peepl-small

তৃতীয় পর্যায়ৰ নির্বাচনৰ ৪০ সমষ্টিৰ ১৮টাতে মুছলমান ভোটাৰৰ আধিপত্য

PUBLISHED:

গুৱাহাটীঃ অহা ৬ এপ্রিলত ভোটগ্রহণ হ’বলগীয়া তৃতীয় পর্যায়ৰ নির্বাচনৰ ৪০টা সমষ্টিৰ ভিতৰত জনবিন্যাস অনুসৰি ১৮টা সমষ্টিত মুছলমান, ৫টা সমষ্টিত জনজাতি, ৭টা সমষ্টিত জনজাতি–মুছলমানৰ্ আধিপত্য আছে৷ সেইদৰে এটা সমষ্টিত হিন্দু আৰু মুছলমান ভোটাৰে আৰু এটা সমষ্টিত জনজাতি আৰু অসমীয়া হিন্দুৰ ভোটৰ ওপৰতেই প্রার্থীৰ জয়–পৰাজয় নির্ণয় কৰিব৷ জনবিন্যাস অনুযায়ী তৃতীয় পর্যায়ত মাত্র ৮টা সমষ্টিতহে অসমীয়া হিন্দু নির্ণায়ক হিচাপে আছে৷

মুছলমান ভোটাৰৰ আধিপত্য থকা ১৮টা সমষ্টি হৈছে– দক্ষিণ শালমাৰা (৯৮ শতাংশ), বাঘবৰ (৯৫ শতাংশ), জনিয়া (৯২ শতাংশ), মানকাচৰ (৮৯ শতাংশ), জলেশ্বৰ (৮২ শতাংশ), চেঙা (৭৬ শতাংশ), বিলাসীপাৰা পশ্চিম (৭৪ শতাংশ), ধুবুৰী (৬৫ শতাংশ) গোৱালপাৰা পশ্চিম (৫৫ শতাংশ), গৌৰীপুৰ (৫২ শতাংশ), অভয়াপুৰী উত্তৰ (৫১ শতাংশ), বৰপেটা (৫০ শতাংশ), সৰুক্ষেত্রী (৫০ শতাংশ), বিলাসীপাৰা পূব (৪৯ শতাংশ), গোলকগঞ্জ (৪৫ শতাংশ), অভয়াপুৰী দক্ষিণ (৪৫ শতাংশ), বকো (৪৪ শতাংশ) আৰু বৰক্ষেত্রী (৪৪ শতাংশ)৷ সেইদৰে ৫টা সমষ্টিত জনজাতি ভোটাৰৰ আধিপত্য আছে৷

এই সমষ্টিকেইটা হৈছে– দুধনৈ (৫৯ শতাংশ), কোকৰাঝাৰ পূব (৫৩ শতাংশ), চিদলী (৫২ শতাংশ), চাপাগুৰি (৪৮ শতাংশ) আৰু তামুলপুৰ (৪১ শতাংশ)৷ একেদৰে জনজাতি আৰু মুছলমান ভোটাৰ নির্ণায়ক স্থানত থকা ৭টা সমষ্টি হৈছে– গোসাঁইগাঁও, কোকৰাঝাৰ পশ্চিম, বিজনী, গোৱালপাৰা পূব, সৰভোগ, ভৱানীপুৰ আৰু ছয়গাঁও৷ গোসাঁইগাঁও সমষ্টিত ২৯ শতাংশ জনজাতি আৰু ২৫ শতাংশ মুছলমান ভোটাৰ আছে৷ সমষ্টিটোত ১৮ শতাংশ বঙালী, ৩ শতাংশ অসমীয়া হিন্দু, ১৬ শতাংশ চাহ জনজাতি, ২ শতাংশ অ’ বি চি আৰু ২ শতাংশ অন্যান্য ভোটাৰ আছে৷ কোকৰাঝাৰ পশ্চিম সমষ্টিত ৩৩ শতাংশ জনজাতি আৰু ২৭ শতাংশ মুছলমান ভোটাৰ আছে৷ এই সমষ্টিটোত অন্যান্য ভোটাৰৰ জনবিন্যাস এনেধৰণৰ– বাঙালী হিন্দু ২১ শতাংশ, অসমীয়া হিন্দু ৭ শতাংশ, চাহ জনগোষ্ঠী ৭ শতাংশ, অ’ বি চি আৰু অন্যান্য ৫ শতাংশ৷

বিজনী সমষ্টিত ৩৪ শতাংশ জনজাতি আৰু ১৭ শতাংশ মুছলমান ভোটাৰ আছে৷ ইয়াৰ বিপৰীতে বাঙালী হিন্দু ১৮ শতাংশ, অসমীয়া হিন্দু ১৫ শতাংশ, অ’ বি চি ১৪ শতাংশ আৰু অন্যান্য ২ শতাংশ ভোটাৰ আছে৷ গোৱালপাৰা পূব সমষ্টিত মুছলমান ৩৫ শতাংশ, ভৈয়াম জনজাতি ১৪ শতাংশ, পার্বত্য জনজাতি ১৫ শতাংশ ভোটাৰ আছে৷ সমষ্টিটোত অসমীয়া হিন্দু ৯ শতাংশ, বাঙালী হিন্দু ৯ শতাংশ, অ’ বি চি ১৫ শতাংশ আৰু অন্যান্য ৩ শতাংশ৷ সৰভোগ সমষ্টিত মুছলমান ৩৬ শতাংশ, জনজাতি ১০ শতাংশ ভোটাৰ আছে৷ সমষ্টিটোত ২৫ শতাংশ বাঙালী হিন্দু, ২০ শতাংশ অসমীয়া হিন্দু, ৭ শতাংশ অ’ বি চি আৰু ২ শতাংশ অন্যান্য ভোটাৰ আছে৷ ভৱানীপুৰ সমষ্টিত মুছলমান ২৭ শতাংশ, জনজাতি ২৩ শতাংশ ভোটাৰ আছে৷ ইয়াৰ বিপৰীতে সমষ্টিটোত ২১ শতাংশ অসমীয়া হিন্দু, ৫ শতাংশ বাঙালী হিন্দু, ২৩ শতাংশ অ’ বি চি আৰু ২ শতাংশ অন্যান্য ভোটাৰ আছে৷

একেদৰে ছয়গাঁও সমষ্টিত ৩৯ শতাংশ মুছলমান, ভৈয়াম জনজাতি ২৫ শতাংশ আৰু পার্বত্য জনজাতি ৫ শতাংশ ভোটাৰ আছে৷ সমষ্টিটোত অন্যান্য জনগোষ্ঠীয় ভোটাৰৰ হাৰ এনেধৰণৰ– অসমীয়া হিন্দু ২৭ শতাংশ, বাঙালী হিন্দু ২ শতাংশ, অ’ বি চি ১১ শতাংশ আৰু অন্যান্য ১ শতাংশ৷ আনহাতে, হাজো সমষ্টিত অসমীয়া হিন্দু ৪৯ শতাংশ আৰু মুছলমান ৪০ শতাংশ ভোটাৰ আছে৷ সেইদৰে বৰমা সমষ্টিত ৩৫ শতাংশ জনজাতি আৰু ৩১ শতাংশ অসমীয়া হিন্দু ভোটাৰ আছে৷ সমষ্টিটোত অন্যান্য জনগোষ্ঠীৰ ভোটাৰৰ হাৰ এনেধৰণৰ– অ’ বি চি ২২ শতাংশ, মুছলমান ৭ শতাংশ, নেপালী ৩ শতাংশ আৰু অন্যান্য ২ শতাংশ৷

মন কৰিবলগীয়া এয়ে যে তৃতীয় পর্যায়ৰ ৪০টা সমষ্টিৰ ভিতৰত বঙাইগাঁও, পাটাছাৰকুছি, পলাশবাৰী, জালুকবাৰী, দিছপুৰ, গুৱাহাটী পূব, গুৱাহাটী পশ্চিম আৰু ধর্মপুৰ সমষ্টিতহে অসমীয়া হিন্দু ভোটাৰ নির্ণায়ক স্থানত আছে৷ বঙাইগাঁও সমষ্টিত ২৮ শতাংশ অ’ বি চি, ২০ শতাংশ অসমীয়া হিন্দু, ২৩ শতাংশ বাঙালী হিন্দু, ১১ শতাংশ জনজাতি, ১১ শতাংশ মুছলমান, ৫ শতাংশ হিন্দীভাষী আৰু ২ শতাংশ অন্যান্য ভোটাৰ আছে৷ পাটাছাৰকুছি সমষ্টিত ৭১ শতাংশ অসমীয়া হিন্দু, ২ শতাংশ বাঙালী হিন্দু, ১৫ শতাংশ অ’ বি চি, ৫ শতাংশ জনজাতি, ৪ শতাংশ মুছলমান আৰু ৩ শতাংশ অন্যান্য ভোটাৰ আছে৷ পলাশবাৰী সমষ্টিত ৪০ শতাংশ অসমীয়া হিন্দু, ৩০ শতাংশ অ’ বি চি, ৯ শতাংশ জনজাতি, ১১ শতাংশ মুছলমান, ৭ শতাংশ অনুসূচিত জাতি আৰু ৩ শতাংশ অন্যান্য ভোটাৰ আছে৷

জালুকবাৰী সমষ্টিত ৪৬ শতাংশ অসমীয়া হিন্দু, ১৮ শতাংশ বাঙালী হিন্দু, ১৩ শতাংশ অ’ বি চি, ১৫ শতাংশ মুছলমান, ৩ শতাংশ অনুসূচিত জাতি, ৩ শতাংশ জনজাতি আৰু ২ শতাংশ অন্যান্য ভোটাৰ আছে৷ দিছপুৰ সমষ্টিত ৩২ শতাংশ অসমীয়া হিন্দু, ১৭ শতাংশ বাঙালী হিন্দু, ২০ শতাংশ অ’ বি চি, ৭ শতাংশ মুছলমান, ১৫ শতাংশ জনজাতি, ৩ শতাংশ অনুসূচিত জাতি আৰু ৬ শতাংশ অন্যান্য ভোটাৰ আছে৷ গুৱাহাটী পূব সমষ্টিত ৪১ শতাংশ অসমীয়া হিন্দু, ১৯ শতাংশ বাঙালী হিন্দু, ১১ শতাংশ অ’ বি চি, ৯ শতাংশ মুছলমান, ১২ শতাংশ হিন্দীভাষী, ৩ শতাংশ জনজাতি, ৩ শতাংশ অনুসূচিত জাতি আৰু ২ শতাংশ অন্যান্য ভোটাৰ আছে৷ গুৱাহাটী পশ্চিম সমষ্টিত ৩৭ শতাংশ অসমীয়া হিন্দু, ২১ শতাংশ বাঙালী হিন্দু, ১৪ শতাংশ অ’ বি চি, ১০ শতাংশ জনজাতি, ৯ শতাংশ মুছলমান, ৫ শতাংশ হিন্দীভাষী আৰু অন্যান্য ৪ শতাংশ ভোটাৰ আছে৷ ধর্মপুৰ সমষ্টিত ৪৬ শতাংশ অসমীয়া হিন্দু, ২৯ শতাংশ অ’ বি চি, ১৭ শতাংশ মুছলমান, ৬ শতাংশ অনুসূচিত জাতি আৰু ২ শতাংশ অন্যান্য ভোটাৰ আছে৷

RELATED ARTICLES