peepl-small

শৰৎ চন্দ্র গোস্বামীৰ জীৱন–কৃতি নতুন প্রজন্মৰ বাবে প্রেৰণাৰ উৎসঃ মৃণালিনী দেৱী

PUBLISHED:

গুৱাহাটীঃ অসম সাহিত্য সভাৰ প্রতিষ্ঠাপক সম্পাদক শৰৎ চন্দ্র গোস্বামীৰ ৭৬ সংখ্যক মৃত্যু দিৱস অসম সাহিত্য সভাৰ অন্তর্গত বিভিন্ন জিলা সাহিত্য সভা, শাখা সাহিত্য সভাৰ লগতে গুৱাহাটীস্থ ভগৱতীপ্রসাদ বৰুৱা ভৱন প্রাংগণত কেন্দ্রীয়ভাৱে উদ্যাপন কৰা হয়৷ অসম সাহিত্য সভাৰ সচিব চন্দন শর্মাই আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিকগৰাকীৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন আৰু পুষ্পাঞ্জলি প্রদান কৰি সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে কয়, ‘অসমীয়া ভাষা–সাহিত্য–সংস্কৃত্ উত্তৰণৰ বাবে তাহানিৰ জোনাকী যুগৰ পৰাই অসমীয়া জাতিক বৌদ্ধিক নেতৃত্ব দিয়া কষ্টসহিষ্ণু, নিঃস্বার্থ কর্মযোগী শৰৎ চন্দ্র গোস্বামীৰ জীৱনবৃক্ষা নতুন প্রজন্মৰ বাবে প্রেৰণাৰ উৎস হোৱা উচিত৷

সাহিত্যৰ পূজাৰী, বৃহৎ বটবৃক্ষস্বৰূপ অসম সাহিত্য সভাৰ প্রতিষ্ঠাপক সম্পাদকগৰাকীৰ জীৱন আৰু কৃতিৰ সঠিক মূল্যায়ন এতিয়াও হোৱা নাই আৰু এইক্ষেত্রত আমাৰ যথেষ্ট কৰণীয় আছে৷’ সভাৰ প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই প্রতিষ্ঠাপক তথা ‘ঘাই’ সম্পাদক শৰৎ চন্দ্র গোস্বামীৰ স্মৃতিচাৰণ কৰি তেওঁৰ সৃষ্টিৰাজিৰ অন্তনির্হিত জাতীয় প্রেমৰ বিষয়ে উল্লেখ কৰে৷ প্রয়াত গোস্বামীৰ অসমীয়া সাহিত্য আৰু জাতিৰ প্রতি অৱদান প্রচুৰ যদিও বহু ক্ষেত্রত যোগ্যতানুসাৰে তেওঁ প্রাপ্য সন্মানৰ পৰা উপেক্ষিত৷ সভাই প্রয়াত গোস্বামীৰ সৃষ্টিৰাজি চিৰস্মৰণীয় কৰি ৰাখিবলৈ আঁচনি গ্রহণ কৰিব৷’– প্রধান সম্পাদক শর্মাই কয়৷ স্মৃতিচাৰণ সভাত সভাৰ ধনভৰালী প্রেমনাৰায়ণ নাথ, সাংস্কৃতিক উপ–সমিতিৰ কার্যকৰী সভাপতি দেৱেন্দ্রনাথ বসুমতাৰী, আহ্বায়ক ড০ শ্যামল প্রসাদ শইকীয়া, সহকাৰী আহ্বায়ক ডাঃ মৃণ্ময় নাথ, লেখিকা আলু নুনিছা থাওচেন, গায়িকা মলয়া ভৰালী, আভ্যন্তৰীণ হিচাপ পৰীক্ষক বিষ্ণু ডেকা, সাংগঠনিক সম্পাদক দুর্গেশ্বৰ পাঠক, সদস্য অনুপ কুমাৰ তালুকদাৰ, ডাঃ বিনময় কুমাৰ নাথকে আদি কৰি এলানি বিশিষ্ট ব্যক্তি আৰু সভাৰ সমূহ কর্মচাৰীয়ে পুষ্পাঞ্জলি প্রদান কৰি প্রয়াত গোস্বামীদেৱলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

RELATED ARTICLES