peepl-small

বটদ্ৰৱাত চাঞ্চল্যকৰ ঘটনা! ড্ৰাগছ খাবলৈ নিদিয়াৰ বাবেই তিনি তালাক

PUBLISHED:

গুৱাহাটীঃ বটদ্ৰৱাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ড্ৰাগছ খাবলৈ নিদিয়াৰ বাবেই পত্নীক তিনি তালাক দিলে এজন লোকে।

ড্ৰাগছ সেৱনত বাধা দিয়াৰ বাবে বছিৰ আহমেদ নামৰ লোকজনে পত্নীক শাৰীৰিক-মানসিক অত্যাচাৰ কৰি তালাক দিয়াৰ অভিযোগ উত্থাপন হৈছে।

মহিলাগৰাকীয়ে এই সন্দৰ্ভত বটদ্ৰৱা থানাত দাখিল কৰিছে এজাহাৰ।

স্বামীৰ দ্বাৰা নিৰ্যাতিতা মহিলাগৰাকীয়ে কন্যাসহ বৰ্তমান পিতৃগৃহত আশ্ৰয় গ্ৰহণ কৰিছে।

ইপিনে, আৰক্ষীয়ে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে মহিলগৰাকীয়ে।

RELATED ARTICLES