peepl-small

PPE KIT পিন্ধি জি এম চিৰ ICUত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ক’ভিড ৰোগীৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰীগৰাকীয়ে

PUBLISHED:

গুৱাহাটী: ৰাজ্যত দিনে দিনে বাঢ়িছে কভিড আক্ৰান্তৰ সংখ্যা। কভিডৰ সৈতে সোকাবিলা কৰিবলৈ পিছ পৰি ৰোৱা নাই স্বাস্থ্য বিভাগ।

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আই চি ইউ পৰিদৰ্শন কৰি কোভিড-১৯ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰী ড০ হিমন্ত বিশ্ব  শৰ্মাই কভিডৰ পৰ্যালোচনা কৰিবলৈ পি পি ই কিট পিন্ধি আই চি ইউ পৰিদৰ্শন কৰে।

ইয়াৰ পূৰ্বে বুধবাৰে নিশা ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে নিশা উলুবাৰী শ্মশান পৰিদর্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ মন্ত্রী ড০ শর্মাই শ্মশানখনত উপস্থিত হৈ ক’ভিড আক্রান্ত হৈ মৃত্যু বৰণ কৰা লোকৰ শৱদেহ কেনেদৰে সৎকাৰ কৰা হৈছে তাৰ বুজ লয়৷

উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত আক্রান্ত হৈছে ৪,৮২৬জন লোক৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৫২,০৭৪টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আক্রান্তৰ হাৰ হৈছে ৯.২৭ শতাংশ৷ আজি সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা ২,৯১৬জন৷ সম্প্রতি ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ২৯,৯১৫জন৷ ইপিনে বর্তমানলৈ ৰাজ্যত ক’ভিডত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ১,৪৮৫জন৷

RELATED ARTICLES