peepl-small

শৰাইঘাট দলঙৰ পৰা জঁপিয়াই এজনৰ আত্মহত্যা

PUBLISHED:

গুৱাহাটীঃ শুকুৰবাৰে দুপৰীয়া শৰাইঘাট দলঙৰ পৰা জঁপিয়াই এজন লোকে আত্মহত্যা কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে,  দুপৰীয়া প্রায় ১২ বজাত শৰাইঘাট দলঙৰ পৰা এজন লোকে জঁপিয়াই আত্মহত্যা কৰে৷

স্থানীয় লোকৰ খবৰৰ ভিত্তিত পাণ্ডু নদী আৰক্ষীয়ে অভিযান চলাই ব্রহ্মপুত্রৰ পৰা মৃত লোকজনক উদ্ধাৰ কৰে৷ আৰক্ষীয়ে মৃত লোকজন হেঙেৰাবাৰী লিচু বাগানৰ সৌৰভ কুমাৰ বৰা  বুলি চিনাক্ত কৰে৷ নদী আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্রেৰণ কৰে৷

RELATED ARTICLES