peepl-small

বিজেপিৰে বিপিএফৰ চামিলকৰণ–মিত্রতা হোৱা নাই আলোচনাঃ ভৱেশ কলিতা

PUBLISHED:

বিজেপিৰ সৈতে বি পি এফৰ চামিলকৰণ অথবা মিত্রতাৰ কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই৷ অনানুষ্ঠানিকভাৱে বিভিন্ন ৰাজনৈতিক কথা–বতৰা দলটোৰ সৈতে চলি আছে যদিও চামিলকৰণ অথবা মিত্রতা সন্দর্ভত বর্তমানলৈ কোনো কথা–বতৰা চলা নাই বুলি দেওবাৰে বিজেপিৰ সভাপতি ভৱেশ কলিতাই মন্তব্য প্রকাশ কৰে৷ সভাপতিগৰাকীৰ বাসগৃহত সাংবাদিকৰে হোৱা কথা–বতৰাত বিটিচিত ইউ পি পি এলৰে বিজেপিৰ মিত্রতা অক্ষুণ্ণ থাকিব বুলিও স্পষ্ট কৰি দিয়ে৷ প্রমোদ বডোৱে বিধানসভা নির্বাচন খেলিব আৰু হাগ্রাম মহিলাৰী বিটিচিপ্রধান হ’ব বুলি ওলোৱা খবৰক মুখৰোচক আখ্যা দি এনে খবৰৰ সত্যতা নস্যাৎ কৰে বিজেপি সভাপতি ভৱেশ কলিতাই৷ কলিতাই ছয়টা বিধানসভা সমষ্টিত উপ–নির্বাচন হ’ব আৰু আটাইকেইটা সমষ্টিতে মিত্রজোঁটৰ প্রার্থী বিজয়ী হ’ব বুলি দাবী কৰে৷

উপ–নির্বাচনৰ বাবে বিজেপি সম্পূর্ণ সাজু বুলিও কলিতাই মত প্রকাশ কৰে৷ উপ–নির্বাচন অনুষ্ঠিত হ’ব লগা সমষ্টিসমূহত একোগৰাকীকৈ জেষ্ঠ বিজেপি নেতাৰ নেতৃত্বত একোখনকৈ সমিতি গঠন কৰাৰ বিষয়ে উল্লেখ কৰে বিজেপি সভাপতিজনে৷ ভৱানীপুৰ সমষ্টিটোত বিজেপিৰ বিজয় নিশ্চিত বুলি উল্লেখ কৰি ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰে আগষ্ট মাহৰ শেষৰ ফালে ভাৰতীয় জনতা পার্টীত যোগদান কৰিব বুলি সদৰী কৰে৷

ইতিমধ্যে চাৰিটা সমষ্টিৰ বাবে চাৰিখন নির্বাচনী প্রস্তুতি সমিতি অসম বিজেপিয়ে গঠন কৰি দিছে বুলিও সভাপতিগৰাকীয়ে সদৰী কৰে৷ তেওঁ কয় যে সেই অনুসাৰে মাজুলী বিধানসভা সমষ্টিৰ বাবে শিক্ষামন্ত্রী ৰণোজ পেগুক আহ্বায়ক হিচাপে লৈ সাংসদ প্রদান বৰুৱাকে ধৰি একাংশ জ্যেষ্ঠ বিজেপি নেতাৰে মাজুলী বিধানসভা সমষ্টিৰ উপ–নির্বাচন প্রস্তুতি সমিতি গঠন কৰা হৈছে৷ মৰিয়নি বিধানসভা সমষ্টিৰ বাবে পীয়ূষ হাজৰিকাক আহ্বায়ক হিচাপে লৈ তামুলপুৰ বিধানসভা সমষ্টিৰ বাবে মন্ত্রী ৰঞ্জিত দাসক আহ্বায়ক হিচাপে লৈ গোসাঁইগাঁও বিধানসভা সমষ্টিৰ বাবে অশোক সিংঘলক আহ্বায়ক হিচাপে লৈ নির্বাচনী প্রস্তুতি সমিতি গঠন কৰা হৈছে৷ শীঘ্রে থাওৰা আৰু ভৱানীপুৰ বিধানসভা সমষ্টিৰ বাবেও নির্বাচনী সমিতি গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে বুলিও সভাপতি কলিতাই সাংবাদিকক জানিবলৈ দিয়ে৷ ছয়টা বিধানসভা সমষ্টিতে মিত্রজেজাটৰ বিজয় সুনিশ্চিত কৰিবলৈ বিজেপিয়ে সম্পূর্ণ ৰণকৌশল প্রস্তুত কৰা বুলিও সভাপতিগৰাকীয়ে সদৰী কৰে৷

RELATED ARTICLES