peepl-small

মাজুলীৰ দক্ষিণপাট সত্রৰ সত্রাধিকাৰৰ আহ্বানঃ আলোচনালৈ আহক পৰেশ বৰুৱা

PUBLISHED:

গুৱাহাটীঃ মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্রৰ সত্রাধিকাৰ ননীগোপাল গোস্বামীৰ সত্রৰ বহাত দেওবাৰে  এখন  গুৰুত্বপূর্ণ সংবাদ মেল অনুষ্ঠিত হয়৷ সংবাদ মেলযোগে সত্রাধিকাৰগৰাকীয়ে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ক চৰকাৰৰ লগত আলোচনাত বহিবলৈ আহ্বান জনায়৷ আলোচনাৰ বাবে চৰকাৰৰ সদিচ্ছাৰ প্রতি আলফা (স্বাধীন)ৰ যোগাত্মক সঁহাৰিৰ পৰিপ্রেক্ষিতত এই আলোচনা সফল হোৱাৰ কামনা কৰি সত্রাধিকাৰগৰাকীয়ে মহাভাৰতৰ উদাহৰণ দি কয় যে অসমত শান্তি প্রতিষ্ঠা কৰিবলৈ আৰু সোণৰ অসম নির্মাণ কৰিবলৈ দুয়োপক্ষৰ মাজত এই আলোচনা অনুষ্ঠিত হ’ব লাগে ৷

পৰেশ বৰুৱাক সত্রাধিকাৰগৰাকীয়ে আহ্বান জনায় যে সকলো স্বার্থৰ ঊর্ধ্বত গৈ জাতি–মাটি–ভেটিৰ ৰক্ষাৰ বাবে এই আলোচনা হোৱাটো যথেষ্ট গুৰুত্বপূর্ণ৷ অসমৰ দীর্ঘদিনীয়া সমস্যা সমাধানৰ বাবে উভয় পক্ষ ত্যাগৰ মানসিকতাৰে আলোচনাৰ মাধ্যমেৰে আগবাঢ়ি আহক৷ তেতিয়াহে অসমে যোগাত্মক পৰিৱেশ লাভ কৰিব আৰু যদি এনে বিষয়ত কোনো সহায় বা কৰণীয় থাকে, তেন্তে সত্রাধিকাৰগৰাকীয়ে সহায় কৰিব বুলি উল্লেখ কৰে ৷

সত্রাধিকাৰগৰাকীয়ে প্রথমে পঞ্চদশ অসম বিধানসভাৰ শপত গ্রহণৰ শুভক্ষণত সকলো বিধায়কলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি সকলোৱে ব্যক্তিকেন্দ্রিক, দলকেন্দ্রিক ভাবাদর্শৰ ঊর্ধ্বত গৈ দেশ–জাতিৰ সামগ্রিক স্বার্থক অগ্রাধিকাৰ দিয়াৰ আশা প্রকাশ কৰে৷ ইয়াৰ  উপৰি তেওঁ কয় যে জাতীয় জীৱন এতিয়া সন্ধিক্ষণত উপস্থিত হৈছে৷ সেয়ে এই জটিল সময়ত প্রকৃত সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰিলে ইতিহাসে আমাক ক্ষমা নকৰিব৷ এনে কথা অনুভৱ কৰিয়েই প্রথমবাৰৰ বাবে হূদয়বৃত্তিৰ দ্বাৰা পৰিচালিত হৈ ৰাজনৈতিক প্রেক্ষাপটত আমি কিবা এষাৰ কোৱাৰ প্রয়াস কৰিছোঁ৷ কাৰণ ইয়াৰ পূর্বে চৰকাৰৰ কোনো কথাতে আমি বক্তব্য আগবঢ়োৱা নাই ৷

মাত্র সীমাবদ্ধতাৰ মাজত থাকি সত্র তথা সত্র সমাজৰ কার্যকৰণৰ মাজতেই আবদ্ধ হৈ আছো৷ সম্প্রতি অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে শপত গ্রহণৰ পিছতেই সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) অর্থাৎ আলফাৰ সৈতে আলোচনাৰ পোষকতা কৰিছে ৷

আনহাতে আলফাৰ সেনাধ্যক্ষগৰাকীয়ে যোগাত্মক সঁহাৰি দি সাময়িক যুদ্ধবিৰতিও ঘোষণা কৰিছে৷ লগতে আলফাই আবদ্ধ কৰি ৰখা ৰিতুল শইকীয়াক মুক্তি প্রদানেৰে সংগঠনটোৱে সদিচ্ছা দেখুৱাইছে৷ উভয়পক্ষৰ এনে সদিচ্ছা জাতিৰ বাবেই এক শুভ বার্তাবাহক৷ সত্রাধিকাৰগৰাকীয়ে লগতে  কয় যে জাতীয় সমস্যা সমাধানৰ বাসনা যদি অত্যুগ্রতাৰে সিক্ত হয় আৰু অসমৰ বৌদ্ধিক মহলেও যোগাত্মক সঁহাৰি দিয়ে, তেন্তে অসমৰ এক দীর্ঘদিনীয়া সমস্যাৰ অৱসান ঘটিব৷ এইক্ষেত্রত মাত্র আমাৰ সকলোৱে মনবিলাক উদাৰ আৰু বহল হ’ব লাগিব৷ আমি বিশ্বাস কৰোঁ যিকোনো সমস্যাই সহূদয়যুক্ত আলোচনাৰ দ্বাৰা সমাধানৰ সূত্র উলিয়াব পৰা যায়৷ মাত্র এইক্ষেত্রত প্রয়োজন সদিচ্ছা আৰু কার্যকৰণৰ ক্ষেত্রত উভয়পক্ষৰ ত্যাগসিক্ত মানসিকতা৷ সেয়ে আলফা আৰু চৰকাৰৰ প্রতি  সত্রাধিকাৰগৰাকীয়ে ঐকান্তিক অনুৰোধ জনাই উভয়পক্ষই কেৱল কাব্যিক বিলাসৰ বিপৰীতে সহূদয়তাৰে সমস্যা সমাধানত গুৰুত্বতা দিব লাগিব বুলি কৈ সত্রাধিকাৰগৰাকীয়ে গীতাৰ এটি উদ্ধৃতি দি কয়– গীতাত এটা শব্দ আছে ‘নির্মানমোহ’ আৰু ভাগৱত পুৰাণত আছে এটা শব্দ ‘নির্মৎসৰ’৷ এই শব্দ দুটাৰ আভিধানিক পৰিভাষা প্রায় একেই৷ ইয়াৰ অর্থ হ’ল মিছা আত্মমর্যাদাবোধ আৰু ভ্রম নথকা৷ আমি ভাবোঁ এনে গুণসিক্ত হৈ প্রত্যক্ষভাৱে কিম্বা এনে গুণযুক্তজনৰ মাধ্যমেদি আগবাঢ়িব পাৰিলে নিশ্চয় জনজীৱনে যোগাত্মক সমিধান লাভ কৰিব৷ কাৰণ বৃহৎ অসমীয়া জাতিৰ ক্ষেত্রত আমাক সকলোকে লাগিব, সেয়ে এই সকলো বিষয়বস্তুৰ ক্ষেত্রত যথার্থতা অৱলোকন কৰি উভয়পক্ষই আলোচনাৰ ক্ষেত্রত আমাৰ যদি কিবা কৰণীয় থাকে, তাক যথাসাধ্যে কৰাৰ কথা অৱগত কৰি দেশ–জাতিৰ সর্বাপদ সুমংগলার্থে মহাপুৰুষ শ্রীশ্রীযাদৱেন্দ্রৰ চৰণত প্রার্থনা জনালোঁ বুলি সত্রাধিকাৰগৰাকীয়ে মন্তব্য কৰে ৷

RELATED ARTICLES