peepl-small

১৫ জুনৰ পূর্বে অসমত আনলক ঘোষণা কৰাৰ সম্ভাৱনা নাই

PUBLISHED:

গুৱাহাটীঃ অহা ১৫ জুনৰ পূর্বে ৰাজ্যত আনলকৰ সম্ভাৱনা নাই৷ শনিবাৰে গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা স্পষ্ট কৰি দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ৭ জুনলৈ ৰাজ্যত ক’ভিড পৰিৱেশ কিছু শাম কাটিব বুলি আশা কৰা হৈছে৷ অহা ৫ জুন পর্যন্ত ৰাজ্যখনত বাধা–নিষেধ বাহাল আছে৷ ৫ জুনৰ পাছতহে বাকী কথা ক’ব পৰা যাব৷ অৱশ্যে অহা ১৫ জুনৰ আগত দেখাকৈ আনলক সম্ভৱ হ’ব বুলি তেওঁ নাভাবে৷ সংবাদ মেলখনত তেওঁ আৰু কয় যে ৰাজ্যত ক’ভিডত আক্রান্তৰ হাৰ ২ৰ পৰা ৩ শতাংশলৈ নামি আহিলেহে পৰিস্থিতি নিয়ন্ত্রণত আহিছে বুলি ক’ব পৰা যাব৷

অৱশ্যে পূর্বৰ তুলনাত ক’ভিড পৰিস্থিতি বর্তমান প্রত্যেক দিনাই উন্নত হোৱাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটীত ১,৬০০ৰ পৰা আক্রান্তৰ সংখ্যা এতিয়া ৫০০লৈ নামিছে৷ যোৱা দিনকেইটাত আক্রান্তৰ সংখ্যা মহানগৰীত ১,১০০ কমিল৷ সেইদৰে ৰাজ্যখনত আক্রান্তৰ সংখ্যা ৬,৫০০ৰ পৰা ৫,৪০০লৈ নামিছে৷ অর্থাৎ ৰাজ্যখনত আক্রান্তৰ সংখ্যা ১,০০০ হ্রাস পাইছে৷

ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যাও ৫–৬ দিনৰ ভিতৰত নিম্নগামী হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷ ভেকচিনৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰৰ প্রতিদিনে ১ লাখ লোকক ভেকচিন দিয়াৰ ক্ষমতা আছে যদিও প্রতিদিনে ৬০ হাজাৰ লোকক দি থকা হৈছে৷ ইতিমধ্যে ৰাজ্যখনত ৪০ লাখৰো অধিক লোকক ভেকচিন দিয়া হৈছে৷ গুৱাহাটী মহানগৰীত বসবাস কৰা ১২ লাখ লোকৰ ভিতৰত ৫ লাখ লোকক ইতিমধ্যে ভেকচিন দিয়া হৈছে৷ অহা ১৫–২০ দিনৰ ভিতৰত এই সংখ্যা আৰু বৃদ্ধি পাব৷

এই সম্পর্কত তেওঁ আৰু কয় যে ভাৰত চৰকাৰে জনোৱা অনুসৰি চলিত মে’ মাহত দেশত ৭ লাখ ভেকচিন উৎপাদন হৈছে৷ অহা জুন মাহত ৮ৰ পৰা ৯ লাখ ভেকচিন উৎপাদন হ’ব৷ জুলাই মাহত ভেকচিনৰ উৎপাদন দুগুণ হ’ব৷ সেয়ে জুনৰ পৰা জুলাইৰ ভিতৰত ভেকচিন পর্যাপ্ত হ’ব৷ অহা ডিচেম্বৰ মাহৰ ভিতৰত দেশৰ প্রতিগৰাকী লোকে ভেকচিনৰ দুটাকৈ ড’জ পাব৷ ভেকচিনৰ দ্বিতীয় ড’জ নোপোৱা বুলি একাংশই কৰা অভিযোগৰ প্রসংগত তেওঁ কয় যে ক’ভিশ্বিল্ডৰ ক্ষেত্রত প্রথমটো ড’জ লোৱাৰ তিনি মাহৰ পাছত দ্বিতীয়টো ড’জ ল’ব লাগে৷ ক’ভাক্সিনৰ ক্ষেত্রত ২৮ দিনৰ পৰা ৪২ দিনৰ ভিতৰত দ্বিতীয়টো ভেকচিন ল’ব লাগে৷ কিন্তু বহুতে প্রথমটো ভেকচিন লোৱাৰ ২৮ দিন হোৱাৰ লগে লগে দ্বিতীয়টো ভেকচিন বিচাৰে৷ অথচ দ্বিতীয়টো ড’জৰ বাবে ৪২ দিন পর্যন্ত সময় থাকে৷

গুৱাহাটী মহানগৰীত আজিৰ পৰা ক’ভাক্সিনৰ দ্বিতীয়টো ড’জ উপলব্ধ হ’ব বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শনিবাৰে ৰাজ্য চৰকাৰে ১৩ হাজাৰ ক’ভাক্সিন লাভ কৰিছে৷ ইপিনে, ব্যক্তিগত খণ্ডৰ হাস্পতালত ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে অহা ৩ জুনত মাচুল নির্ধাৰণ কৰি দিব বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই সংক্রান্তত কালি এখন কমিটী গঠন কৰি দিয়া হৈছে৷ কমিটীখনক প্রতিবেদন দাখিলৰ বাবে তিনি দিন সময় বান্ধি দিছে৷ অহা ২ জুনত কমিটীয়ে তেওঁক প্রতিবেদন দাখিল কৰিব৷ আজি তেওঁ দিল্লীলৈ যাব৷ দিল্লীৰ উভতি আহি তেওঁ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ক’ভিড ৰোগীৰ চিকিৎসাৰ মাচুল নির্ধাৰণ কৰিব৷ এই প্রসংগতে তেওঁ ক’ভিডৰ চিকিৎসাৰ বাবে জনসাধাৰণক নার্ছিং হোমৰ পৰিৱর্তে চৰকাৰী চিকিৎসালয়লৈ অহাৰ আহ্বান জনায়৷ বীমাকে ধৰি যিসকল লোকে নার্ছিং হোমত চিকিৎসা কৰিলে সংশ্লিষ্ট প্রতিষ্ঠানৰ পৰা চিকিৎসাৰ ব্যয় আদি ঘূৰাই পায়, তেওঁলোকৰ বাহিৰে আন লোকক জি এম চি এইচকে ধৰি অন্যান্য মেডিকেল কলেজ তথা চৰকাৰী চিকিৎসালয়ত চিকিৎসা গ্রহণৰ আহ্বান জনাই তেওঁ কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত যিমান মেডিচিন আছে, কোনো প্রাইভেট হাস্পতালত সিমান মেডিচিন নাই৷

এই প্রসংগতে তেওঁ আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ‘এণ্টিব’ডী ককটেইল’ দৰব গ্রহণ কৰি সুস্থ হোৱা সেই দৰববিধ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো থকা বুলি উল্লেখ কৰি আমগুৰিৰ বিধায়ক প্রদীপ হাজৰিকাকে ধৰি বহুতকে দিয়াৰ বিষয়ে জানিবলৈ দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে ক’ভিড চিকিৎসাৰ ক্ষেত্রত অসমৰ মেডিকেল কলেজসমূহত যিমান ভালদৰে কাম কৰি আছে, দেশৰ কোনোখন হাস্পতালে ইমান ভালদৰে কাম কৰিব পৰা নাই৷ মৃত্যুৰ হাৰৰ তথ্যই সেয়া প্রতিপন্ন কৰে৷ সেয়ে তেওঁ জনসাধাৰণক ক’ভিডৰ ক্ষেত্রত নার্ছিং হোমলৈ যোৱাৰ পৰিৱর্তে চৰকাৰী চিকিৎসালয়লৈ অহাৰ আহ্বান জনায়৷ অহা ৮ জুনৰ পাছত জি এম চি এইচত নতুনকৈ ৮০০খন আই চি ইউ আৰু গুৱাহাটীত ডি আৰ ডি অ’ৰ হাস্পতাল হৈ উঠিলে জনসাধাৰণক ব্যক্তিগত খণ্ডৰ হাস্পতাললৈ যোৱাৰ প্রয়োজনেই নহ’ব বুলি তেওঁ মন্তব্য কৰি কয় যে ব্যক্তিগত খণ্ডৰ হাস্পতালসমূহ অক্সিজেন, ৰেমডেছিভিৰকে ধৰি সকলো ক্ষেত্রতে চৰকাৰৰ ওপৰত নির্ভৰশীল৷

RELATED ARTICLES