peepl-small

পাকিস্তান–বাংলাদেশ পৰা অহা ধর্মীয় সংখ্যালঘুক নাগৰিকত্ব দিব কেন্দ্রই

PUBLISHED:

গুৱাহাটী: নাগৰিকত্ব আইন–১৯৫৫ আৰু ২০০৯ আইনত নির্ধাৰণ কৰা নিয়মৰ অধীনত তাৎক্ষণিক বলৱৎ হোৱাকৈ কেন্দ্রীয় চৰকাৰে নির্দেশনা জাৰি কৰিছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে নির্দেশনা জাৰি কৰি আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা ধর্মীয় নির্যাতনৰ বলি হৈ ভাৰতৰ গুজৰাট, ৰাজস্থান, ছত্তিশগড়, হাৰিয়ানা আৰু পঞ্জাবত বসবাস কৰি থকা হিন্দু, শিখ, জৈন আৰু বৌদ্ধসকলক ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন জনাবলৈ আহ্বান জনাইছে৷

উল্লেখ্য যে ধর্মীয় সংখ্যালঘু লোকসকলক নাগৰিকত্ব প্রদানৰ বাবে আবেদন জনাবলৈ জাৰি কৰা নির্দেশনাৰ লগত নাগৰিকত্ব সংশোধনী আইনৰ কোনো সংযোগ নাই৷ তাৎপর্যপূর্ণ যে ২০১৯ চনত প্রণয়ন কৰা নাগৰিকত্ব সংশোধনী আইন, চমুকৈ ‘কা’ৰ নীতি–নিয়ম এতিয়াও চৰকাৰে নির্ধাৰণ কৰা নাই৷ ২০১৯ চনত কা বলৱৎ হোৱাৰ পাছতেই দেশজুৰি বিশাল প্রতিবাদ আৰম্ভ হৈছে৷

আনকি ৰাজধানী দিল্লীত এই প্রতিবাদৰ সময়ত হিংসাত্মক কার্যকলাপো সংঘটিত হৈছে৷ দেশজুৰি প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰাৰ সময়তে মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱ ঘটে৷ এনে পৰিস্থিতিত ‘কা’ৰ নীতি–নিয়ম কেন্দ্রীয় চৰকাৰে নির্ধাৰণ কৰাত বিলম্ব হয়৷

RELATED ARTICLES