peepl-small

ধেমাজিত জলসম্পদ বিভাগৰ ঠিকাদাৰলৈ পুনৰ সকিয়নী মন্ত্ৰী পিযুষৰঃ কামৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ’ব

PUBLISHED:

গুৱাহাটীঃ  ধেমাজি জিলাত বান-খহনীয়া পৰিস্থিতিৰ পৰ্যবেক্ষণ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰ| ৫ দিনীয়া উজনী অসমৰ বান-খহনীয়াৰ পৰিস্থিতি অধ্যয়নৰ বাবে অহা জলসম্পদ মন্ত্ৰীগৰাকীয়ে পূৱাতে জোনাইৰ ঐৰামঘাট আৰু বেৰাচাপৰিত খহনীয়া পৰিস্থিতি অধ্যয়ন কৰাৰ পিছত ক্ৰমাগতভাৱে চেঙাজান, গাইনদী,  জীয়াধল আদি অঞ্চল পৰ্যবেক্ষণ কৰি জলসম্পদ বিভাগে গ্ৰহণ কৰিব পৰা আঁচনি সন্দৰ্ভত আলোচনা কৰে|

বান মুক্ত অসমৰ চৰকাৰৰ যি শ্লগান,  সেইয়া সফল কৰি তুলিবলৈ জলসম্পদ বিভাগে সম্পূৰ্ণ প্ৰচেষ্টা কৰিব বুলি জানিবলৈ দি পুনৰবাৰ ঠিকাদাৰসকলক সকিয়নী প্ৰদান কৰে- ” জলসম্পদ বিভাগটো ঠিকাদাৰৰ নহয়,  ৰাইজৰ হয়| ঠিকাদাৰেও ৰাইজৰ বাবে কাম ভালদৰে কৰিব লাগিব,  নহলে কোনো কম্প্ৰমাইজ কৰা নহব”

লগতে  আগন্তুক বাৰিষাৰ সময়ত অঞ্চলবাসী কোনো অসুবিধাৰ সন্মুখীন নহয় তাক কাৰণে তৎকালীন ভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশনা প্ৰদান কৰে । লগতে প্ৰতিবছৰে ধেমাজি বাসীৰ চকুলোৰ কাৰণহৈ পৰা গাই নদীৰ বানৰ এক স্থায়ী সমাধান অতি সোনকালে হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰ লগত সংগ দিয়ে  শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ৰণোজ পেগু, ,সাংসদ প্ৰদান বৰুৱা ,জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা ডাঙৰীয়া, অতিৰিক্ত মুখ্য অভিযন্তা

RELATED ARTICLES