peepl-small

হাতে হাতে ফুলৰ থোপা লৈ ম্যানমাৰৰ ৰাজপথত বিশাল প্রতিবাদ

PUBLISHED:

গুৱাহাটীঃ  ম্যানমাৰৰ কাৰাবন্দী নেত্রী আং ছান চ্যু কীৰ ৭৬সংখ্যক জন্মবার্ষিকী উপলক্ষে শনিবাৰে দেশখনৰ ৰাজপথত হাতে হাতে ফুলৰ থোপা আৰু মূৰত ফুল বান্ধি লৈ বিশাল প্রতিবাদী কার্যসূচী উলিয়ায়৷

সামৰিক বাহিনীয়ে গণতান্ত্রিক চৰকাৰ উৎখাত কৰি নেত্রী আং ছান চ্যু কীৰ লগতে অনেকজনক গ্রেপ্তাৰ কৰি ৰখাৰ পাছত গণতন্ত্রপন্থী জনতাই যোৱা এক ফেব্রুৱাৰীৰ পৰা প্রতিদিনে প্রতিবাদী কার্যসূচী গ্রহণ কৰি আহিছে৷

শনিবাৰে দেশখনৰ গণতন্ত্রপন্থী তথা নেত্রী চ্যু কীৰ সমর্থকে ব্যতিক্রমী প্রতিবাদী কার্যসূচীৰে চ্যু কীৰ ৭৬ সংখ্যক জন্ম বার্ষিকী পালন কৰে৷ মন কৰিবলগীয়া যে জুণ্টাৰ দ্বাৰা সামৰিক শাসন চলোৱাৰ বিৰোধিতা কৰাৰ বাবে জুণ্টাই চ্যু কীসহ ৫ সহস্রাধিক লোকক কাৰাবন্দী কৰি ৰাখিছে৷

আনপিনে, সামৰিক শাসনৰ বিৰোধিতা কৰা লোকসকলৰ ওপৰত অকথ্য নির্যাতন চলাই থকা হৈছে৷ সামৰিক শাসনৰ বিৰুদ্ধে যোৱা এক ফেব্রুৱাৰীৰ পৰা চলি থকা প্রতিবাদী কার্যসূচী দমন কৰিবলৈ ইতিমধ্যে সামৰিক বাহিনীয়ে ৮৭০ প্রতিবাদী লোকক গুলীয়াই হত্যা কৰিছে৷

উল্লেখ্য যে চ্যু কীৰে ১৯৯১ চনত শান্তিৰ ন’বেল বঁটা লাভ কৰিছিল৷

RELATED ARTICLES