peepl-small

নগাঁৱত ভাগিনীয়েকৰ ঘোচাত প্রাণ হেৰুৱালে মোমায়েকে

PUBLISHED:

গুৱাহাটী: নগাঁৱত চাঞ্চল্যকৰ এক ঘটনা সংঘটিত হৈছে৷ ভাগিনৰ ঘোচাত প্রাণ গ’ল মোমায়েকৰ৷ নগাঁও চহৰৰ পুলিচ ৰিজার্ভৰ ওচৰত যোৱানিশা বাবুল ভৌমিক (৪০) আৰু তেওঁৰ ভাগিন প্রসেনজিৎ দে’য়ে বাটত সাধাৰণ কথাত বাক্বিতণ্ডা লাগে৷ ইমানতে, ক্ষান্ত নাথাকি ভাগিন প্রসেনজিৎ দে’ৰ মাজত মোমায়েক বাবুল ভৌমিকক বুকুত প্রচন্দ ঘোচা শোধায়৷ লগে লগে বাবুল ভৌমিক মাটিত বাগৰি পৰে৷

পাছত গুৰুতৰভাৱে আহত বাবুলক ঘটনাস্থলীত উপস্থিত একাংশ লোকে ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷

এই ঘটনাৰ খবৰ লাভ কৰি নগাঁও সদৰ থানাৰ এটা আৰক্ষীৰ দলে মিলনপুৰত অভিযান চলাই আজি পুৱা অভিযুক্ত প্রসেনজিৎ দে’ক গ্রেপ্তাৰ কৰে৷ ইতিমধ্যে নগাঁও আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি বিষয়টো সন্দর্ভত তদন্ত অব্যাহত ৰখাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষা সম্পূর্ণ কৰি আজি পৰিয়ালক চমজাই দিয়ে৷

RELATED ARTICLES