peepl-small

জলসম্পদৰ মুখ্য অভিযন্তাৰ কার্যালয়ত বিভাগীয় মন্ত্রী পীয়ূষ হাজৰিকাৰ পর্যালোচনা বৈঠক

PUBLISHED:

গুৱাহাটী:  বানমুক্ত অসমৰ বাবে কঁকালত টঙালি বান্ধিছে ৰাজ্যৰ জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই৷ জলসম্পদ বিভাগৰ দায়িত্বভাৰ গ্রহণ কৰিয়েই ভগ্ণ তথা মেৰামতি সম্পূর্ণ নোহোৱা মথাউৰিসমূহ পৰিদর্শন কৰি বিভাগক অতি ক্ষিপ্রতাৰে বানপানী অহাৰ পূর্বেই মন্ত্রী হাজৰিকাই নির্মাণকার্য সম্পূর্ণ কৰিবলৈ বিভাগ তথা   ঠিকাদাৰসকলক নির্দেশ দিয়ে৷ আনকি কেইদিনমান পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো জলসম্পদ বিভাগৰ সৈতে এই সম্পর্কত এখন পর্যালোচনা বৈঠকত মিলিত হয়৷

মঙলবাৰে জলসম্পদ মন্ত্রী হাজৰিকাই চানমাৰিস্থিত বিভাগৰ মুখ্য অভিযন্তাৰ কার্যালয়ত উপস্থিত হৈ বিভাগৰ সচিব তথা মুখ্য অভিযন্তাৰ উপস্থিতিত বিভাগটোৰ বিষয়ববীয়া–ভিযন্ত্ সৈতে কাম–কাজৰ পর্যালোচনা কৰে৷ সেই বৈঠকতে তেওঁ অহা বাৰিষাৰ পূর্বেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিভাগটোক সাজু হ’বলৈ নির্দেশ দিয়ে৷

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্রী হাজৰিকাই  কয় যে আজিৰ পৰা ৫ দিনীয়া কার্যসূচীৰে তেওঁ অসম ভ্রমণ কৰিব৷ মঙলবাৰৰে পৰা কাজিৰঙাত ১৮০ মিটাৰ দৈর্ঘ্যৰ এটা মথাউৰিৰ কাম আৰম্ভ হৈছে৷ এই মথাউৰিটো নির্মাণ হওঁতে অতি কমেও এমাহ সময় লাগিব যদিও তেওঁ যুদ্ধকালীন ক্ষিপ্রতাৰে কামটো ১৫ দিনৰ ভিতৰত সম্পূর্ণ কৰাৰ নির্দেশ দিছে৷ এই কামটোৰ ক্ষেত্রত বন বিভাগৰ অনুমোদনৰ প্রয়োজন আছে৷ গোলাঘাটৰ উপায়ুক্তক এইক্ষেত্রত প্রয়োজনীয় ব্যৱস্থা ল’বলৈ তেওঁ নির্দেশ দিছে৷

আজি তেওঁ নিজেই কাজিৰঙাত উপস্থিত হৈ সেই বিষয়ত তদাৰক কৰিব৷ তেওঁ আৰু জানিবলৈ দিয়া মতে, বর্তমান জলসম্পদ বিভাগৰ হাতত বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এম এন আৰ শিতানত ৭৫ কোটি টকা মজুত আছে৷ তেওঁ অতিৰিক্তভাৱে মুখ্যমন্ত্রীৰ পৰা ৫০ কোটি টকা বিচাৰিছে আৰু মুখ্যমন্ত্রীয়ে দিয়াৰ আশ্বাস দিছে৷ ইয়াৰ ফলত এইবাৰ বানপানীৰ মোকাবিলা কৰাৰ বাবে বিভাগটোৰ প্রতিটো সংমণ্ডলত গড়ে চাৰি কোটিতকৈ অধিক টকা দিব পৰা যাব৷ সদ্যহতে তেওঁ বিভাগটোত মথাউৰি নভগাকৈ ৰখাৰ চেষ্টা কৰাৰ কথা উল্লেখ কৰি কয় যে অহা নৱেম্বৰ–ডিচেম্বৰৰ পৰা বান প্রতিৰোধৰ বাবে স্থায়ী নির্মাণকার্য আৰম্ভ হ’ব৷

সদ্যহতে তেওঁ অস্থায়ী পদক্ষেপেৰে পৰিস্থিতি নিয়ন্ত্রণত গুৰুত্ব দিছে৷ তেওঁ আৰু কয় যে ৰাজ্যখনৰ ভগা তথা দুর্বল মথাউৰি ২৪টাৰ ভিতৰত ২১টাৰ নির্মাণকার্য ইতিমধ্যে সম্পূর্ণ হৈছে৷ তেওঁ জলসম্পদ বিভাগৰ মন্ত্রীৰ দায়িত্বভাৰ গ্রহণৰ পাছত ১৫টা মথাউৰি নির্মাণ সম্পূর্ণ হয়৷ মন্ত্রী হাজৰিকাই বিভাগটোত ঠিকাদাৰৰাজৰ পৰিৱর্তে মানুহৰ বিভাগ হিচাপে ৰূপান্তৰ কৰিব বুলি উল্লেখ কৰি কয় যে কামৰ লগত, কামৰ সময়ৰ লগত আৰু গুণগত মানৰ লগত কোনোধৰণৰ আপোচ কৰা নহ’ব৷ বিভাগটোত কাম নকৰাকৈ টকা খোৱাৰ ফন্দি নচলিব বুলিও হুংকাৰ দিয়ে৷

RELATED ARTICLES