peepl-small

বিধায়কৰ ব্যৱহাৰ উগ্রপন্থীতকৈও বেছি বেয়া

PUBLISHED:

অসম বিধানসভাৰ অধ্যক্ষৰ এক মন্তব্যক লৈ বৃহস্পতিবাৰে উত্তাল হৈ পৰে সদন৷ বিধানসভাৰ প্রশ্ণোত্তৰকালত প্রাদেশিকীকৰণক লৈ বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশ নিয়ন্ত্রণ কৰিবলৈ গৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে একাংশ বিৰোধী বিধায়কক উদ্দেশ্যি প্রকাশ কৰে এক মন্তব্য৷ যি মন্তব্যক লৈ পুৱাৰ ভাগতে সৃষ্টি হয় সদনত এক হুলস্থূলীয়া পৰিৱেশ৷ বিদ্যালয় প্রাদেশিকীকৰণ সন্দর্ভত কংগ্রেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, কমলাক্ষ দে’ পুৰকায়স্থ, নুৰুল হুদাকে কৰি কেইবাজনো বিধায়কে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে অধ্যক্ষই মন্তব্য কৰে– মই ভাবোঁ আমাৰ ব্যৱহাৰ উগ্রপন্থীতকৈও বেছি বেয়া হৈছে৷ বিৰোধী বিধায়কক উদ্দেশ্যি কৰা এই মন্তব্যক লৈয়ে কংগ্রেছ আৰু এআইইউডিএফে অধ্যক্ষক উভতি ধৰি উগ্রপন্থী শব্দটো প্রত্যাহাৰ কৰাৰ দাবী তোলে৷ আনকি কংগ্রেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ দে’ পুৰকায়স্থৰ লগতে কেইবাজনো বিৰোধী বিধায়কে অধ্যক্ষৰ আসনৰ ওচৰলৈ আগুৱাই গৈ অধ্যক্ষক তেওঁৰ বক্তব্য প্রত্যাহাৰ কৰিবলৈ দাবী তোলে৷ এনে হুলস্থূলীয়া পৰিৱেশৰ মাজত অধ্যক্ষই আধা ঘণ্টাৰ বাবে সদন স্থগিত ৰাখে৷ সদন আৰম্ভ হোৱাৰ লগে লগে পুনৰ কংগ্রেছ আৰু এআইইউডিএফৰ বিধায়কসকলে অধ্যক্ষৰ মন্তব্য প্রত্যাহাৰ কৰাৰ দাবী তোলাৰ লগতে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰে সদনৰ মজিয়াত বহি প্রতিবাদ কৰে৷ এনে হুলস্থূলীয়া পৰিৱেশত অধ্যক্ষই দুয়োজন কংগ্রেছী বিধায়কক বর্খাস্ত কৰাৰ লগতে ১৫ মিনিটৰ বাবে সদন স্থগিত ৰাখে৷

পুনৰ সদন আৰম্ভ হোৱাৰ লগে লগে বিৰোধী দলপতি দেৱব্রত শইকীয়াই অধ্যক্ষক উগ্রপন্থী শব্দটো প্রত্যাহাৰ কৰিবলৈ অনুৰোধ জনাই কয় যে যিহেতু বিধায়কসকল জনপ্রতিনিধি আৰু সংবিধানৰ শপত লৈ বিধানসভালৈ আহিছে, তেনে জনপ্রতিনিধিক উগ্রপন্থীৰ সৈতে তুলনা কৰাটো গণতন্ত্রক অপমান কৰাৰ দৰে৷ কিন্তু বিৰোধী দলপতিৰ এই বক্তব্যৰ বিপৰীতে বিজেপি বিধায়ক তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই কয় যে উগ্রপন্থী শব্দটোৰ অর্থ চৰমপন্থীহে৷ অধ্যক্ষই এই শব্দ প্রয়োগেৰে কোনো বিধায়ককে উগ্রপন্থীৰ সৈতে তুলনা কৰা নাই৷

আনহাতে, সংসদীয় পৰিক্রমা মন্ত্রী পীয়ূষ হাজৰিকাই এয়া ভুল বুজাবুজি বুলি মন্তব্য কৰে৷ শাসকীয় দলৰ এই বক্তব্যৰ বিপৰীতে কংগ্রেছ বিধায়ক ৰকিবুল হুছেইন আৰু বিধায়ক মনোৰঞ্জন তালুকদাৰে অধ্যক্ষৰ এনে শব্দ প্রয়োগে সদনৰ গণতান্ত্রিক মর্যাদাত আঘাত হানিছে বুলি উল্লেখ কৰে৷ বিৰোধীৰ এনে বিৰোধিতা আৰু বক্তব্যৰ উত্তৰত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয়– উগ্রপন্থী শব্দটো তুলনাহে কৰা হৈছে৷ শব্দটো বুজাত খেলিমেলি হৈছে৷ আমাৰ সকলোৰে মাতৃভাষা বেলেগ বেলেগ৷ গতিকে শব্দ বুজাত অসুবিধা হয়৷ উগ্রপন্থীৰ দৰে শব্দ মই কেতিয়াও ব্যৱহাৰ কৰিব বিচৰা নাই৷ এক বিশেষ পৰিৱেশত এই শব্দ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছোঁ৷ কোনো অভিপ্রায় লৈ বিধায়কসকলক এনেধৰণৰ কথা কোৱা নাই৷ কিন্তু একাংশ বিধায়কে পৰিকল্পিতভাৱে সদনত হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰিবলৈ আহে৷ মই সেই উদ্দেশ্যে এই কথা কোৱা নাছিলোঁ৷ সদনৰ সদস্যক আঘাত দিয়াৰ উদ্দেশ্য মোৰ নাছিল৷ এই বক্তব্যৰে অধ্যক্ষই প্রকাশ কৰা পূর্বৰ বক্তব্য প্রত্যাহাৰ কৰাৰ লগতে বিৰোধীৰ অনুৰোধত জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ দে’ পুৰকায়স্থৰ ওপৰত দিয়া বর্খাস্তৰ নির্দেশো প্রত্যাহাৰ কৰে৷

RELATED ARTICLES