peepl-small

ফাঁচীবজাৰ–বেলতলা মাস্ক বিতৰণ

PUBLISHED:

গুৱাহাটী: ক’ৰোনা মহামাৰীৰ সংক্রমণে গুৱাহাটী মহানগৰীত ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ক্রমাৎ সংক্রমণ বৃদ্ধি পোৱাৰ লগতে গুৱাহাটী মহানগীত ক’ভিড আক্রান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ কিন্তু সেই অনুপাতে মহানগৰীত সজাগতা বৃদ্ধি পোৱা পৰিলক্ষিত হোৱা নাই৷ একাংশ লোকে ক’ভিড প্রট’কল উলংঘা কৰি মহানগৰীত মুকলিভাৱে ঘূৰি ফুৰিছে৷ আজি ফাঁচীবজাৰ আৰু বেলতলাত মহানগৰ আৰক্ষীয়ে ক’ভিড প্রট’কল উলংঘা কৰা এইসকল লোকৰ বিৰুদ্ধে অভিযান চলায়৷ বেলতলাৰ সপ্তাহিক বজাৰ আৰু বশিষ্ঠৰ নতুন বজাৰত বশিষ্ঠ আৰক্ষীৰ এটা দলে অভিযান চলাই ক’ভিড প্রট’কল উলংঘা কৰা কেইবাগৰাকী লোকক এহাজাৰ টকাকৈ জৰিমনা বিহে৷ তদুপৰি মাস্ক পৰিধান নকৰা লোকসকলৰ মাজত আৰক্ষীয়ে বিনামূলীয়া মাস্ক বিতৰণ কৰে৷

RELATED ARTICLES