peepl-small

শ্রীৰামপুৰেৰে ট্রাক–বাছ লঘু বাহনেৰে বহিঃৰাজ্যৰ পৰা অসমলৈ বাধাহীন জনস্রোত

PUBLISHED:

গুৱাহাটী: ৰাজ্যজুৰি ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা দ্রুত হাৰত বৃদ্ধি পাইছে৷ ক’ৰোনাৰ সংক্রমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্রহণ কৰিছে কঠোৰ পদক্ষেপ৷ ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয় বন্ধ ঘোষণা কৰাৰ লগতে কেতবোৰ নতুন নতুন নীতি–নির্দেশনা জাৰি কৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ পূর্ণ চেষ্টা কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে৷ বিশেষকৈ সকলোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে সংশ্লিষ্ট বিভাগে৷ কিন্তু এক বিপৰীত দৃশ্য দেখা গৈছে অসম–বংগ সীমান্তত৷ অসম–বংগ সীমান্তৰে প্রতিদিনে বহিঃৰাজ্যৰ পৰা হাজাৰ হাজাৰ লোক অসমত অনায়াসে প্রৱেশ কৰাত এক ভয়ংকৰ পৰিস্থিতিৰ সূচনা কৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যত প্রতিদিনে অসম–বংগ সীমান্তৰ শ্রীৰামপুৰ ৰাষ্ট্রীয় ঘাইপথেৰে বাছ, ট্ৰাকৰ উপৰি ব্যক্তিগত বাহনত প্রৱেশ কৰা যাত্রীসকলৰ কোনোধৰণৰ ক’ৰোনাৰ পৰীক্ষাৰ বাবে ব্যৱস্থা নাই৷

বিশেষকৈ বহিঃৰাজ্যৰ পৰা অসমত প্রৱেশ কৰা ড্রাকচালক আৰু বাছ, চাৰিচকীয়া তথা ব্যক্তিগত বাহনযোগে অসমত প্রৱেশ কৰা যাত্রীসকলৰ ৰেপিড এণ্টিজেন টেষ্ট তথা ছেনিটাইজ কৰাৰ ব্যৱস্থা নথকাত ৰাজ্যবাসীৰ বাবে ক্রমাৎ বিপদ অধিক ঘনীভূত হৈছে৷ প্রতিদিনে হাজাৰ হাজাৰ ড্রাকচালক তথা বহিঃৰাজ্যৰ লোক অসমত ক’ৰোনা পৰীক্ষা অবিহনেই নির্বিঘ্ণে প্রৱেশ কৰাত ৰাজ্যবাসীলৈ ক’ৰোনা সংক্রমণৰ সংখ্যা বৃদ্ধি পোৱাৰ আন এক গুৰুত্বপূর্ণ কাৰক হিচাপে দেখা গৈছে৷ ৰাজ্যত প্রতিদিনে উদ্বেগজনকভাৱে ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পাইছে যদিও অসম–বংগ সীমান্তত নিম্নতম পৰীক্ষাৰ ব্যৱস্থা নথকাত ৰাইজৰ মাজত বিভিন্ন প্রশ্ণৰ উদয় হৈছে৷

ক’ৰোনাৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি বংগ সীমান্তত প্রৱেশ কৰা লোকসকলৰ ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ বাবে তৎকালীনভাৱে ব্যৱস্থা গ্রহণ নকৰিলে ৰাজ্যত ক’ৰোনাৰ সংক্রমণে অধিক ভয়াৱহ ৰূপ লোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ তেনেক্ষেত্রত ৰাজ্য চৰকাৰে অসম–বংগ সীমান্তস্থিত শ্রীৰামপুৰেৰে ৰাজ্যত প্রৱেশ কৰা ট্ৰাক–বাছসমূহৰ চালক তথা যাত্রীক ক’ৰোনাৰ পৰীক্ষাৰ বাবে শীঘ্রে ব্যৱস্থা গ্রহণ কৰাৰ বাবে চৰকাৰক দাবী জনাইছে৷

RELATED ARTICLES