peepl-small

বেদখল চাবলৈ যোৱা বিধায়ক ৰূপজ্যোতি–সাংবাদিকলৈ নগাৰ ধাৰাসাৰ গুলী

PUBLISHED:

গুৱাহাটীঃ অসম ভূমিত বেদখলকাৰী নগা দুষৃকতিকাৰীয়ে বিধায়ক ৰূপজ্যোতি কুর্মীসহ সাংবাদিকৰ দললৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাক কেন্দ্র কৰি মৰিয়নি অঞ্চলত তীব্র চাঞ্চল্য সৃষ্টি হৈছে৷ অসম–নাগালেণ্ড সীমান্তৱর্তী দিছৈ ভেলী সংৰক্ষিত অঞ্চলত আজি এই ঘটনা সংঘটিত হয়৷ উল্লেখ্য যে মৰিয়নি বনাঞ্চলিক বিষয়া আৰু সোণোৱাল খণ্ড বন বিষয়াৰ কার্যালয়ৰ অন্তর্গত দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ মাটিত নগাই দীর্ঘদিন ধৰি বেদখল চলাই আহিছে৷ বুধবাৰে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ এটা বৃহৎ দল উক্ত বেদখল চাবলৈ গৈছিল যদিও ৰহস্যজনকভাৱে কিছুদূৰ গৈয়েই উভতি আহিছিল৷

বৃহস্পতিবাৰে উক্ত বেদখল চাবলৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীৰ লগতে নিউ সোণোৱাল খণ্ড বন বিষয়া কার্যালয়ৰ খণ্ড বন বিষয়া নৱজ্যোতি বৰা, স্থানীয় এশাংশ লোক আৰু সাংবাদিকৰ এটা দল গৈছিল৷ বিধায়ক কুর্মীৰ দুই দেহৰক্ষীৰ লগতে নিউ সোণোৱালৰ অসম আৰক্ষী বেটেলিয়নৰ ছয়জন জোৱানো দলটোৰ সৈতে আছিল৷ বনগাঁৱৰ সমীপৰ বালিজান পাহাৰত নগাই কেইবাটাও টিলা মুকলি কৰি ঘৰ সজাৰ লগতে তামোলকে ধৰি বিভিন্ন খেতি কৰিছে৷ বিধায়ক কুর্মীসহ অসমৰ দলটো উক্ত স্থান পোৱাৰ কিছু সময়ৰ পাছতেই নাতিদূৰৈত গুলীৰ শব্দ শুনা পায়৷ নগা দুষৃকতিকাৰীয়ে অসমৰ দলটোলৈ লক্ষ্য কৰি প্রথমে এজাঁই গুলী ফুটায়৷ লগে লগে বিধায়ক কুর্মীসহ দলটো পিছুৱাই আহে৷ কিন্তু তাৰ কিছু সময়ৰ পাছতেই অসমৰ দলটোলৈ লক্ষ্য কৰি নগাই ধাৰাসাৰ গুলীবর্ষণ কৰে৷ বিধায়ক কুর্মীসহ দলটোৱে প্রাণ লৈ তাৰ পৰা আগত অহাৰ চেষ্টা কৰে যদিও বিধায়ক কুর্মীৰ লগতে কেইবাজনো সংবাদকর্মী আবদ্ধ হৈ পৰে৷

সেই সময়ত নিউ সোণোৱাল বি অ’ পিৰ অসম আৰক্ষী বেটেলিয়নৰ জোৱানে নগাৰ দলটোলৈ লক্ষ্য কৰি গুলীৰে প্রত্যুত্তৰ দিয়ে৷ দুয়োপক্ষৰ মাজত কিছু সময় গুলীয়াগুলী চলে৷ তাৰ মাজতেই বেটেলিয়ন জোৱানে আবদ্ধ হৈ পৰা বিধায়ক কুর্মী আৰু সংবাদকর্মীকেইজন নিৰাপদ দূৰত্বলৈ লৈ আনে৷ পাছত অসমৰ দলটোৰ আটাইকেইজন আহি বনগাঁৱৰ সমীপৰ নিউ সোণোৱাল–খেৰেমীয়া গড়কাপ্টানী পথত উপস্থিত হয়হি৷ লক্ষণীয় যে গুলীয়াগুলীৰ মাজতেই দলটোৰ অসমৰ কেইজনমান পাহাৰৰ ওপৰৰ পৰা জঁপিয়াই হাবিয়ে হাবিয়ে আহি গডকাপ্ঢানী পথটোত উপস্থিত হয়৷ ঘটনাস্থলীৰ পৰা পথলৈ দূৰত্ব প্রায় তিনি কিলোমিটাৰ হ’ব৷ সৌভাগ্যক্রমে এই গুলীচালনাৰ ঘটনাত অসমৰ কোনো লোক হতাহত নহ’ল ৷ অৱশ্যে দৌৰি পলায়ন কৰোঁতে সংবাদকর্মী ৰঞ্জিত বৰা (জিতু), দীপাংকৰ বাৰুৱতী আৰু জয় নাৰায়ণ ৰয়ৰ লগতে স্থানীয় এজন ব্যক্তিও গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷ পাছত দীপাংকৰ বাৰুৱতী আৰু জয় নাৰায়ণ ৰয়ক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

RELATED ARTICLES