peepl-small

ড০ শর্মাৰ দৰে কষ্ট কৰিব পৰা দূৰদর্শী নেতা কংগ্রেছত নাইঃ ৰূপজ্যোতি

PUBLISHED:

গুৱাহাটীঃ  সমালোচনা নহয়, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক প্রশংসাৰে ওপচালে খোদ বিৰোধীয়ে৷ বিৰোধী দল কংগ্রেছ আৰু এ আই ইউ ডি এফৰ কেইবাগৰাকী বিধায়কে মুখ্যমন্ত্রী ড০ শর্মাৰ প্রশংসাত পঞ্চমুখ হৈ পৰা পৰিলক্ষিত হয়৷ যোৱা দিনকেইটাত ৰাজ্যখনৰ বিকাশ আৰু উন্নয়নৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বত নতুন চৰকাৰখনে যি বিৰামহীন কাম–কাজ চলাই আহিছে, তাৰ বাবেই বিৰোধী চিৰাচৰিত সমালোচনাৰ নামত সমালোচনাত ব্রতী হোৱাৰ পৰিৱর্তে মুখ্যমন্ত্রীগৰাকীৰ কাম–কাজক মুকলিকৈ প্রশংসা কৰা দেখা গৈছে৷

মৰিয়নি সমষ্টিৰ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে কয় যে যোৱা ৫টা বছৰত বা আজিও তেওঁলোক বিৰোধীত আছে বাবে বহু সময়ত ড০ শর্মাক সমালোচনা কৰিছে বা কৰি আহিছে৷ কিন্তু এটা কথা স্পষ্ট– ড০ শর্মাৰ সমান কষ্ট কৰিব পৰা নেতা অসমত এতিয়ালৈ জন্ম হোৱা নাই৷ তাৰ বাবেই ড০ শর্মা সফল হৈছে৷ কংগ্রেছ বিধায়ক কুর্মীয়ে আৰু কয় যে ড০ শর্মাৰ দৰে কষ্ট কৰিব পৰা, দূৰদর্শী নেতা কংগ্রেছত নাই৷ ড০ শর্মাই নিশা ২–৩ বজালৈকে কার্যালয়ত কাম কৰি থাকে৷ এসময়ত তেওঁ নিজেও ড০ শর্মাৰ সৈতে নিশা ২.৩০/৩ বজালৈ কার্যালয়ত থকাৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে৷

সেইদৰে সৰুক্ষেত্রীৰ কংগ্রেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰেও মুখ্যমন্ত্রী ড০ শর্মাক প্রশংসা কৰি কয় যে দায়িত্বভাৰ গ্রহণ কৰিয়েই মুখ্যমন্ত্রী ড০ শর্মাই ড্রাগ্ছৰ কবলৰ পৰা অসমবাসীক ৰক্ষা কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰে৷ মুখ্যমন্ত্রীয়ে ড্রাগ্ছমুক্ত অসম গঢ়িলে ৰাজ্যবাসীয়ে নিশ্চিতভাৱে তেওঁ ধন্যবাদ জনাব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ প্রতি অসমৰ ৰাইজৰ আশা বেছি বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁ অসমখন আগুৱাই লৈ যাব৷ এইক্ষেত্রত বিৰোধী হ’লেও আমাৰ সহযোগিতা থাকিব৷ আনহাতে, এ আই ইউ ডি এফৰ সোণাই সমষ্টিৰ বিধায়ক কৰিমউদ্দিন বৰভূঞায়ো

মুখ্যমন্ত্রী ড০ শর্মাৰ কার্যদক্ষতাৰ শলাগ লৈ কয় যে এইবাৰ ক’ভিডকালত ৰিলায়েন্সৰ দৰে বৃহৎ উদ্যোগেও মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াইছে৷ প্রথমবাৰৰ বাবে তেওঁলোকে ১৫ কোটি টকা বৰঙণি দিছে৷ আন বৃহৎ বৃহৎ কোম্পানীয়েও এইবাৰ বৰঙণি দিছে৷ এয়া সম্পূর্ণৰূপে মুখ্যমন্ত্রী ড০ শর্মাৰ কৃতিত্ব৷ দিল্লীত মুখ্যমন্ত্রী ড০ শর্মাৰ নিজা চিনাকি থকাৰ বাবেই উদ্যোগীসকলে এনেদৰে বৰঙণি দিবলৈ আগবাঢ়ি আহিছে৷ তদুপৰি অসমৰ ভিতৰতে হওক বা বাহিৰতেই হওক, সকলোৱে বৰঙণি দিয়াৰ মূল কথাটো হৈছে সেই পুঁজি বাস্তৱ অর্থত সঠিক কামত খটোৱা হৈছে৷ তাৰ বাবেই সকলোৱে বৰঙণি আগবঢ়াইছে৷ বিধায়ক বৰভূঞাই আৰু কয় যে ড০ শর্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ সৈতে অসমৰ ৰাইজ ইতিমধ্যে ‘ইনভ’ল্ভ’ হৈ গৈছে৷ এই এটা মাহত মুখ্যমন্ত্রী ড০ শর্মা সফল হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ লগতে মন্ত্রী পীয়ূষ হাজৰিকা, কেশৱ মহন্ত আদিয়েও সঠিক দিশেৰে কাম–কাজ আগুৱাই নিছে বুলি উল্লেখ কৰে৷

RELATED ARTICLES