peepl-small

ডিমৌত কঠীয়া সিঁচিলে মন্ত্রী অতুল বৰাই

PUBLISHED:

গুৱাহাটীঃ   শিৱসাগৰৰ ঐতিহাসিক ডিমৌ পথাৰক কেন্দ্র কৰি ১৯৬০ চনত প্রতিষ্ঠা হোৱা বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতি লিমিটেডৰ উদ্যোগত প্রায় ৬০ বছৰ ধৰি ১৪৫ বিঘা মাটিত স্থানীয় অর্ধশতাধিক পৰিয়ালে কৰি অহা সমবায় কৃষিকার্যক এক অনন্য মাত্রা প্রদানৰ বাবে শনিবাৰে বিশেষ ‘কঠীয়া সিঁচা’ কার্যসূচী হাতত লোৱা হয়৷ ৰাজহুৱা এই কঠীয়া সিঁচা কার্যসূচীত অসম চৰকাৰৰ কৃষি, পশুপালন, সমবায় আদি বিভাগৰ কেবিনেট মন্ত্রী অতুল বৰাই মুখ্য অংশগ্রহণকাৰী ৰূপে উপস্থিত থকাৰ লগতে অসম চৰকাৰৰ অন্য এগৰাকী কেবিনেট মন্ত্রী যোগেন মহন আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়েও এই বিশেষ কঠীয়া সিঁচা কার্যসূচীত অংশগ্রহণ কৰে৷ দুপৰীয়া ডিমৌ পথাৰৰ উক্ত ৰাজহুৱা কৃষিভূমিত বৰকাঁহ–খোলেৰে আদৰণি জনাই গাঁৱৰ স্থানীয় নামঘৰত সেৱা গ্রহণ কৰোৱাই ৰাইজে কঠীয়া সিঁচা পর্ব পালনৰ অর্থে সাজু কৰি ৰখা বিশেষ কঠীয়াতলীলৈ দুই মন্ত্রী আৰু সাংসদক আগবঢ়াই নিয়ে৷

বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতি লিমিটেডৰ উদ্যোগত আয়োজন কৰা এই বিশেষ ‘কঠীয়া সিঁচা’ কার্যসূচীৰ এক ডল্লেখনীয় বিষয় হৈছে তিনিওগৰাকী ৰাজনীতিবিদৰ চহা ৰূপ৷ কঠীয়া সিঁচা পর্বত অংশগ্রহণৰ অর্থে হাফ পেণ্ট, চুৰীয়া পিন্ধি, গেঞ্জী–বনিয়নৰ সৈতে মূৰত জাপি, হাতত খৰাহি লৈ দুই মন্ত্রী আৰু সাংসদৰ লগত আন আন অংশগ্রহণকাৰীয়ে শালিধানৰ বীজ সিঁচা কার্য সম্পন্ন কৰে৷ বীজ সিঁচা পর্বৰ প্রাক্মুহূর্তত অসমীয়া চহা জীৱনৰ সংসৃকতি–পৰম্পৰা অনুসৰি আঁহত গছৰ তলত চাকি–বন্তি জ্বলাই আইসকলৰ উৰুলিৰে উৰুলিকৃত হৈ নেদেখাজনৰ পৰা কৃষিকার্যৰ আৰম্ভণিৰ এই অনুষ্ঠানৰ বাবে আশীর্বাদ কামনা কৰে৷ কঠীয়া সিঁচা কার্যসূচী সম্পন্ন কৰি মন্ত্রী অতুল বৰা, যোগেন মহন, সাংসদ তপন গগৈ আদিকে ধৰি সকলোৱে এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰে৷ শিৱসাগৰ জিলা উপায়ুক্ত বিষু কমল বৰাই সভাপতিত্ব কৰা উক্ত সভাত মন্ত্রী অতুল বৰাই অসমৰ কৃষি উৎপাদন বৃদ্ধিৰ অর্থে সমবায়সমূহৰ প্রয়োজনীয়তা আৰু অৱদান সন্দর্ভত মন্তব্য কৰে৷

তেওঁ কয় যে বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতি লিমিটেডৰ দৰে কৃষি সমবায়সমূহ ৰাইজৰ বাবে আশা আৰু প্রেৰণাৰ স্থল হোৱাৰ সম্ভাৱনা আছে৷ প্রধানমন্ত্রী কিষাণ নিধিৰ ক্ষেত্রত চৰকাৰে নিকা আৰু ডপযুক্ত ব্যৱস্থাৰে আঁচনিৰ লাভ হিতাধিকাৰীক বিতৰণৰ পৰিকল্পনা কৰিছে৷ এই দিশত প্রশাসন সজাগ হ’ব লাগিব, যাতে উপযুক্ত আৰু উচিত লোকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে৷

আনহাতে, ধানৰ ক্রমহ্রাসমান মূল্য সন্দর্ভত মন্ত্রীগৰাকীয়ে বিশেষ গুৰুত্ব প্রদান কৰি কয় যে এই দিশত ৰাজ্য চৰকাৰে প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ চেষ্টা অব্যাহত ৰাখিছে৷ এই দিশত ভাৰতীয় খাদ্য নিগমক অসমৰ কৃষকে উৎপাদন কৰা ধান ক্রয় কৰিবৰ বাবে ৰাজ্য চৰকাৰে বাধ্য কৰোৱাৰ ব্যৱস্থা গ্রহণ কৰিব৷ সেইদৰে অসমৰ কৃষকে উৎপাদন কৰা বিভিন্ন শস্য বিগত দিনত আন্তঃৰাষ্ট্রীয় বজাৰলৈ ৰপ্তানি কৰাৰ প্রক্রিয়া বিগত দিনত ৰাজ্য চৰকাৰে হাতত লৈ আহিছে৷ এইবাৰ ক’ভিডৰ পৰিস্থিতিৰ বাবে এই প্রক্রিয়া স্থবিৰ হৈছে যদিও অনাগত দিনত অসমৰ ফচল বিদেশলৈ পঠিওৱাৰ ব্যৱস্থা চৰকাৰে অব্যাহত ৰাখিব৷

RELATED ARTICLES