peepl-small

নামাজ পঢ়ি নিশা ঘৰলৈ ওভতাৰ পথতে গুলীয়াই হত্যা এজনক, কাৱৈমাৰীত চাঞ্চল্য

PUBLISHED:

গুৱাহাটী: নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ কাৱৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত কদমগুৰিত যোৱা নিশা দুজনীয়া দুৰ্বৃত্তৰ দলে এজন লোকক পথৰ ওপৰত গুলিয়াই হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, কাৱৈমাৰীৰ কদমগুৰি অঞ্চলৰ নিবাসী ৰহিম উদ্দিন (৫৫) নামৰ লোকজনে কাৱৈমাৰীৰ মছজিদত ৰমজানৰ নামাজ পঢ়ি নিশা প্ৰায় ৯-৩০ মান বজাত নিজ ঘৰলৈ বুলি এখন বাইকেৰে আহি থকা অৱস্থাত কাৱৈমাৰীৰ কদমগুৰিৰ পথত দুজনীয়া দুৰ্বৃত্তৰ দলে গুলিয়াই ৰূপহীহাট দিশৰ পথেৰে পলায়ন কৰে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ গুৰুতৰ ভাবে আহত হোৱা ৰহিম উদ্দিনক উদ্ধাৰ কৰি কাৱৈমাৰীৰ নুৰুল হুছেইন এফ আৰ ইউ চিকিৎসালয়লৈ নিয়ে ৷ ৰহিম উদ্দিনৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ নিয়াৰ বাবে পৰামৰ্শ প্ৰদান কৰে।

পৰিয়ালৰ লোকে স্থানীয় আৰক্ষীৰ সহযোগত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। দুৰ্বৃত্ত‌ই ৰহিম উদ্দিনক পাছ ফালৰ পৰা গুলীওৱাৰ ফলত পিঠিয়েদি বুকুত আঘাত কৰে। উক্ত হত্যাকাণ্ডটো সম্পূৰ্ণ পৰিকল্পিত বুলি পৰিয়ালৰ লোকে অভিযোগ কৰাৰ লগতে কালি সন্ধিয়া ৰহিম উদ্দিনক মছজিদলৈ যোৱাৰ সন্দৰ্ভত কোনো অজ্ঞাত লোকে ফোন কৰি কথা পাতিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

নিশা দুৰ্বৃত্তৰ গুলীত নিহত হোৱা লোকজনৰ মৃতদেহটো আজি কাৱৈমাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে নগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ হাতত চমজায় দিয়ে ৷ কোনে কিয় এই হত্যা কাণ্ডটো সংঘটিত কৰিলে সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ উচিত তদন্তৰ পিছতহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি স্থানীয় সচেতন মহলে মত প্ৰকাশ কৰিছে ৷ এইক্ষেত্ৰত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে ঘটনাৰ লগত জড়িত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ৷

RELATED ARTICLES