peepl-small

এছিয়ান বক্সিঙৰ ফাইনেলত মেৰী কম, সাক্ষী

PUBLISHED:

গুৱাহাটীঃ ভাৰতৰ তাৰকা মহিলা বক্সাৰ এম চি মেৰী কমে এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ বৃহস্পতিবাৰে অনুষ্ঠিত ৫১ কেজি ইভেণ্টৰ ছেমি ফাইনেলত মণিপুৰী বক্সাৰগৰাকীয়ে মংগোলীয়াৰ প্রতিদ্বন্দ্বীক ৪–১ৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ছবাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে কেইবাটাও শক্তিশালী পাঞ্চেৰে প্রতিপক্ষক ধৰাশায়ী কৰে৷

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৫টা স্বর্ণসহ মুঠ ৬টা পদক জয় কৰি ইতিমধ্যে ইতিহাস ৰচা অভিজ্ঞ তাৰকাগৰাকীয়ে ফাইনেলত কাজাখস্তানৰ নাজিম কিজাইবেৰ মুখামুখি হ’ব৷

ইফালে, দুবাৰৰ য়ুথ বিশ্ব চেম্পিয়ন সাক্ষীয়ে ৫৪ কেজিৰ ছেমি ফাইনেলত কাজাখস্তানৰ প্রতিদ্বন্দ্বীক ৩–২ৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ কাইলৈ পুৰুষৰ ছেমি ফাইনেলত অসম সন্তান শিৱ থাপাকে ধৰি ভাৰতৰ পাঁচগৰাকী পুৰুষ বক্সাৰ ৰিঙত নামিব৷

RELATED ARTICLES