peepl-small

নীপকোই এৰিলে ৰঙানদী প্রকল্পৰ পানী; য়াশৰ প্রভাৱত প্রবল বৰষুণ

PUBLISHED:

গুৱাহাটীঃ বুধবাৰে নিশাৰ পৰা আৰম্ভ হোৱা সামুদ্রিক ধুমুহা ‘য়াশ’ৰ প্রভাৱত অসমতো হয় মুষলধাৰ বৰষুণ৷ অসমৰ লগতে চুবুৰীয়া অৰুণাচলতো পৰে বৰষুণৰ প্রভাৱ৷ যাৰ বাবে উপচি পৰে অৰুণাচলত থকা ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ জলধাৰাৰ পানী৷ জলাধাৰাত পানীৰ চাপ অত্যধিক হোৱা বাবে সুৰক্ষা বান্ধ ভগাৰ আশংকা কৰি নীপকোৱে প্রকল্পৰ এই অতিৰিক্ত জলৰাখি এৰি দিয়াৰ সিদ্ধান্ত লয়৷

সেইমর্মে বৃহস্পতিবাৰে পুৱা দহ বজাতে ৰঙানদী প্রকল্পৰ পানী এৰি দিয়া হ’ব পাৰে বুলি নীপকোৱে লখিমপুৰৰ জিলা প্রশাসনলৈ এক সতর্ক বার্তা প্রেৰণ কৰে৷ এই বার্তা প্রেৰণৰ কুৰি মিনিটমানৰ পাছতে নীপকোৱে প্রকল্পৰ দুই নং গেট খুলি দি ছেকেণ্ডত দুশ ঘনমিটাৰকৈ পানী এৰি দিয়ে৷ পৰৱর্তী সময়ত দুপৰীয়া ১২ বজালৈ ইয়াৰ পৰিমাণ বৃদ্ধি কৰি ১৫শ ঘনমিটাৰ কৰে৷ ফলত ফেনে–ফোটোকাৰে ওফন্দি পৰিছে ৰঙানদীৰ জলপৃষ্ঠ৷ বৃদ্ধি পাইছে সোঁতৰ তীব্রতা৷ এই লৈ লখিমপুৰত ৰাইজৰ মাজত আশংকা বিয়পিছে৷ নীপকোৱে পানী এৰাৰ ফলত ৰঙানদীয়ে সংহাৰ মূর্তি ধাৰণ কৰি লখিমপুৰত প্রলয়ৰ সূচনা কৰিব পাৰে বুলি ৰাইজ আতংকিত হৈ পৰিছে৷

উল্লেখ্য যে য়াশৰ প্রভাৱত ৰঙানদী আৰু সোৱণশিৰি প্রকল্পৰ জলাধাৰাত পানীৰ চাপ বৃদ্ধি হয় আৰু জলাধাৰাৰ সুৰক্ষাৰ স্বার্থতে প্রকল্পৰ পানী এৰি দিয়া হ’ব পাৰে আৰু তাৰ ফলত লখিমপুৰত এক অবর্ণনীয় পৰিৱেশ সৃষ্টি হ’ব পাৰে বুলি দুদিন পূর্বেই ‘নিয়মীয়া বার্তা’ত এক বাতৰি প্রকাশ পাইছিল৷ আজি উক্ত বাতৰিৰ আশংকাক সত্যত পৰিণত কৰি নীপকোৱে ৰঙা নদীত প্রকল্পৰ পানী এৰি দিয়ে৷

RELATED ARTICLES