peepl-small

মানকাচৰত ধৃত ভাৰতীয় জালনোটসহ বাংলাদেশৰ যুৱক

PUBLISHED:

গুৱাহাটী: মানকাচৰৰ পৰা ২০ কিলোমিটাৰ নিলগৰ বাংলাদেশ সীমান্তৰ সঞ্জয় সাধু সীমান্তৰক্ষী ছাউনীৰ ওচৰৰ মণ্ডলপাৰাৰ পৰা ভাৰতীয় জালনোটসহ এজন বাংলাদেশী যুৱকক আটক কৰে সীমান্তৰক্ষী বাহিনীয়ে৷ সীমান্তৰক্ষী বাহিনীৰ দুর্বল নিৰাপত্তা ব্যৱস্থাৰ সুযোগ লৈ বাংলাদেশৰ কুৰিগ্রাম জিলাৰ ৰৌমাৰী থানাৰ অন্তর্গত দাঁতভাংগা (ছাটকৰাইবাৰী) গাঁৱৰ আবু বক্কৰৰ পুত্র মহম্মদ ৰাছিদুল ইছলামে ভাৰতভূমিত প্রৱেশ কৰিছিল৷ পাছত বি এছ এফৰ জোৱানে বিশেষ সূত্রৰ পম খেদি বাংলাদেশী নাগৰিকজনক মানকাচৰৰ পৰা ২০ কিলোমিটাৰ নিলগৰ সঞ্জয় সাধু বি এছ এফ ছাউনীৰ ওচৰৰ মণ্ডলপাৰাৰ পৰা আটক কৰে৷ বাংলাদেশী নাগৰিকজনৰ পৰা বি এছ এফে ১৯ হাজাৰ টকাৰ ভাৰতীয় জালনোট জব্দ কৰে৷ বি এছ এফে গ্রেপ্তাৰ কৰা বাংলাদেশী নাগৰিকজনক আজি জালনোটসহ মানকাচৰ আৰক্ষী থানাত চমজাই দিয়ে৷

RELATED ARTICLES