গুৱাহাটী: ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ চলি অহা দীর্ঘদিনীয়া উৎকণ্ঠাৰ অৱসান ঘটিল৷ ক’ভিডৰ সংক্রমণে সম্প্রতি জটিল ৰূপ ধাৰণ কৰি থকাৰ পৰিপ্রেক্ষিতত শিক্ষার্থীৰ স্বাস্থ্যৰ সুৰক্ষাৰ বিষয়টোক সর্বোচ্চ গুৰুত্ব আৰোপ কৰি স্বাস্থ্য বিভাগৰ পৰামর্শৰ ভিত্তিত ৰাজ্য চৰকাৰে বাতিল কৰিলে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা৷
শুকুৰবাৰে সদৌ অসম ছাত্র সন্থা, নিখিল বড়ো ছাত্র সন্থা, স্বাস্থ্য বিভাগৰ প্রধান সচিবকে ধৰি বহুসংখ্যক দল–সংগঠন আৰু শিক্ষা বিভাগৰ উচ্চ পর্যায়ৰ বিষয়াৰ উপস্থিতিত হোৱা প্রায় আঢ়ৈঘণ্টাজোৰা বৈঠকৰ অন্তত চূড়ান্ত পৰীক্ষাসমূহ বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ এই বৈঠকৰ অন্তত ৰাজ্য চৰকাৰৰ সিদ্ধান্ত সদৰী কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে সাম্প্রতিক পৰিস্থিতি পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুকূল নহয় বুলি স্বাস্থ্য বিভাগে পৰামর্শ প্রদান কৰিছে৷
আনহাতে, উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বাতিল হ’লেও কিদৰে শিক্ষার্থীসকলৰ মূল্যায়ন কৰা হ’ব, সেই সন্দর্ভত গ্রহণ কৰা সিদ্ধান্ত সদৰী কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ মূল্যায়নৰ ফর্মুলা উদ্ভাৱনৰ বাবে দুখন সুকীয়া উচ্চ পর্যায়ৰ কমিটী গঠন কৰা হ’ব৷ আজিৰ ভিতৰত এই দুয়োখন কমিটী গঠন কৰা হ’ব৷ উচ্চ পর্যায়ৰ কমিটী দুখনে এসপ্তাহৰ ভিতৰত শিক্ষা বিভাগক প্রতিবেদন দাখিল কৰিব লাগিব৷ ইয়াৰ ভিত্তিতে অহা ৩১ জুলাইৰ ভিতৰত অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ক্রমে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব৷ পৰিষদ আৰু সংসদৰ সৈতে থকা শিক্ষার্থীসকলৰ ৰেকর্ডৰ ভিত্তিত পৰীক্ষাৰ মূল্যায়নৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ সদৰী কৰে৷
জনতা ভৱনৰ বিত্ত বিভাগৰ প্রেক্ষাগৃহত অনুষ্ঠিত বৈঠকৰ অন্তত সংবাদ মেলখনত শিক্ষামন্ত্রীগৰাকীয়ে কয়– ‘এই বৈঠকখনত স্বাস্থ্য বিভাগে ৰাজ্যৰ সাম্প্রতিক ক’ভিড পৰিস্থিতিৰ সম্পূর্ণ প্রতিবেদন প্রদর্শন কৰে৷ তেওঁলোকৰ তথ্য অনুসৰি মে’ আৰু জুন মাহত শূন্যৰ পৰা ১৮ বছৰ বয়সৰ যথেষ্টসংখ্যক লোক ক’ভিডত আক্রান্ত হৈছে৷ এই দুয়োটা মাহত শতকৰা হাৰত শূন্যৰ পৰা ১৮ বছৰ বয়সৰ ১৪ শতাংশ আৰু ১১ৰ পৰা ১৮ বছৰ বয়সৰ ১০ শতাংশ লোক ক’ভিডত সংক্রমিত হৈছে৷ ক’ভিড পৰিস্থিতি সামগ্রিকভাৱে কিছু উন্নত হৈছে যদিও বহুকেইখন জিলাত এতিয়াও পৰিস্থিতি উদ্বেগজনক৷ কাছাৰ, গোলাঘাট, যোৰহাট আদিকে ধৰি বহুকেইখন জিলাত পজিটিভিটীৰ হাৰ এতিয়াও চাৰি শতাংশৰ ওপৰত৷ এনে পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰাটো অনুকূল নহয় বুলি স্বাস্থ্য বিভাগে সদৰী কৰিছে৷ ৰাজ্যত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে কেতিয়া অনুকূল পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি স্বাস্থ্য বিভাগক সোধা হৈছিল৷ কিন্তু তেওঁলোকে জুলাইৰ তৃতীয় সপ্তাহৰ পূর্বে কোনোধৰণৰ মন্তব্য প্রকাশ কৰিব নোৱাৰি বুলি আজিৰ বৈঠকতে আমাক জনাইছে৷ সেয়েহে সকলোৰে সন্মতি সাপেক্ষ চলিত বর্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ একে সময়তে মূল্যায়নৰ ফর্মুলা লাভ কৰিলে পৰিষদ আৰু সংসদে ৩১ জুলাইৰ পূর্বে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ সক্ষম বুলিও সদৰী কৰিছে৷’
ক’ভিডৰ বাবে উদ্ভৱ হোৱা অসামান্য পৰিস্থিতিত এনে সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে এইবুলিও কয় যে কোনো বিষয় বিবেচনা কৰি ফলাফল ঘোষণা কৰা নহয়৷ বৰঞ্চ সংসদ আৰু পৰিষদৰ সৈতে উপলব্ধ শিক্ষার্থীৰ ৰেকর্ডৰ ভিত্তিত ঘোষণা কৰা হ’ব ফলাফল৷ একে সময়তে পূর্বৰ দৰেই এইবাৰ পৰীক্ষা অনুষ্ঠিত নহ’লেও মেট্রিকত ১০টা শীর্ষ স্থান থাকিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷
উল্লেখ্য যে ইতিমধ্যে কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চি বি এছ ই) লগতে কেইবাখনো ৰাজ্যৰ ব’র্ডে সংশ্লিষ্ট চূড়ান্ত পৰীক্ষাসমূহ বাতিল কৰিছে৷ ইয়াৰ মাজতে অসমত ক’ভিড পৰিস্থিতি ক্রমাৎ উন্নত হোৱাত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যায় নেকি, তাক লৈ আৰম্ভ হৈছিল চর্চা৷ এইক্ষেত্রত এটা চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰাৰ বাবে সদৌ অসম ছাত্র সন্থা (আছু), নিখিল বড়ো ছাত্র সন্থা (এবছু), কেইবাটাও শিক্ষক সংগঠনৰ সৈতে শিক্ষামন্ত্রী মিলিত হৈছিল৷ পূর্বে অনুষ্ঠিত কেইবাখনো বৈঠকত কিধৰণে ৰাজ্যত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যায়, সেই সন্দর্ভত আলোচনা অনুষ্ঠিত হৈ আহিছিল৷ ইয়াৰ মাজতে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত স্বাস্থ্য বিভাগৰ পৰামর্শ বিচাৰিছিল শিক্ষা বিভাগে৷
ইয়াৰ ভিত্তিত স্বাস্থ্য বিভাগে এখন বিশেষজ্ঞ কমিটী গঠন কৰি শিক্ষা বিভাগক ক’ভিড পৰিস্থিতি সন্দর্ভত প্রতিবেদন দাখিল কৰিছিল৷ তাৰ মাজতে শেহতীয়াকৈ অনুষ্ঠিত ৰাজ্যিক কেবিনেটেও ৰাজ্যত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা পৰিস্থিতি হোৱা নাই বুলি মত পোষণ কৰিছিল৷ ৰাজ্যিক কেবিনেটৰ এই মতামতৰ পাছতে শিক্ষা বিভাগে আজি এই বিশেষ বৈঠকখনৰ আয়োজন কৰিছিল৷ শিক্ষামন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত মাধ্যমিক শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত প্রীতম শইকীয়া, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব, সমাজ কল্যাণ বিভাগৰ প্রধান সচিব, পৰিবহণ বিভাগৰ প্রধান সচিব, অসম সাহিত্য সভাৰ প্রতিনিধি, বড়ো সাহিত্য সভাৰ প্রতিনিধি, আছু আৰু এবছুৰ প্রতিনিধিকে ধৰি বহুসংখ্যক উচ্চপদস্থ বিষয়া উপস্থিত আছিল৷ দিনৰ তিনি বজাৰ পৰা প্রায় আঢ়ৈ ঘণ্টা ধৰি এই বৈঠকখন অনুষ্ঠিত হয়৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয়, ইয়াক লৈ এক চৰম অনিশ্চয়তাৰ পৰিৱেশ সূচনা হোৱাত উদ্বিগ্ণতা বৃদ্ধি পাইছল শিক্ষার্থী আৰু অভিভাৱকসকলৰ মনত৷ সেয়েহে সকলোৱে এটা চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিবলৈ চৰকাৰক আহ্বান জনাই আহিছিল৷ এইবাৰ ৰাজ্যত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মুঠ ৬,৮৮,৫৯৫জন পৰীক্ষার্থী অৱতীর্ণ হ’বলগীয়া আছিল৷ ইয়াৰে ২,৪৯,৮১২জন উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্রার্থী৷ ইয়াৰ বিপৰীতে উচ্চ মাধ্যমিক আৰু হাইমাদ্রাছাৰ চূড়ান্ত পৰীক্ষাত মুঠ অৱতীর্ণ হ’বলগীয়া শিক্ষার্থীৰ সংখ্যা আছিল ৪,৩৮,৭৮৩জন৷ এই সিদ্ধান্তৰ লগে লগে এই শিক্ষার্থীসকলৰ ভাগ্য এতিয়া নির্ণয় কৰিব আজিৰ ভিতৰত গঠন হ’বলগীয়া উচ্চস্তৰীয় কমিটীয়ে৷