peepl-small

আৰ্থিকভাৱে স্বচ্ছল লোকক ৰেচন কাৰ্ড ত্যাগ কৰিবলৈ আহ্বান মন্ত্ৰী ৰণজিৎ দাসৰ

PUBLISHED:

গুৱাহাটীঃ ৰেচন কাৰ্ডবিহীন দুখীয়া লোকসকলক ৰেচন কাৰ্ড প্ৰদানৰ স্বাৰ্থত আৰ্থিকভাৱে স্বচ্ছল লোকসকলক ৰেচন কাৰ্ড পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।

যিসকল লোক আৰ্থিকভাৱে স্বচ্ছল অৰ্থাৎ যাৰ বছৰেকীয়া আয় ১ লাখতকৈ অধিক বা যাৰ চৰকাৰী চাকৰি আছে বা যিসকল পেঞ্চনাৰ তেওঁলোকে ৰেচন কাৰ্ডৰ সুবিধা লৈ থকাটো যুক্তিসংগত নহয় বুলি ফেচবুকযোগে প্ৰকাশ কৰিছে মন্ত্ৰী দাসে।

“সেয়েহে মই বিনম্ৰতাৰে আৰ্থিক ভাৱে স্বচ্ছল প্ৰতিজন লোককে ৰেচন কাৰ্ড সমূহ স্ব-ইচ্ছাৰে পৰিহাৰ কৰি দুখীয়া ৰাইজক সহায় কৰিবলৈ আহ্বান জনাইছোঁ।

আহক আমি সকলোৱে এই অভিযানৰ সহযোগী হৈ ৰেচন কাৰ্ড বঞ্চিত দুখীয়া সকলক সহায় কৰি ভাৰতৰ যুগদ্ৰষ্টা পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ অন্ত্যোদয়া নীতিক বাস্তৱত ৰূপায়ন কৰাৰ বাবে একত্ৰে আগবাঢ়ো।”– এক ফেচবুক পোষ্টত মন্ত্ৰীগৰাকীয়ে এনেদৰে উল্লেখ কৰে।

RELATED ARTICLES