peepl-small

বিপিএফৰ সৈতে মিত্রতা সন্দর্ভত হোৱা নাই আলোচনাঃ ড০ শৰ্মা

PUBLISHED:

গুৱাহাটীঃ শেহতীয়াকৈ মহাজোঁট এৰি মিত্রজোঁটত চামিল হ’বলৈ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফে বিশেষ তৎপৰ হোৱা বুলি চলা চর্চা সন্দর্ভত মঙলবাৰে প্রতিক্রিয়া প্রকাশ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীক অলপতে হাগ্রামা মহিলাৰীৰ নেতৃত্বত বিপিএফৰ বিধায়িনী দলে সাক্ষাৎ কৰা সময়ত এনে বিষয়ক লৈ আলোচনা হোৱা বুলি বিপিএফৰ পৰা কৰা মন্তব্যত প্রতিক্রিয়া প্রকাশ কৰি মঙলবাৰে মুখ্যমন্ত্রী ড০ শর্মাই কয়– মই তেনেকুৱা কথা শুনা নাই৷ মই অৱগত নহয় যে তেনেকুৱা প্রস্তাৱ আমাৰ ওচৰলৈ আহিছে৷

যদি প্রস্তাৱ আহিলহেঁতেন, মই প্রথমেই গম পালোঁহেঁতেন৷ যিহেতু তেনেধৰণৰ বিষয়ক লৈ কোনো আলোচনা হোৱা নাই, গতিকে এইক্ষেত্রত মোৰ বক্তব্যৰ প্রয়োজন নাই৷ কিন্তু চৰকাৰ এখন চলোৱাৰ বাবে সকলো পক্ষৰ সহযোগিতাৰ প্রয়োজন৷ যি ৰাজনৈতিক দলে আমাক সহযোগিতাৰ আশ্বাস দিয়ে, তাক আদৰণি জনাম৷ ৰাজনৈতিক মিত্রতা এটা বেলেগ কথা৷ প্রস্তাৱ পালেহে সেই বিষয়ে আলোচনা কৰিব পাৰি৷ প্রস্তাৱ নাপালে তাৰ ওপৰত বক্তব্য দিয়াটো উচিত নহয়৷

RELATED ARTICLES