peepl-small

নীলবাগানৰ চিকিৎসক ডাঃ আব্দুল ৱাৰিছৰ ক’ভিডত মৃত্যু

PUBLISHED:

গুৱাহাটী: হোজাই নীলবাগানৰ চিকিৎসক, সমাজসেৱক ডাঃ আব্দুল ৱাৰিছে আজি বিয়লি গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যুক আঁকোৱালি লয়৷ ক’ৰোনাত আক্রান্ত হৈ গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল চিকিৎসকগৰাকী৷ ডাঃ আব্দুল ৱাৰিছ হোজাই জিলা উকীল সন্থাৰ সভানেত্রী ৰোহিনা ৱাৰিছ, চিকিৎসক ডাঃ এম ৱাৰিছৰ পিতৃ৷

নীলবাগান ৱাৰিছ ক্লিনিকৰ স্বত্বাধিকাৰী চিকিৎসকগৰাকী ডাঃ আব্দুল ৱাৰিছৰ মৃত্যুত শোকত প্রকাশ কৰে ক্রমে যমুনামুখৰ বিধায়ক চিৰাজুদ্দিন আজমল, নীলবাগান ম’ডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মোহাম্মদ বৰভূঞা, হোজাই জিলা কর্মচাৰী পৰিষদৰ বিষয়ববীয়া জামাল আহমেদ, আমছু নেতা মনোৱাৰ হুছেইন, যমুনামুখৰ যুৱনেতা ৰেজাউল কৰিম চৌধুৰী, নীলবাগান প্রেছ ক্লাবৰ বাচিত আলম চৌধুৰী, মাহমুদ আলী, কফিল উদ্দিন বৰভূঞা, নীলবাগান ব্যৱসায়ী সমিতি, নীলবাগান চেম্বার্ছ অৱ কমার্চৰ মছৰুল হক চৌধুৰী, আমিৰুল ইছলাম, নিউষ্টাৰ ক্লাব, যুৱ সমাজ, আজমল ফাউণ্ডেচনৰ ডিৰেক্টৰ ড০ খছৰুল ইছলাম, প্রবন্ধক এম আৰ এইচ আজাদ, মর্কজুল মা আৰিফৰ ড০ চামছুল হক চৌধুৰী, খলিলুৰ ৰহমান, হাম হাস্পতালৰ ন্যাসৰক্ষী শ্বাহিদ হুছেইন, ডিৰেক্টৰ ড০ চি ইছলাম, প্রশাসনিক বিষয়া মাণিক তালুকদাৰ, নীলবাগান ক্রীডা সন্থা, প্রগতিশীল যুৱ মঞ্চ, নীলবাগান সমাজসেৱক সমিতি, আমছু নীলবাগান আঞ্চলিক সমিতিৰ লগতে বিভিন্ন দল–সংগঠন আৰু ব্যক্তি বিশেষে শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷

RELATED ARTICLES