peepl-small

নতুন এছঅ’পিত কেতবোৰ নীতি–নিয়ম শিথিলঃ ১২ বজাত বন্ধ দোকান–বজাৰ; দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ কার্ফিউ

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যৰ ক’ভিড পৰিস্থিতি পর্যালোচনা কৰাৰ পাছত পূর্বে জাৰি কৰা কেতবোৰ নীতি–নির্দেশনাৰ সালসলনি কৰা হৈছে৷ দোকান–পোহাৰ, চৰকাৰী–বেচৰকাৰী কার্যালয়, যান–বাহনৰ চলাচলকে ধৰি কেতবোৰ নতুন নিয়ম ৰাজ্যত কার্যকৰী হ’ব৷

ৰাজ্যৰ মুখ্য সচিব স্বাক্ষৰিত নতুনকৈ প্রকাশ কৰা এছঅ’পি অনুসৰি চহৰ আৰু গ্রামাঞ্চলসমূহত দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব সান্ধ্য আইন৷ অহা ৬ জুনৰ পৰা ১৬ জুনলৈ কার্যকৰী হ’বলগীয়া এই নতুন এছ অ’ পি অনুসৰি ৰাজ্যত দোকান–পোহাৰ আৰু ব্যৱসায়িক প্রতিষ্ঠানসমূহ ১২ বজালৈ খুলিব পাৰিব৷ সেইদৰে ৰেষ্টুৰেণ্ট আৰু ধাবাসমূহত দিনৰ ১২ বজালৈ গ্রাহকে বহি খোৱাৰ অনুমতি লাভ কৰিব৷

১২ বজাৰ পৰা এক বজালৈ হোম ডেলিভাৰী অথবা টেক আৱে অর্ডাৰ গ্রহণ কৰিব পাৰিব৷ দিনৰ ১ বজাৰ পাছতে ৰেষ্টুৰেণ্টসমূহে হোম ডেলিভাৰী কৰিব পাৰিব৷ আনহাতে, হোটেল আৰু ৰিজ’টসমূহৰ ভিতৰত থকা ৰেষ্টুৰেণ্টসমূহে দিনৰ ১২ বজাৰ পাছত গ্রাহকসকলক ৰুম সেৱাৰ জৰিয়তে খাদ্য যোগান ধৰিব পাৰিব৷

অৱশ্যে কল্ড ষ্টেৰেজ আৰু ৱেৰ হাউছসমূহ দিনৰ ১ বজাৰ পাছতো চলি থাকিব৷ ৱেৰ হাউছ অথবা কল্ড ষ্টেৰেজসমূহৰ সৈতে সংলগ্ন হৈ থকা বিক্রী কেন্দ্র অথবা শ্ব’ ৰুম ১২ বজাৰ পাছত খুলিব নোৱাৰিব৷ একেদৰে অহা ১৫ জুনলৈ বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী–বেচৰকাৰী কার্যালয়৷ চৰকাৰী অথবা অর্ধচৰকাৰী কার্যালয়সমূহত উপ–সচিব অথবা তাতোকৈ অধিক মর্যাদাৰ বিষয়াসকল উপস্থিত থাকিব পাৰিব৷ আনহাতে, পূর্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা পৰিবহণ৷

উল্লেখ্য যে ৰাজ্যত ক’ভিডৰ সংক্রমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পাছত ৰাজ্যত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷ চহৰাঞ্চল আৰু ইয়াৰ সংলগ্ন ৫ কিলোমিটাৰ ব্যাসার্ধলৈকে দিনৰ ১১ বজালৈ দোকান–পোহাৰ খোলাৰ অনুমতি প্রদান কৰাৰ লগতে দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন বলৱৎ কৰা হৈছিল৷

ইপিনে, গ্রামাঞ্চলসমূহত দিনৰ ১ বজালৈকে দোকান খোলাৰ অনুমতি প্রদান কৰাৰ লগতে দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ কৰা হৈছিল৷ নতুন এছ অ’ পি অনুসৰি গ্রামাঞ্চল আৰু চহৰ অঞ্চলসমূহত এতিয়াৰে পৰা সান্ধ্য আইন বলৱৎ আৰু দোকান–পোহাৰ খোলাৰ ক্ষেত্রত নাথাকিব পৃথক সময়৷ অহা ৬ জুনৰ পৰা কার্যকৰী হ’বলগীয়া নতুন এছ অ’ পি অনুসৰি চহৰ আৰু গ্রামাঞ্চলসমূহত দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ হ’ব৷

ইফালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ছুইগি, জমেট’, ফ্লিপ কার্ট আদিৰ দৰে ঘৰে ঘৰে সামগ্রী যোগান ধৰা সংস্থাসমূহৰ বিতৰকসকলৰ তিনিদিনৰ ভিতৰতে ক’ভিড টিকাকৰণ কার্যসূচীৰ দ্বাৰা সামৰি ল’বলৈ স্বাস্থ্য বিভাগক নির্দেশ দিয়ে৷

RELATED ARTICLES