peepl-small

ক’ভিড পৰিস্থিতি উন্নত হ’লেই অনুষ্ঠিত হ’ব মেট্রিক পৰীক্ষা

PUBLISHED:

গুৱাহাটীঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দর্ভত শনিবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ লগত এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় সদৌ অসম ছাত্র সন্থাৰ নেতৃত্ব৷ ছেবাৰ অধ্যক্ষ ৰমেশ জৈন, সচিব সুৰঞ্জনা  সেনাপতি, পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শর্মাৰ লগতে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি আছুৰ এটা প্রতিনিধি দল এই বৈঠকত উপস্থিত থাকে৷

দুয়োপক্ষৰ আলোচনামর্মে ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ পাছতে চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ  সিদ্ধান্ত লোৱা হয়৷ এই সন্দর্ভত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দর্ভত সমগ্র ৰাজ্যৰ শিক্ষার্থী তথা অভিভাৱক সমাজ উদ্বিগ্ন হৈ আছে৷ সেই বাবেই  আছু আৰু ছেবা কর্তৃপক্ষ এক আলোচনাত মিলিত হয়৷ আছুৰ তৰফৰ পৰা মূলতঃ দুটা কথাই কোৱা হয় যে কোনো পৰিস্থিতিত ছাত্র–ছাত্রীৰ শৈক্ষিক বর্ষৰ লোকচান হ’ব নোৱাৰিব, লগতে শিক্ষার্থীৰ স্বাস্থ্যও সুৰক্ষিত হৈ থাকিব লাগিব৷ ছেবা কর্তৃপক্ষই এই বিষয়ত সহমত পোষণ কৰে আৰু ক’ভিড পৰিস্থিতি উন্নত হ’লেই পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰে৷

ইপিনে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব নে নাই, তাক লৈ কোনো দোমোজাত থাকিব নালাগে৷ পৰীক্ষা অনুষ্ঠিত হ’বই৷ ছাত্র–ছাত্রীৰ স্বাস্থ্যৰ প্রতি সম্পূর্ণ নজৰ ৰাখি পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷ পৰীক্ষাৰ বিষয় আৰু প্রশ্ণকাকত সন্দর্ভত যথাসময়ত ছেবা কর্তৃপক্ষই জাননী প্রকাশ কৰিব৷

RELATED ARTICLES