peepl-small

মেট্রিক–উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা; মুখ্যমন্ত্রীৰে আলোচনা কৰি ল’ব সিদ্ধান্ত

PUBLISHED:

গুৱাহাটী: মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা সম্পর্কত আজি স্বাস্থ্য বিভাগৰ সৈতে শিক্ষা বিভাগৰ এখন বৈঠক অনুষ্ঠিত হ’ব৷ স্বাস্থ্য বিভাগৰ নীতি–নির্দেশনাৰ ভিত্তিতেই শিক্ষা বিভাগে সিদ্ধান্ত গ্রহণ  কৰিব৷ অৱশ্যে এই বিষয়ত মুখ্যমন্ত্রীৰ লগত আলোচনা কৰিহে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ আজি সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰিছে ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷

শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে ক’ভিড পৰিস্থিতি দেশৰ সকলো ৰাজ্যতে একে নহয়৷ অসমৰ ক্ষেত্রত ক’ভিড পৰিস্থিতি কোন দিশে গতি কৰে, তাৰ ওপৰতে পৰীক্ষা অনুষ্ঠিত কৰা বিষয়টো নির্ভৰ কৰিব৷ স্বাস্থ্য বিভাগৰ নীতি–নির্দেশনাৰ ভিত্তিতে শিক্ষা বিভাগে সিদ্ধান্ত গ্রহণ কৰিব৷ ৰাজ্যৰ শিক্ষা বিভাগে পূর্বৰে পৰাই পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত থকাৰ স্থিতি দোহাৰি মন্ত্রী ডাঃ পেগুৱে কয় যে কেনেকৈ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব, কেতিয়াকৈ অনুষ্ঠিত কৰা হ’ব, সেইটোহে এতিয়াও সিদ্ধান্ত হোৱা নাই৷ পৰীক্ষা অনুষ্ঠিত কৰা বিষয়টো যিহেতু ডাঙৰ সিদ্ধান্ত হ’ব, সেয়ে ইয়াত মুখ্যমন্ত্রীৰ অনুমোদন লাগিব৷

মুখ্যমন্ত্রীৰ লগত আলোচনা কৰিহে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে জানিবলৈ দিয়া মতে, এতিয়ালৈকে শিক্ষা বিভাগে বিভিন্ন সংগঠন, শিক্ষাবিদ, বুদ্ধিজীৱীৰ সৈতে মত বিনিময় কৰিছে৷ এই মত বিনিময়ত প্রায়সংখ্যকে পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আছে৷ ইপিনে অসম মাধ্যমিক শিক্ষা সংসদৰ নতুন অধ্যক্ষ ড০ ৰুক্ম গোহাঁইবৰুৱাই দায়িত্বভাৰ গ্রহণ কৰে৷ দায়িত্বভাৰ গ্রহণ কৰিয়েই সংবাদ মাধ্যমৰ আগত ড০ গোহাঁইবৰুৱাই কয় যে চৰকাৰৰ অনুমতি পালেই মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু আছে৷ ক’ভিডৰ মাজত কিদৰে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব, সেয়া হ’ব তেওঁৰ প্রথম উদ্দেশ্য৷ নতুন নতুন পৰিকল্পনাৰে উচ্চতৰ মাধ্যমিক শিক্ষা ব্যৱস্থাক তেওঁ উন্নত কৰিব বিচাৰে৷ তেওঁ আৰু কয় যে সংসদৰ তৰফৰ পৰা এইবাৰ ৬টা বিষয়ৰ বিপৰীতে তিনিটা বিষয়ক লৈ পৰীক্ষা অনুষ্ঠিত কৰা সম্পর্কত চৰকাৰলৈ প্রস্তাৱ প্রেৰণ কৰা হৈছে৷

ইফালে ছাত্র মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক দেৱব্রত শইকীয়া, সহকাৰী সম্পাদক প্রাঞ্জল কলিতাৰ নেতৃত্বত এটা দলে আজি ছেবাৰ কার্যালয়ত উপস্থিত হৈ অধ্যক্ষ আৰু সচিবক ১১দফীয়া পৰামর্শ সম্বলিত এখন স্মাৰক–পত্র প্রদান কৰে৷ এই সন্দর্ভত এক বিবৃতিত ছাত্র মুক্তি সংগ্রাম সমিতিয়ে কয় যে তেওঁলোকে তিনিটা বিষয়ক লৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰে৷ প্রয়োজনত পৰীক্ষাৰ বিষয়সমূহৰ নম্বৰ ৫০ শতাংশলৈ হ্রাস কৰি পাঠ্যক্রমো হ্রাস কৰিবলৈ পৰামর্শ আগবঢ়ায়৷ তদুপৰি পৰীক্ষাৰ এমাহ আগতে পৰীক্ষাৰ দিন আৰু ৰুটিন ঘোষণা কৰাৰ লগতে পৰীক্ষা কেন্দ্রসমূহত বিজুলী সংযোগ সন্নিৱিষ্ট কৰাৰ দাবী জনায়৷ সেইদৰে আগন্তুক বান পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি পৰীক্ষা কেন্দ্রৰ সংখ্যা বৃদ্ধি কৰি শীঘ্রে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনায়৷

RELATED ARTICLES