peepl-small

নৌসেনাই লাভ কৰিব ৬ অত্যাধুনিক ছাবমেৰিন

PUBLISHED:

গুৱাহাটীঃ  ভাৰতীয় নৌসেনাৰ বাবে ৬খন উচ্চ প্রযুক্তিৰ ছাবমেৰিন ক্রয়ৰ এক প্রস্তাৱত অনুমোদন জনাইছে ডিফেঞ্চ একুইজিচন কাউঞ্চিল (ডিএচি)–এ৷ নৌসেনাৰ তৰফৰ পৰা প্রকল্প ৭৫এলৰ অধীনত এই ছাবমেৰিন ৬খন ক্রয়ৰ বাবে প্রস্তাৱ আগবঢ়োৱা হৈছিল৷ ৪৫ হাজাৰ কোটিতকৈ অধিক টকা ব্যয় হ’ব এই ছাবমেৰিন ক্রয়ত৷ লক্ষণীয়ভাৱে ভাৰতৰ দুটা কোম্পানীৰ লগতে বিদেশৰ ৫টা ছাবমেৰিন কোম্পানী যৌথভাৱে এই ছাবমেৰিনকেইখন প্রস্তুত কৰিব বুলি আজি কেন্দ্রীয় চৰকাৰে ঘোষণা কৰিছে৷

ডি এ চিৰ এক গুৰুত্বপূর্ণ বৈঠকত আজি নৌসেনাৰ এই প্রস্তাৱৰ প্রতি সঁহাৰি জনোৱা হয়৷ ডি এ চিৰ বৈঠকত উপস্থিত থাকে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং৷ লক্ষণীয়ভাৱে ভাৰতীয় প্রযুক্তিয়ে এই ছাবমেৰিন নির্মাণৰ ক্ষেত্রত অধিক গুৰুত্ব লাভ কৰিব৷ গতিকে ভাৰতৰ ঘৰুৱা প্রযুক্তিৰেই ছাবমেৰিনকেইখন নির্মাণ কৰা হ’ব বুলি ঘোষণা কৰিছে প্রতিৰক্ষা মন্ত্রী সিঙে৷

নৌসেনাৰ ছাবমেৰিন ক্রয়ৰ প্রস্তাৱ সন্দর্ভত সবিশেষ তথ্য ইতিমধ্যে মাজাগাঁও ডক আৰু ব্যক্তিগত কোম্পানী লার্চেন এণ্ড টুব্র’ক জনাই দিয়া হৈছে৷ স্মর্তব্য যে ১৯৯৯ চনৰ পৰা ২০০৭লৈকে নৌসেনাৰ বাবে ছাবমেৰিন তথা উচ্চপ্রযুক্তিৰ ৰণতৰী আদি নির্মাণৰ প্রস্তাৱ ডি এ চি লৈ আহিছিল৷ এইক্ষেত্রত চৰকাৰে গুৰুত্ব প্রদান কৰি অহাৰ উপৰি ঘৰুৱা নির্মাণ কোম্পানীসমূহক সামৰিক ক্ষেত্রত অধিক সহযোগিতা আগবঢ়াবলৈ অনুপ্রাণিত কৰি আহিছে৷ নৌসেনাৰ বর্তমানলৈ ১২খন ছাবমেৰিন আছে৷ ইয়াৰ উপৰি দুখন পৰমাণু ছাবমেৰিনো আছে নৌসেনাৰ হাতত৷ এই পৰমাণু ছাবমেৰিন দুখন হৈছে আই এন এছ অৰিহণ্ট আৰু আই এন এছ চক্র৷

RELATED ARTICLES