peepl-small

ৰাজ্য চৰকাৰে ক্রয় কৰক নগাঁও–কাছাৰ কাগজ কল: প্রদ্যুৎ বৰদলৈ

PUBLISHED:

গুৱাহাটী: কেৰালা চৰকাৰে ২০২০ চনত কেন্দ্রীয় চৰকাৰৰ অধীনৰ ৰাজহুৱা খণ্ডৰ হিন্দুস্তান নিউজ প্রিণ্ট লিমিটেডক বিনিয়োগৰ পৰা বচাবৰ বাবে উদ্যোগটো নিজে ক্রয় কৰাৰ সিদ্ধান্ত গ্রহণৰ দৰে অসম চৰকাৰকো নগাঁও আৰু কাছাৰ কাগজ কল দুটা ক্রয়ৰ পৰামর্শ দিছে নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে৷ এই সম্পর্কত সাংসদ বৰদলৈয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক এক পত্রত সেই পৰামর্শ আগবঢ়াই কয় যে চৰকাৰী লিকুইডেটৰৰ ফ্ল’ৰ মূল্যত অসম চৰকাৰে কাগজ কল দুটা নিজে অধিগ্রহণ কৰি লওক৷

সেইদৰে অতি কম পৰিসৰৰ মাটিত বহুৱাব পৰা অত্যাধুনিক আৰু নিপুণ যন্ত্রপাতি আনি আজিৰ যুগৰ চাহিদা থকা কাগজ উৎপাদন কৰা, আমোলাতান্ত্রিক মেনেজমেণ্টৰ সলনি ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্ব গ্রহণ কৰি প্রফেছনেল মেনেজমেণ্ট ব্যৱস্থা প্রৱর্তন আৰু কাগজ কলৰ পৰিসীমাত অব্যৱহূত হৈ থকা, ৰাহি হোৱা আৰু আশে–পাশে থকা অতিৰিক্ত, উদ্বৃত্ত মাটি একলগ কৰি গুৱাহাটীৰ সমীপৱর্তী আৰু ফ’ৰলেনকে আদি কৰি সুন্দৰ যোগাযোগ ব্যৱস্থাৰে সংযুক্ত জাগীৰোডৰ দৰে ঠাইত কেৱল ক্ষুদ্র পৰিসৰৰ উদ্যোগৰ বাবে এক নতুন ঔদ্যোগিক জ’ন গঢ়ি তোলাৰ পৰামর্শ আগবঢ়ায়৷

নগাঁও–কাছাৰ কাগজ কল নিলামৰ বিৰোধিতা কৃষক মুক্তিৰ

হিন্দুস্তান কাগজ নিগমৰ অধীনত জাগীৰোডৰ নগাঁও কাগজ কল আৰু কাছাৰৰ পাঁচগ্রাম কাগজ কলৰ নিলামৰ বাবে লিকিউডেটৰ কুলদ্বীপ বার্মাই নিবিদা সংগ্রহৰ জাননী প্রকাশ কৰা কার্যৰ বিৰোধিতা কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে৷ বিজেপি দল আৰু কেন্দ্রীয় তথা ৰাজ্য চৰকাৰে বাৰম্বাৰ পুনৰুজ্জীৱিত কৰাৰ প্রতিশ্রুতি প্রদান কৰাৰ পাছতো কাগজ কল দুটাৰ নিলামৰ নিবিদা সংগ্রহ প্রক্রিয়াক বিজেপিৰ ওলোটা খৰ আখ্যা দিয়ে কৃষক মুক্তিয়ে৷ আজি এটা প্রেছ বিবৃতিৰ জৰিয়তে কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ৰাজু বৰা, সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ আৰু মুকুট ডেকাই কয় যে কাগজ কল দুটাৰ কর্মচাৰীসকলৰ মর্মবেদনা চৰকাৰে উপলব্ধি কৰিব নোৱাৰাটো দুর্ভাগ্যজনক৷ যোৱা নির্বাচনৰ প্রাক্মুহূর্তত কাগজ কল দুটাক পুনৰুজ্জীৱিত কৰাৰ প্রতিশ্রুতি প্রদান কৰি অমিত শ্বাহে অসমবাসীক পুনৰ প্রতাৰণা কৰে৷

RELATED ARTICLES