peepl-small

এনএইচএমৰ অধীনৰ সকলো কর্মচাৰীৰ চাকৰি ৬০ বছৰলৈ বৃদ্ধি

PUBLISHED:

গুৱাহাটীঃ ৰাষ্ট্রীয় স্বাস্থ্য মিছনত কর্মৰত কর্মচাৰীসকলৰ বাবে সুখবৰ কঢ়িয়াই আজি মন্ত্রী পৰিষদৰ বৈঠকে সকলো কর্মচাৰীৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত মঙলবাৰে অনুষ্ঠিত এই বৈঠকত সর্বশিক্ষা অভিযানৰ আর্হিৰে প্রতিগৰাকী কর্মচাৰীক আর্জিত ছুটীসহ ৬০ বছৰ বয়সলৈ চাকৰিকাল বৃদ্ধিত অনুমোদন জনোৱা হয়৷

আনহাতে আজিৰ বৈঠকত বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা ৰূপে স্বীকৃতি দিয়া হয়৷

এতিয়াৰে পৰা সহযোগী ভাষা ৰূপে ব্যৱহূত হ’ব বড়ো ভাষা৷ মন্ত্রী পৰিষদৰ বৈঠকত দেৱনাগৰী লিপি বড়ো ভাষাক ৰাজ্যখনৰ সহযোগী চৰকাৰী ভাষা হিচাপে প্রৱর্তনৰ বাবে অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক উত্থাপনৰ বাবে অনুমোদন জনোৱা হয়৷

ইফালে, অসমমালা প্রকল্প আৰু বহিঃসাহায্যপ্রাপ্ত প্রকল্পসমূহৰ অধীনত ৰাজ্যিক ঘাইপথ আৰু জিলাসমূহৰ প্রধান পথসমূহৰ মেৰামতি তথা নির্মাণৰ বাবে ভূমি অধিগ্রহণৰ ক্ষেত্রত থকা জটিলতা আঁতৰোৱাৰ বাবে ভূমিৰ গৰাকীৰ পৰা বিভাগে পোনপটীয়াকৈ ভূমি ক্রয়ত অনুমোদন জনায়৷

আজিৰ বৈঠকে সমাজ কল্যাণ সঞ্চালকালয়ক দুটা ভাগত বিভক্ত কৰি মহিলা আৰু শিশু উন্নয়ন সঞ্চালকালয় আৰু সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয় গঠনত অনুমোদন জনায়৷ বৈঠকে আৰ আই ডি এফৰ ক্ষেত্রত নাবার্ডৰ পৰা ৯১ কোটি টকাৰ ঋণ গ্রহণত অনুমোদন জনায়৷

RELATED ARTICLES