peepl-small

অসমত পুৰুষৰ তুলনাত অধিক মহিলাৰ সংখ্যা

PUBLISHED:

গুৱাহাটীঃ লিংগ বৈষম্য আঁতৰাই দেশত অভিলেখ সৃষ্টি কৰিলে অসমে৷ আনুপাতিক হাৰত অসমত এই মুহূর্তত পুৰুষৰ তুলনাত স্ত্রীৰ সংখ্যা অধিক৷ সদ্যপ্রকাশিত ২০১৯–২০ চনৰ ‘ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষা’ শীর্ষক প্রতিবেদনত অসমৰ স্বাস্থ্য–সামাজিক খণ্ডৰ অতি উৎসাহজনক ছবি প্রকাশ পাইছে৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে প্রকাশ কৰা প্রতিবেদন অনুসৰি, ২০১৯–২০ চনত ৰাজ্যখনত প্রতি ১,০০০জন পুৰুষৰ বিপৰীতে আছে ১,০১২গৰাকী স্ত্রী৷

দেশৰ ইতিহাসত এয়া এক বিৰল দৃষ্টান্ত৷ উল্লেখ্য যে ২০১৫–১৬ চনৰ ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত প্রকাশ পোৱা অনুসৰি অসমৰ লিংগ অনুপাত আছিল প্রতি ১০০০ পুৰুষৰ বিপৰীতে ৯৯৩গৰাকী স্ত্রী৷ মাত্র চাৰি বছৰৰ ব্যৱধানত অসমে স্ত্রীৰ আনুপাতিক হাৰ বৃদ্ধি কৰাৰ বাবে শলাগ লৈছে খোদ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী হর্ষবর্ধনে৷ শলাগ লৈছে বিভাগীয় সচিব ৰাজেশ ভূষণেও৷ প্রতিবেদনখনত প্রকাশ পোৱা বিস্তাৰিত তথ্য অনুসৰি অসমৰ চহৰাঞ্চলৰ তুলনাত গ্রামাঞ্চলত পুৰুষতকৈ স্ত্রীৰ হাৰ বেছি৷

প্রতিবেদন মতে, ২০১৯–২০ চনত অসমৰ গ্রামাঞ্চলত প্রতি ১,০০০ পুৰুষৰ বিপৰীতে স্ত্রীৰ সংখ্যা হৈছে ১,০১৭৷ অৱশ্যে চহৰাঞ্চলত এতিয়াও স্ত্রীতকৈ পুৰুষৰ অনুপাত অধিক– প্রতি ১,০০০ পুৰুষৰ বিপৰীতে স্ত্রীৰ সংখ্যা হৈছে ৯৮২৷ আনহাতে, বিগত পাঁচ বছৰত জন্মগ্রহণ কৰা কন্যা সন্তানৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ২০১৯–২০ৰ সমীক্ষা অনুসৰি বিগত পাঁচ বছৰত জন্মগ্রহণ কৰা প্রতি ১,০০০ পুত্র সন্তানৰ বিপৰীতে ৯৬৪গৰাকী কন্যা সন্তান জন্ম হৈছে৷

২০১৫–১৬ৰ সমীক্ষাত পাঁচ বছৰত জন্মগ্রহণ কৰা ১,০০০ পুত্র সন্তানৰ বিপৰীতে কন্যা সন্তান আছিল ৯২৯৷ লিংগ বৈষম্য দূৰ কৰাৰ ক্ষেত্রত অসমে সমগ্র দেশৰ ভিতৰত সর্বশ্রেষ্ঠ প্রদর্শন কৰা বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে৷

কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে প্রকাশ কৰা ২০১৯–২০ চনৰ ‘ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষা’ শীর্ষক প্রতিবেদনখনত স্বাস্থ্য–সামাজিক খণ্ডৰ অধিকাংশ দিশতেই যোৱা চাৰি বছৰত অসমে প্রভূত উন্নতি সাধন কৰা পৰিলক্ষিত হৈছে৷ বিদ্যালয়লৈ যোৱা কন্যা সন্তানৰ হাৰ যেনেদৰে বৃদ্ধি পাইছে, ঠিক তেনেদৰে শিশু আৰু নৱজাতকৰ মৃত্যুৰ হাৰো হ্রাস পাইছে৷ ২০১৫–১৬ চনত বিদ্যালয়লৈ যোৱা ৬ বছৰৰ তলত কন্যা শিশুৰ হাৰ আছিল ৭৫ শতাংশ৷ ২০১৯–২০ চনত এই হাৰ বৃদ্ধি পালে ৭৮.২ শতাংশলৈ৷

আনহাতে, ২০১৫–১৬ চনত অসমত শিশুৰ মৃত্যুৰ হাৰ আছিল ৪৭.৬ শতাংশ৷ ২০১৯–২০ চনত শিশুৰ মৃত্যুৰ হাৰ হ্রাস পালে ২২.৫ শতাংশলৈ৷ একেদৰে ২০১৫–১৬ চনত কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে প্রকাশ কৰা প্রতিবেদনত নৱজাতকৰ মৃত্যুৰ হাৰ আছিল ৩২.৮ শতাংশ আৰু সদ্যপ্রকাশিত ২০১৯–২০ চনৰ প্রতিবেদনত দেখা গ’ল অসমত নৱজাতক মৃত্যুৰ হাৰ হ্রাস পালে ২২.৫ শতাংশলৈ৷ কেৱল এয়াই নহয়, বিশুদ্ধ খোৱাপানী, বিদ্যুতৰ যোগান লাভ কৰা লোকৰ সংখ্যাও বিগত পাঁচ বছৰত ব্যাপক হাৰত বৃদ্ধি পাইছে৷

২০১৫–১৬ চনত ৰাজ্যৰ মুঠ জনসংখ্যাৰ ৭৮.৩ শতাংশ লোকৰ ঘৰত বিদ্যুতৰ যোগান আছিল৷ ২০১৯–২০ চনত এই হাৰ মুঠ জনসংখ্যাৰ ৯২.৬ শতাংশ পৰিয়াললৈ বৃদ্ধি পালে৷ একেদৰে ২০১৫–১৬ চনত ৰাজ্যৰ ৮৪.২ শতাংশ লোকে বিশুদ্ধ খোৱাপানী লাভ কৰিছিল যদিও ২০১৯–২০ চনত ৮৬ শতাংশ লোকে এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ পপুলেচন ছায়েন্সেছ নামৰ এটা বহুজাতিক সংস্থাক ২০১৯–২০ চনৰ ‘ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষা’ৰ দায়িত্ব প্রদান কৰিছিল৷ ২০১৯ চনৰ ১৭ জুনৰ পৰা ২১ ডিচেম্বৰলৈ দেশজুৰি এই সমীক্ষা চলোৱা হৈছিল৷

RELATED ARTICLES