peepl-small

৪৮সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে এন ভি ৰমানাই

PUBLISHED:

গুৱাহাটী: দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে আজি ন্যায়াধীশ এন ভি ৰমানাই শপত লয়। ৰাষ্ট্ৰপতি ভৱনত এন ভি ৰমানাক শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। শপত গ্ৰহণ সমাৰোহত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

৪৮ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা নুথালাপতি ভেংকট ৰমানা ১৯৫৭ চনৰ ২৭ আগষ্টত অন্ধ্ৰপ্ৰদেশৰ পোন্নাভাৰাম গাঁৱত জন্মগ্ৰহণ কৰিছিল ।

ৰমানা বিজ্ঞান আৰু আইন শাস্ত্ৰৰ স্নাতক ডিগ্ৰী লাভ কৰা তেওঁৰ পৰিয়ালৰ প্ৰথমগৰাকী অধিবক্তা আছিল । সংবিধান, শ্ৰম, সেৱা, আন্তঃৰাজ্যিক নদী বিবাদ আৰু নিৰ্বাচন সম্পৰ্কীয় বিষয়ৰ উপৰিও অসামৰিক আৰু অপৰাধজনিত বিষয়ৰ ক্ষেত্ৰতো তেওঁৰ দক্ষতা আছে । তেওঁক ২০০০ চনৰ ২৭ জুনত অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল ।

২০১৩ৰ ১০ মাৰ্চৰ পৰা ২০ মে’লৈ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশ হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল ।২০১৩ চনৰ ছেপ্টেম্বৰ মাহত ন্যায়াধীশ ৰমানাক দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপেও নিযুক্তি দিয়া হৈছিল । ২০১৪ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰিছিল । তেওঁ বেংগালুৰৰ নেশ্যনেল ল’ স্কুল অৱ ইণ্ডিয়া বিশ্ববিদ্যালয়ৰ সাধাৰণ পৰিষদৰ সদস্য ৷ ন্যায়াধীশ ৰমানাই অন্ধ্ৰপ্ৰদেশ ন্যায়িক একাডেমীৰ সভাপতি হৈ থকা সময়ত ভাৰতীয় আইন ব্যৱস্থাৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল ।

RELATED ARTICLES