peepl-small

মোডীৰ ঘোষণাঃ প্রতি জিলাতেই স্থাপন কৰা হ’ব এটাকৈ অক্সিজেন প্লাণ্ট

PUBLISHED:

গুৱাহাটী: ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে অতি প্রয়োজনীয় অক্সিজেনৰ নাটনি অব্যাহত আছে৷ বিদেশৰ পৰা বিমানযোগে অক্সিজেনৰ প্লাণ্ট আমদানি কৰাৰ সমান্তৰালকৈ কেন্দ্রীয় চৰকাৰে এই নাটনি দূৰ কৰিবলৈ পদক্ষেপ গ্রহণ কৰিছে৷ প্রতিখন জিলাতেই এটাকৈ অক্সিজেন প্লাণ্ট স্থাপন কৰা হ’ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি টুইটযোগে কেন্দ্রীয় চৰকাৰে প্রতি জিলাতেই অক্সিজেন প্লাণ্ট স্থাপন কৰাৰ বিষয়ে সদৰী কৰে৷ কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা গুৰুত্বপূর্ণ সিদ্ধান্ত অনুসৰি হাস্পতালত অক্সিজেনৰ উপলব্ধতা বৃদ্ধি কৰা আৰু জনতাক সহায় কৰাৰ কাৰণেই পিএম কেয়ার্ছ ফাণ্ডৰ অধীনত প্রতি জিলাত এটাকৈ অক্সিজেন জেনেৰেচন প্লাণ্ট স্থাপন কৰা হ’ব৷

ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংহাৰী ৰূপৰ সৈতে যুঁজিবলৈ কেন্দ্রীয় চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিছে৷ প্রধানমন্ত্রী মোদীয়ে টুইটত উল্লেখ কৰা মতে চৰকাৰী হাস্পতালত এই সিদ্ধান্ত অনুসৰি দেশজুৰি ৫৫১ অক্সিজেন প্লাণ্ট স্থাপন কৰা হ’ব৷ প্রতি জিলাত পর্যাপ্ত অক্সিজেনৰ উপলব্ধতা নিশ্চিত কৰা হ’ব৷ প্রধানমন্ত্রী কার্যালয়ে প্রকাশ কৰা বিবৃতি মতে দেশজুৰি স্থাপন হ’বলগীয়া এই অক্সিজেনৰ প্লাণ্টসমূহ যথাশীঘ্রে কার্যক্ষম কৰাৰ নির্দেশ দিছে প্রধানমন্ত্রীগৰাকীয়্৷ মন কৰিবলগীয়া যে পিএম কেয়ার্ছ ফাণ্ডৰ পৰা চলিত বর্ষৰ প্রাৰম্ভতে ২০১.৫৮ কোটি টকা অনুমোদন জনোৱা হৈছিল৷ অতিৰিক্ত ১৬২ প্রেছাৰ ছুইং এডচৰপচন (পি এছ এ) মেডিকেল অক্সিজেনৰ জেনেৰেচন প্লাণ্ট দেশৰ জনস্বাস্থ্য সুবিধাসমূহৰ ভিতৰত স্থাপন কৰাৰ বাবে এই ধন অনুমোদন জনোৱা হৈছে৷

RELATED ARTICLES