ, বাংলাদেশ আদিলৈ বিক্রী কৰিব পাৰিম৷ সেয়াই নহয়, অইল ইণ্ডিয়া লিমিটেড আৰু এনআৰএলৰ জৰিয়তে অসমৰ অর্থনীতি যথেষ্ট টনকিয়াল হৈ আছে৷ আমাৰ দ্বাৰা উৎপাদিত তেলৰ ৰয়েল্টী পাওঁ, প্রতিষ্ঠান দুটাই বিক্রী কৰা তেলৰ ভেট পাওঁ আৰু কেন্দ্রীয় চৰকাৰে এই তেলৰ আবকাৰী শুল্ক হিচাপে আমাক অংশীদাৰিত্বৰ ধন দিয়ে৷ গতিকে তেল প্রতিষ্ঠানৰ সহায় অবিহনে অসমৰ ভৱিষ্যৎ অন্ধকাৰ৷ ৰাজ্য চৰকাৰে তেল প্রতিষ্ঠানসমূহক সকলো ধৰণে সহযোগ আগবঢ়াই আহিছে৷ তেল প্রতিষ্ঠানসমূহে অসমক কোনোধৰণৰ শোষণ বা অন্যায় কৰা নাই৷

ইয়াৰ বিপৰীতে এই প্রতিষ্ঠানসমূহে অসমৰ অর্থনীতিত যথেষ্ট প্রভাৱ পেলাই আহিছে৷ আমাৰ লক্ষ্য হ’ল ২০২৪ চনলৈ এনআৰএলৰ উৎপাদন ক্ষমতা ৯ মিলিয়ন মেট্রিকটনলৈ বৃদ্ধি কৰা আৰু অইল ইণ্ডিয়া লিমিটেডৰ ক্রুড অইলৰ উৎপাদন ৩ মিলিয়ন মেট্রিকটনৰ পৰা ৪ মিলিয়ন মেট্রিকটনলৈ বৃদ্ধি কৰা৷ যাৰ ফলত এনআৰএলৰ বাবে বাহিৰৰ পৰা ক্রুড অইল কম পৰিমাণে আনিলেও আমি শোধনাগাৰ চলাই থাকিব পাৰিম৷ তদুপৰি এনআৰএলত বায়’ৰিফাইনেৰীৰ কাম চলি আছে৷ ইয়াৰ জৰিয়তে মিথানল উৎপাদন কৰা হ’ব৷ এনআৰএলৰ উৎপাদন শক্তি বৃদ্ধিৰ লগে লগে ইয়াৰ লগত জড়িত ভটিয়নি বহু উদ্যোগ গঢ়ি উঠিব৷ যাৰ জৰিয়তে এনআৰএলৰ লগতে এই উদ্যোগসমূহতো থলুৱা যুৱক–যুৱতীয়ে নিযুক্তি লাভ কৰিব৷ অসমে এক সুন্দৰ দিনৰ আৰম্ভণি কৰিবলৈ সক্ষম হৈছে৷ যিমানে উৎপাদন বাঢ়িব, সিমানেই অসমৰ লাভৰ পৰিমাণ বৃদ্ধি হ’ব৷

মুখ্যমন্ত্রীয়ে গেছ কোম্পানীৰ কথা উল্লেখ কৰি কয়– এই গেছ কোম্পানীৰ অধীনত কেইবাটাও উল্লেখনীয় কাম আৰম্ভ হৈছে৷ এই পদক্ষেপসমূহ হ’ল– নাহৰকটীয়া–বাৰাউনি পাইপলাইন, নুমলীগড়–শিলিগুৰি প্রডাক্ট গেছ পাইপলাইনৰ সঞ্চালন, চাহ বাগানলৈ গেছ যোগানৰ বাবে অসম চৰকাৰৰ সৈতে বুজাবুজি আৰু পূর্ব ভাৰতী গেছ কোম্পানীৰ জৰিয়তে বাহিৰৰ পৰা অহা গেছেৰে বৰাক উপত্যকাৰ তিনিখন জিলা আৰু গুৱাহাটীত ঘৰুৱা ৰন্ধন গেছৰ যোগানৰ ব্যৱস্থা৷

অইল ইণ্ডিয়াক প্রশংসা কৰি মুখ্যমন্ত্রীয়ে  কয়– যদিও অইল ইণ্ডিয়া কেন্দ্রীয় চৰকাৰৰ অধীনস্থ তথাপি এই প্রতিষ্ঠানটো অসমৰ লগত সকলো ধৰণে জড়িত৷ অসমৰ উন্নয়নৰ লগত জড়িত হৈ আছে অইল ইণ্ডিয়া লিমিটেড৷ আছাম পেট্র’কেমিকেলছ, আছাম গেছ কোম্পানী, দুলীয়াজান–নুমলীগড়্ গেছ পাইপলাইন আৰু পূর্ব ভাৰতী গেছ কোম্পানী– এইকেইটা প্রতিষ্ঠানৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেড আমাৰ লগত জড়িত৷ অইল ইণ্ডিয়া লিমিটেডৰ অসমৰ প্রতি কি অনুদান আছে সেয়া এতিয়া সকলো দিশতে দৃশ্যমান হৈ আছে৷ অইল ইণ্ডিয়া লিমিটেড অসমবাসীৰ নিজৰ অনুষ্ঠান৷ এই প্রতিষ্ঠানে উৎপাদন কৰা প্রতিটোপাল তেলে অসমৰ উন্নয়নত অৰিহণা যোগাই আহিছে৷ আজিৰ অনুষ্ঠানত মন্ত্রী অতুল বৰা, অজন্তা নেওগ আৰু চন্দ্রমোহন পাটোৱাৰীয়েও ভাষণ দিয়ে৷

RELATED ARTICLES