peepl-small

নিউ জেএমবিৰ দুর্ধর্ষ সদস্য মজিবৰ আলীক গৌৰীপুৰত গ্রেপ্তাৰ

PUBLISHED:

গুৱাহাটী:  ক’ভিড বিভীষিকাৰ মাজতে ৰাজ্যত গোপনে অব্যাহত আছে জেহাদী কার্যকলাপ৷ অসমৰ চুকে–কোণে ইছলামিক সন্ত্রাসবাদৰ ঘাটি স্থাপন কৰিবলৈ অহৰহ তৎপৰতা চলাই আছে বিদেশী জেহাদী সংগঠনে৷ অসম আৰক্ষীৰ শেহতীয়া অভিযানত এই ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য যে অসম আৰক্ষীৰ বিশেষ শাখাই এটা কেন্দ্রীয় সংস্থাৰ সহযোগত অলপতে গ্রেপ্তাৰ কৰিছে বাংলাদেশস্থিত নিউ জামাত–উল–মুজাহিদীন বাংলাদেশৰ দুজন দুর্ধর্ষ সদস্যক৷ বিশেষ শাখাৰ খবৰৰ আধাৰত যোৱা ২১ এপ্রিলৰ নিশা অভিযান চলাই অসম আৰক্ষীয়ে ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তর্গত লাৰকুৰাৰ পৰা গ্রেপ্তাৰ কৰে মজিবৰ আলী ওৰফে গুণবৰ আলী নামৰ জেহাদী সংগঠনৰ সদস্যজনক৷ তেওঁৰ পৰা আৰক্ষীয়ে ৪টা মাৰণাস্ত্রৰ লগতে ১.০২ লাখ টকাৰ জালনোট উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত সন্ত্রাসবাদীজনৰ লগত আছিল সন্দেহজনক সোণৰ মুদ্রাও৷

মজিবৰ আলীক জেৰা আৰম্ভ কৰাৰ লগে লগে আন বহু বিস্ফোৰক তথ্যও এটা এটাকৈ পোহৰলৈ আহে৷ আৰক্ষীৰ জেৰাত তেওঁ নিউ জে এম বিৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰাৰ লগতে জানিবলৈ দিয়ে যে তেওঁৰ ভাতৃ ফৈজৰ আলীও দীর্ঘদিন ধৰি মালটা নামৰ ধর্মীয় উগ্রপন্থী সংগঠনটোৰ লগত জড়িত৷ মজিবৰ আলীৰ এই স্বীকাৰোক্তিৰ পাছতে আৰক্ষীয়ে ফৈজৰ আলীকো ২৩ এপ্রিলৰ নিশা কৰায়ত্ত কৰে৷ আৰক্ষীয়ে সদৰী কৰা মতে, ২০১৫ চনৰ পৰাই ধৃত ফৈজৰ আলীয়ে জামাত–উল–মুজাহিদীন্ হৈ কাম কৰি আহিছে৷ তেওঁ মূলতঃ ইছলামিক সন্ত্রসাবাদী সংগঠনটোত অসমৰ যুৱকক ভর্তি কৰোৱাৰ কাম কৰে৷ পশ্চিমবংগৰ বর্ধমান বিস্ফোৰণৰ পাছত ‘নিয়া’ই অনুসন্ধান চলাই যি সময়ত অসমৰ বহু জেহাদী সদস্যক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল, তেতিয়াৰ পৰাই ফৈজৰ আলীয়ে গোপনে জে এম বিক সহায় কৰি আহিছিল৷ তেওঁৰ জৰিয়তেই ভাতৃ মজিবৰ আলীও ইছলামিক সন্ত্রাসবাদী সংগঠনৰ লগত জড়িত হৈ পৰিছিল৷ ফৈজাৰতকৈ এখোপ আগুৱাই গৈ মজিবৰ আলীয়ে জে এম বিৰ আন বহু সদস্যৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল৷ এই বৈঠকত তেওঁলোকৰ সৈতে অস্ত্র–শস্ত্রও আছিল৷

জেহাদী কার্যকলাপৰ গোপন খবৰ লাভৰ পাছতে অসম আৰক্ষীয়ে অভিযান চলাই দুয়োজন দুর্ধর্ষ সদস্যক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ সমগ্র অভিযানটোৰ নেতৃত্ব দিয়ে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রই৷ ধৃত সন্ত্রাসবাদী দুজনক ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪২০/৪৮৯ (এ) ধাৰাৰ অধীনত ৬০৭/২১নং গোচৰত গ্রেপ্তাৰ কৰিছে৷ আৰক্ষীৰ মতে, অসমত জেহাদী সংগঠনসমূহে নিজৰ কার্যকলাপেৰে সংগঠন বিস্তাৰৰ লগতে ইয়াত সামাজিক আৰু অর্থনৈতিক অস্থিৰতা সৃষ্টিৰ চক্রান্ত কৰিছে৷ ইয়াৰ বাবে মূলতঃ অসমৰ সীমামূৰীয়া অঞ্চলসমূহকে বাছি লৈছে৷ সীমান্ত অঞ্চলত বাহৰ পাতি জে এম বিয়ে বাংলাদেশৰ পৰা অসমলৈ অস্ত্র–শস্ত্রৰ লগতে জালনোট সৰবৰাহৰ কামতো লিপ্ত হৈছে৷ কেন্দ্রীয় সংস্থাৰ সহযোগত অসম আৰক্ষীয়ে এনে কেইবাটাও স্পর্শকাতৰ অঞ্চল চিনাক্ত কৰিছে আৰু তাৰ পৰা জেহাদী কার্যকলাপ সম্পূর্ণৰূপে উৎখাত কৰিবলৈ বৃহৎ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে৷ লগতে কোনো অঞ্চলত দেশবিৰোধী কার্যকলাপ চলি থাকিলে মুছলমান সংগঠনসমূহক শীঘ্রে আৰক্ষীক অৱগত কৰিবলৈও আহ্বান জনাইছে৷ আজি এখন সংবাদ মেলত সমগ্র অভিযানৰ বিষয়ে সদৰী কৰে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷

নির্বাচন আয়োগৰ নির্দেশনা কঠোৰভাৱে বলৱৎ কৰাৰ নির্দেশ ডিজিপিৰ

ভোটগণনাৰ দিনটোত যাতে নির্বাচন আয়োগে জাৰি কৰা নির্দেশনাসমূহ আখৰে আখৰে বলৱৎ হয় তাৰ বাবে কঠোৰ দৃষ্টি ৰাখিব অসম আৰক্ষীয়ে৷ এই সন্দর্ভত আজি ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই শীর্ষ আৰক্ষী বিষয়াসকলৰ সৈতে এখন জৰুৰী বৈঠকত মিলিত হয়৷ ভিডি’ কনফাৰেন্সযোগে অনুষ্ঠিত বৈঠকখনত বিভিন্ন সংমণ্ডলৰ ডিআইজি, এছএছপি, এছপি আৰু এছডিপি’সকল উপস্থিত থাকে৷ এই বৈঠকত আৰক্ষী সঞ্চালকপ্রধানগৰা ভোটগণনাৰ সময়ছোৱাত নির্বাচন আয়োগৰ প্রতিটো নির্দেশনা সঠিকভাৱে বলৱৎ কৰিবলৈ আৰক্ষী বিষয়াসকলক নির্দেশ দিয়ে৷ লগতে নির্বাচন আয়োগৰ নির্দেশনা মানি চলিবলৈ অসম আৰক্ষীয়ে প্রতিটো ৰাজনৈতিক দল, নির্বাচনী প্রক্রিয়াৰ লগত জড়িত ব্যক্তি আৰু ৰাজ্যৰ জনসাধাৰণক আহ্বান জনাইছে৷ ইফালে, ভোট গণনাৰ পৰিপ্রেক্ষিতত ৰাজ্যত অহা ২ আৰু ৩ মে’ৰ দিন দুটা অসম চৰকাৰে ড্রাই ডে’ হিচাপে ঘোষণা কৰিছে৷ আবকাৰী বিভাগে আজি এই সন্দর্ভত সকলো জিলাৰ উপায়ুক্ত আৰু মহকুমাধিপতিসকল লগতে জিলাসমূহৰ আবকাৰী অধীক্ষকলৈ নির্দেশনা প্রেৰণ কৰিছে৷ অৱশ্যে এই নির্দেশনাত উল্লেখ কৰা মতে যিকেইখন জিলাত ইয়াৰ অন্তর্গত সকলো বিধানসভা সমষ্টিৰ ভোট গণনা তথা নির্বাচনী ফলাফল ঘোষণা প্রক্রিয়া অহা ৩ মে’ৰ আগবেলা ১১ বজাৰ পূর্বেই সম্পূর্ণ হ’ব, সেই জিলাসমূহত ৩ মে’ৰ দিনা ড্রাই ডে’ৰ নির্দেশনা প্রযোজ্য নহ’ব৷

ডিজিপিৰ সকীয়নিঃ অ’ এন জি চিৰ

কর্মচাৰী অপহৰণত জড়িত কোনেও ৰেহাই নাপাব

অ’ এন জি চিৰ ৩গৰাকী কর্মচাৰীক অপহৰণ সংক্রান্তত অসম আৰক্ষীয়ে এতিয়ালৈকে ৩জনকৈ ব্যক্তিক গ্রেপ্তাৰ কৰিছে৷ এই আটাইকেইজন ব্যক্তি বিভিন্ন ধাৰণ অপহৰণ কাণ্ডৰ লগত জড়িত৷ গ্রেপ্তাৰ হোৱাকেইজনৰ ভিতৰত এগৰাকী আৰক্ষী বাহিনীৰ লোকো আছে৷ অপহৰণৰ ঘটনাৰ লগত প্রত্যক্ষ বা পৰোক্ষভাৱে জড়িত কোনোৱে ৰেহাই নাপাব বুলি সকীয়নি দি আৰক্ষী সঞ্চালকপ্রধানগৰা কয় যে আৰক্ষীৰ অনুসন্ধানত এতিয়ালৈকে এগৰাকী আৰক্ষী অপহৰণৰ লগত জড়িত থৰাৰ কথা প্রকাশ পাইছে৷ ইয়াৰ বাহিৰেও এই ঘটনাত জড়িত কোনো লোককে ৰেহাই দিয়া নহ’ব৷ সকলোৰে বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ তদুপৰি বসন্ত বুঢ়াগোহাঁইৰ গ্রেপ্তাৰে এই ঘটনাটো সংক্রান্তত আৰু বহু তথ্য পোহৰলৈ আনিব৷ একে সময়তে বর্তমানেও আলফাৰ জিন্মাত থকা লোকজনক উদ্ধাৰ কৰিবলৈ অসম আৰক্ষীয়ে সকলো ধৰণৰ কৌশল প্রয়োগ কৰিব বুলিও সঞ্চালকপ্রধানগৰা সদৰী কৰে৷

RELATED ARTICLES