peepl-small

দুপৰ নিশা নগাঁৱৰ হাস্পতালত মন্ত্রী কেশৱ মহন্ত

PUBLISHED:

গুৱাহাটীঃ  যোৱানিশা প্রায় ১২.৪৫ বজাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্ত নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত আকস্মিকভাৱে উপস্থিত হৈ চিকিৎসালয়খনত স্থাপন কৰা ক’ভিড হাস্পতালখনত চিকিৎসাধীন ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয়৷ ৰোগীলৈ পর্যাপ্ত ঔষধ যোগান, চিকিৎসা সেৱা সম্পর্কতো মন্ত্রী মহন্তই খতিয়ান লয়৷ ইয়াৰ পাছতে মন্ত্রীগৰাকীয়ে চিকিৎসালয় কর্তৃপক্ষৰ লগত মত বিনিময় কৰাৰ লগতে হাস্পতালখনত নির্মাণ হৈ থকা অক্সিজেন প্রকল্প আৰু ৪০খন আই চি ইউ বিছনাৰ নির্মাণকার্যৰ অগ্রগতিৰ বুজ লয়৷ ইয়াৰ উপৰি দেওবাৰে পুৱতিনিশা প্রায় ২ বজাত নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ শালনাস্থিত চিমনাবস্তি মডেল হাস্পতালখন পৰির্দশন কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্তই৷

চিকিৎসালয়খনত উপস্থিত থকা চিকিৎসক আৰু হাস্পতাল কর্তৃপক্ষৰ সৈতে হাস্পতালৰ ক’ভিড কেয়াৰ চেণ্টাৰটোৰ ৰোগীসকলৰ স্বাস্থ্য সংক্রান্তীয় দিশসমূহৰ বুজ লয়৷ তদুপৰি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা সা–সুবিধা তথা ব্যৱস্থাপনাসমূহ পর্যাপ্ত পৰিমাণে লাভ কৰাৰ নিশ্চিত তথ্য লয়৷ পাছত মন্ত্রী মহন্তই চিকিৎসকসকলৰ লগত মত বিনিময় কৰি চিকিৎসক, স্বাস্থ্যকর্মীৰ এই সেৱাৰ বাবেই ৰোগীয়ে ক’ভিডক জয় কৰি আকৌ সাধাৰণ জীৱন যাপন কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে৷

RELATED ARTICLES