peepl-small

শিক্ষামন্ত্রী ডাঃ পেগুক মেট্রিকৰ মূল্যায়ন কমিটীৰ প্রতিবেদন দাখিল

PUBLISHED:

গুৱাহাটী: মেট্রিক পৰীক্ষাৰ মূল্যায়নৰ বাবে গঠন কৰা উচ্চস্তৰীয় কমিটীয়ে আজি প্রতিবেদন দাখিল কৰে৷ জনতা ভৱনত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক সন্ধিয়া কমিটীখনে এই প্রতিবেদনখন দাখিল কৰে৷ প্রতিবেদন গ্রহণ কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে এই প্রতিবেদন মুখ্যমন্ত্রীক অর্পণ কৰা হ’ব৷
মুখ্যমন্ত্রীৰ সিদ্ধান্তৰ পাছত পৰৱর্তী পদক্ষেপ গ্রহণ কৰা হ’ব৷ বৃহস্পতিবাৰে দিনৰ ভাগত অনুষ্ঠিত অন্তিমখন বৈঠকৰ পাছত মেট্রিক পৰীক্ষাৰ মূল্যায়নৰ ৰূপৰেখা তৈয়াৰ কৰে উচ্চ ক্ষমতাসম্পন্ন কমিটীখনে৷ অধ্যাপক ড০ আলোক বুঢ়াগোহাঁইৰ নেতৃত্বত গঠন কৰা উচ্চ পর্যায়ৰ ৯জনীয়া কমিটীখনে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ সেই অনুসৰি এইবাৰ নৱম শ্রেণীত অনুষ্ঠিত পৰীক্ষাসমূহৰ নম্বৰৰ ভিত্তিত মূল মূল্যায়ন কৰা হ’ব৷ তদুপৰি দশম শ্রেণীৰ গোট পৰীক্ষা, ছয়মাহিলি পৰীক্ষা, প্রি–টেষ্টৰ নম্বৰৰ এটা অংশও মেট্রিক পৰীক্ষাৰ মূল্যায়নত যোগ কৰিবলৈ পৰামর্শ দিছে উচ্চ পর্যায়ৰ কমিটীখনে৷ শিক্ষার্থীসকলৰ যাতে সঠিক মূল্যায়ন হয়, তাৰ বাবে প্রতিখন জিলাৰ বিদ্যালয় পৰিদর্শকৰ পৰা তথ্য–পাতি সংগ্রহ কৰিছে কমিটীখনে৷

বৃহস্পতিবাৰে ছেবাৰ কার্যালয়ত অনুষ্ঠিত বৈঠকৰ অন্তত কমিটীখনৰ অধ্যক্ষ ড০ আলোক বুঢ়াগোহাঁয়ে কয়– ‘শিক্ষার্থীসকল যাতে কোনো কাৰণত ক্ষতিগ্রস্ত নহয়, তাৰ প্রতি গুৰুত্ব আৰোপ কৰা হৈছে৷ পৰীক্ষা বাতিল কৰা বিভিন্ন ৰাজ্যত আর্হিসমূহ অধ্যয়ন কৰিছোঁ৷ কিন্তু আমাৰ ফলাফলৰ বাবে সম্পূর্ণ সুকীয়া ব্যৱস্থাপনা তৈয়াৰ কৰা হৈছে৷ কোন ৰাজ্যই কিদৰে ফর্মুলা নির্ধাৰণ কৰিছে, সেয়া কেৱল অধ্যয়নহে কৰা হৈছে৷ বহু ছাত্র সংগঠনে এইক্ষেত্রত পৰামর্শ প্রদান কৰিছে আৰু এই পৰামর্শসমূহ বিবেচনা কৰিছোঁ৷ বিদ্যালয় পৰিদর্শকসকলৰ মতামত গ্রহণ কৰিছোঁ৷ সকলো তথ্য বিবেচনা কৰি এটা বিজ্ঞানসন্মত আর্হি তৈয়াৰ কৰা হৈছে৷’

ইপিনে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বাবে গঠন কৰা উচ্চস্তৰীয় কমিটীৰো বৃহস্পতিবাৰে এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ কার্যালয়ত অনুষ্ঠিত বৈঠকখনত কেইবাটাও সিদ্ধান্তত উপনীত হৈছে৷ অৱশ্যে অধ্যাপক দিপক কুমাৰ শর্মাৰ অধ্যক্ষতাত গঠিত কমিটীখনে কাইলৈহে শিক্ষামন্ত্রীক প্রতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে৷ শুকুৰবাৰে পুনৰ বৈঠকত মিলিত হোৱাৰ পাছত কমিটীখনে চূড়ান্ত প্রতিবেদন প্রস্তুত কৰিব৷ প্রাপ্ত তথ্য অনুসৰি উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখা ক্রমে কলা, বিজ্ঞান আৰু বাণিজ্যৰ লগতে বৃত্তিমুখী শিক্ষাৰ বাবে সুকীয়া মূল্যাংকন পদ্ধতি নির্ধাৰণ কৰিব৷

একেদৰে বিগত বর্ষত অনুত্তীর্ণ প্রার্থী, অধিক নম্বৰৰ বাবে পুনৰ অৱতীর্ণ হোৱা প্রার্থীৰ বাবেও সুকীয়া ফর্মুলা নির্ধাৰণ কৰিব কমিটীখনে৷ বৈঠকৰ অন্তত কমিটীৰ অধ্যক্ষ ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয়– ‘কলা আৰু বিজ্ঞান শাখাৰ বিভন্ন বিষয়ৰ প্রেক্টিকেল আছে৷ সেইদৰে বৃত্তিমুখী শিক্ষাৰো সুকীয়া পদ্ধতি আছে৷ এই বিষয়সমূহ বিবেচনা কৰিব৷ চি বি এছ ইয়ে দশম শ্রেণীৰ ফলাফল বিবেচনা কৰিছে৷ আমিও দশম শ্রেণীৰ নম্বৰ বিবেচনা কৰিম৷ অৱশ্যে দশম শ্রেণীৰ নম্বৰৰ পৰা কিমান শতাংশ যোগ দিয়া হ’ব, সেয়া এতিয়াও সিদ্ধান্ত হোৱা নাই৷’ প্রতিবেদন প্রস্তুত কৰাৰ ক্ষেত্রত কেইবাজনো শিক্ষক–ধ্যাপক, অধ্যক্ষ–শিক্ষার্থীৰ মতামত গ্রহণ কৰিছে কমিটীখনে৷

RELATED ARTICLES