peepl-small

গাখীৰ, আয়ুর্বেদ আৰু মানৱ স্বাস্থ্য

PUBLISHED:

ভাৰতীয় সংসৃক্তিত গাখীৰৰ ভূমিকা খুবেই মহত্ত্বপূর্ণ৷ অতীজৰে পৰা খাদ্য হিচাপে ব্যৱহাৰ হোৱাৰ বাদেও বিভিন্ন গুৰুত্বপূর্ণ কার্যত গাখীৰৰ ব্যৱহাৰ হৈ আহিছে৷ বিগ্রহৰ অভিষেক, বিভিন্ন পূজা–পার্বণ, জৈৱিক কৃষিত ভূমি উর্বৰক হিচাপে, সৌন্দর্য চর্চাৰ উপাদান আদি নানা কার্যত গাখীৰৰ ব্যৱহাৰ সর্বজনবিদিত৷ অমৃততুল্য গাখীৰ কেৱল স্বাদৰ বাবেই নহয় ব্যাধিনাশক ঔষধি গুণৰ বাবেও ই খুবেই লোকপ্রিয়৷ আইৰ স্তনৰ গাখীৰেই আমাৰ প্রথম আহাৰ৷ গাখীৰৰ সৈতে মাথোঁ আমাৰ সম্পর্ক স্বাস্থ্যজনিত নহয়, আৱেগিক আৰু সাংসৃক্তিকভাৱেও গাখীৰৰ সৈতে আমাৰ আছে নিবিড সম্পর্ক৷ প্রাচীন কালৰে পৰা ৰোগ প্রতিৰোধ আৰু স্বাস্থ্যবর্ধক খাদ্য হিচাপে গাখীৰ ব্যৱহাৰ হৈ আহিছে৷ আধুনিক চিকিৎসা বিজ্ঞানৰ নানা গৱেষণাত ইতিমধ্যে প্রমাণিত হৈছে যে গাখীৰ খালে হাডৰ শক্তি বৃদ্ধি হয়, হূদযন্ত্র শক্তিশালী হয়, স্মৰণ শক্তি বৃদ্ধি পায়, ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ ছালৰ উজ্জ্বলতা বৃদ্ধি আৰু মগজুৰ কার্যক্ষমতা বৃদ্ধিৰ বাবে গাখীৰ মহৌষধস্বৰূপ৷ ভিটামিন বিৰচ্, ভিটামিন ডি, কেলচিয়াম, পটাচিয়াম আদি পৌষ্টিক তত্ত্বৰে সমৃদ্ধ গাখীৰে মানসিক বিষণ্ণতা, কর্কট, অষ্টিয়পোৰোছিছ আদি ৰোগ প্রতিৰোধৰ বাবে ফলপ্রসূ বুলি ইতিমধ্যে আধুনিক চিকিৎসা বিজ্ঞানৰ গৱেষণাত প্রমাণিত হৈছে৷

প্রাচীন ভাৰতীয় চিকিৎসা শাস্ত্র আয়ুর্বেদত গাখীৰৰ বিভিন্ন গুণধর্মৰ বিষয়ে সুন্দৰ বর্ণনা আছে৷ অষ্টাংগ হূদয়মত কোৱা হৈছে গাখীৰ মধুৰ ৰসযুক্ত, স্নিগ্ধ ওজবর্ধক, ধাতুবর্ধক, বাতপিত্তনাশক, গুৰু আৰু শীতবীর্য৷ আয়ুর্বেদত গৰু গাখীৰক সর্বশ্রেষ্ঠ আৰু ভেডাৰ গাখীৰক নিকৃষ্ট বুলি কোৱা হৈছে৷ গৰুৰ গাখীৰ বুদ্ধিবর্ধক, বলবর্ধক, শুক্রবর্ধক হোৱাৰ উপৰি ক্লান্তি, ভ্রম, শ্বাসজনিত ৰোগ, অধিক তৃষ্ণা, অধিক ক্ষুধা, ৰক্তপিত্ত আদি বিকাৰ নাশ কৰে৷ আয়ুর্বেদত আন এখন প্রামাণিক গ্রন্থ সুশ্রুত সংহিতাত গাখীৰক উন্মাদ, মূর্ছা, মূত্রদোষ, পাণ্ডুৰোগ, অর্শ, শূল, যোনীৰোগ, গর্ভস্রাৱ আদি ৰোগত গুণকাৰী বুলি কোৱাৰ লগতে ভোক, মৈথুন আৰু ব্যায়ামৰ বাবে শৰীৰ ক্ষীণকায় হোৱা পুৰুষৰ বাবে পথ্য বুলি কোৱা হৈছে৷ গাখীৰৰ আন উপকাৰিতাসমূহ হৈছে

* গাখীৰ হৈছে জীৱনীয় অর্থাৎ জীৱনী শক্তি বৃদ্ধিকাৰক৷ গাখীৰে শৰীৰলৈ স্নিগ্ধতা আনে৷

* গাখীৰ সেৱনে কৌষ্ঠকাঠিন্য ৰোগ নাশ কৰে৷

* গাখীৰ ক্ষয়ৰোগ, অম্লপিত্ত, পৰিণামশূল আদি ৰোগত ৰামবাণ৷

* গাখীৰ সেৱনে শুক্রৰ দুর্বলতা আৰু শাৰীৰিক শুষ্ক্তা দূৰ কৰে৷

* দেহৰ লন দূৰ কৰাত গো–দুগ্ধ সর্বোত্তম৷

* ৰক্তস্রাৱ দূৰ কৰাত গাখীৰৰ ভূমিকা অনবদ্য৷

* পুৰণি ৰ নিৰাময়ত গাখীৰ বিশেষভাৱে ফলদায়ক৷

যদিও গৰুৰ গাখীৰক সর্বোত্তম বোলা হৈছে তথাপি ছাগলীৰ গাখীৰো যথেষ্ট উপকাৰী বুলি প্রমাণিত হৈছে৷ ছাগলীৰ গাখীৰ শিশুৰ বাবে আৰু ক্ষয়ৰোগীৰ খুবেই উপযোগী৷ ছাগলী গাখীৰ লঘু, শীতল অগ্ণিদীপক, ৰক্তপিত্তনাশক৷ আনহাতে মহৰ গাখীৰ অনিদ্রা ৰোগীৰ বাবে খুবেই উপযোগী, কিন্তু ই বায়ুকাৰক, কফবর্ধক আৰু স্রোত অৱৰোধী৷

সুশ্রুত সংহিতাত নাৰী দুগ্ধক মধুৰ, শীতল, অগ্ণিবর্ধক বুলি কোৱাৰ লগতে নস্য আৰু চকুত দিবৰ বাবে খুবেই উপযোগী বুলি কোৱা হৈছে৷ নাৰী দুগ্ধ গৰম কৰি ব্যৱহাৰ কৰা নিষিদ্ধ৷ গাখীৰ উতলোৱাৰ সময়ত শুকান আদা বা হালধি প্রয়োগ কৰিলে উক্ত গাখীৰ কফকাৰী নহয়৷

বৃদ্ধা গাইৰ গাখীৰৰ তুলনাত তৰুণী গাইৰ গাখীৰ মধুৰ, ৰসায়ন আৰু ত্রিদোষজনিত বিকাৰ দূৰ কৰাত খুবেই প্রভাৱশালী৷

গৰুৰ বৰণ ভেদেও গাখীৰৰ গুণধর্মৰ পার্থক্য আছে৷ কলা বৰণৰ গৰুৰ গাখীৰ বাতদোষ দূৰ কৰাৰ বাবে অতিকে গুণকাৰী৷ আনহাতে ৰঙচুৱা বৰণৰ গাইৰ গাখীৰ পিত্তনাশক হিচাপে খুবেই ফলদায়ী৷

জীৱনীয় আৰু ৰসায়ন হিচাপে গাখীৰ অমৃততুল্য, কিন্তু কিছুমান অহিতকাৰী সংযোগৰ ফলত গাখীৰ স্বাস্থ্যৰ শত্রু হৈ পৰে৷ আনহাতে কিছুমান খাদ্য এনে আছে, যিবিলাকৰ সংযোগৰ ফলত গাখীৰৰ প্রভাৱ দুগুণে চৰে৷ গাখীৰৰ হিতকাৰী আৰু অহিতকাৰী সংযোগৰ বিষয়ে তলত দিয়া হল

গাখীৰৰ হিতকাৰী সংযোগ ঃ শুকান আদা, হালধি, খেজুৰ, কেশৰ, জালুক, মিছিৰি, সৈন্ধৱ লৱণ বাকী নিমখ গাখীৰ সৈতে বিৰুদ্ধ ভোজন হয়, আখৰোট, ডালচেনি, যষ্ঠিমধু, মাখন, ত্রিফলা, পকাআম, কলা শুকান আঙুৰ আদি৷

গাখীৰৰ অহিতকাৰী সংযোগ ঃ দৈ, নিমখ, মূলা, মূলাৰ পাত, তেঁতেলি, নেমু, গুড, কল, কেঁচা চালাদ, তেল, জাম, কঁঠাল, ডালিম, কর্দৈ আদি৷

এক অনুপম সম্পূর্ণ আহাৰ হিচাপে গাখীৰৰ গুণধর্ম আৰু স্বাস্থ্যজনিত সুপ্রভাৱ প্রশ্ণাতীত৷ কিন্তু এইক্ষেত্রত আমি জনা উচিতA1 বনামA2 গাখীৰৰ কথা৷ দেশী গৰুৰ বিশুদ্ধA2 গাখীৰ খাবৰ বাবে উত্তম৷ আনহাতে বিদেশী জাতৰ যেনে জার্ছী, হলষ্টেইন, এছএফ আদি গৰুৰ গাখীৰত বিচিএম–জ্জ নামৰ অতি বিষাক্ত তত্ত্ব পোৱা যায়, এনে গাখীৰ খোৱাৰ ফলত মধুমেহ, স্কীজফ্রেনিয়া, হূদৰোগ, ৰোগ প্রতিৰোধী ক্ষমতা কমি যোৱা আদি বিকাৰে দেখা দিয়ে৷ শেহতীয়াভাৱে উত্তৰ প্রদেশৰ মথুৰাস্থিত পশু চিকিৎসা বিশ্ববিদ্যালয়ত ভাৰত চৰকাৰৰ নেচনেল কাউঞ্চিল ফৰ এগ্রিকালচাৰ ৰিছার্চৰ বিশিষ্ট বিজ্ঞানী ডাঃ দেৱেন্দে কুমাৰ সদানাই কৈছে যে বিষাক্তA1 গাখীৰ খোৱাৰ ফলত শিশুসকলৰ‘Sudden Infant Death Syndrome’ আৰু অটিজিমৰ চিকাৰ হোৱাৰ সম্ভাৱনা বহুগুণে বািি যায়৷ ইণ্টাৰনেচনেল জার্নেল অৱ লাইফষ্টক ৰিছার্চ শীর্ষক গৱেষণা পত্রিকাখনৰ এপ্রিল, ২০১৮ সংখ্যাতA1 খোৱাৰ ফলত শিশুৰ স্নায়ুতন্ত্রজনিত বিকাৰে দেখা দিয়ে বুলি বিজ্ঞানসন্মতভাৱে প্রমাণিত কৰিছে৷ এই চিঠিৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগক অনুৰোধ জনাওঁ যে তেওঁলোকে যাতে বিষাক্তA1 গাখীৰৰ বিৰুদ্ধে তথাA2 গাখীৰৰ উপকাৰৰ বিষয়ে প্রচাৰ–প্রসাৰ কৰে৷ ইতিমধ্যে প্রমাণিত হৈছে যে বিষাক্তA1 গাখীৰ মানৱ স্বাস্থ্যৰ ডাঙৰ শত্রু৷ আনহাতে দেশ তথা ৰাজ্যৰ পশুপালন বিভাগে ভাৰতীয় থলুৱাজাতৰ গৰুৰ সংৰক্ষণ–সংবর্ধন্ ক্ষেত্রত এক জনকল্যাণকামী পদক্ষেপ গ্রহণ কৰা উচিত আৰু কৃষকক জার্ছী, হলষ্টেইন আদি বিদেশী জাতৰ পৰিৱর্তে গীৰ, অমৃতমহল, সিন্ধী, সাহিৱাল আদি দেশী জাতৰ গৰু পালনৰ বাবে উৎসাহিত কৰা উচিত৷

Source: https://bit.ly/36ZO6PB

RELATED ARTICLES