peepl-small

মহাজোঁটে দ্বিতীয় পর্যায়ত ৩০খন আসন লাভ কৰিব: আজমল

PUBLISHED:

গুৱাহাটী:   হোজাই বিধানসভা সমষ্টিৰ ২১নং বৰডংকি প্রাথমিক বিদ্যালয়ত আজি ভোটদান কৰে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে৷ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত এ আই ইউ ডি এফৰ সভাপতিজনে দ্বিতীয় পর্যায়ৰ নির্বাচনত মহাজোঁটে ৩০খন আসন লাভ কৰাৰ লগতে ৰাজ্যত মহাজোঁটৰে চৰকাৰ হ’ব বুলি দাবী কৰে৷ তেওঁ কয় যে মহাজোঁটৰ চৰকাৰ হ’লে ‘ডি’ ভোটাৰৰ সমস্যা সমাধান, ‘কা’ বাতিলকে ধৰি কংগ্রেছে দিয়া ৫ গেৰাণ্টী কার্যকৰী কৰা হ’ব৷ বিগত সময়ছোৱাত হোজাই সমষ্টিত আজমলে যাৰ পক্ষত ভোট দিয়ে, তেওঁ পৰাজিত হয় যদিও এইবাৰ ভোট দিয়া প্রার্থীজন জয়ী হ’ব বুলিও এ আই ইউ ডি এফৰ সভাপতিজনে দাবী কৰে৷ আনহাতে, আজমলৰ ভাতৃ তথা যমুনামুখ সমষ্টিৰ মহাজোঁটৰ প্রার্থী চিৰাজুদ্দিন আজমলে ডেৰ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি মন্তব্য কৰে৷ একেটা ভোটকেন্দ্রতে এ আই ইউ ডি এফৰ সভাপতি আজমলৰ দুই পুত্র যমুনামুখৰ বর্তমানৰ বিধায়ক আব্দুৰ ৰহিম আজমল আৰু দক্ষিণ শালমাৰাৰ প্রাক্তন বিধায়ক আব্দুল ৰহিম আজমলেও সাব্যস্ত কৰে ভোটাধিকাৰ৷ মন কৰিবলগীয়া যে ২১নং বৰডংকি প্রাথমিক বিদ্যালয় ভোটকেন্দ্রটোত আজমল পৰিয়ালৰ মুঠ ১৭জন সদস্যৰ নাম সন্নিৱিষ্ট হৈ আছিল যদিও আজি ইয়াৰে চাৰিজনেহে ভোটদান কৰে৷ কংগ্রেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটৰ প্রার্থীক জয়ী কৰাবলৈ এ আই ইউ ডি এফৰ সভাপতিজনে ৰাজ্যৰ প্রান্তে প্রান্তে প্রচাৰ অভিযান অব্যাহত ৰখাৰ সময়তে নিজ পৰিয়ালৰ বাকী ১৩জন সদস্যই ভোটদান নকৰাক লৈ প্রতিক্রিয়া সৃষ্টি হৈছে৷ ইফালে, একেটা কেন্দ্রত আজি ভোটদান কৰি প্রাক্তন বিধায়ক ডাঃ আদিত্য লাংথাছাই মিত্রজোঁটৰ প্রার্থী জয়ী হ’ব বুলি দাবী কৰে৷

চিথিলাত ৰবিৰাম নার্জাৰীৰ হৈ প্রচাৰ এ আই ইউ ডি এফৰ সভাপতিৰ

কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বি পি এফ তথা মহাজোঁটৰ প্রার্থী ৰবিৰাম নার্জাৰীৰ হৈ আজি নির্বাচনী প্রচাৰ চলায় এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে৷ গোসাঁইগাঁও মহকুমাৰ অন্তর্গত চিথিলা–বিন্যাচৰা গাঁৱত অনুষ্ঠিত নির্বাচনী সভাখনত ভাষণ দি এ আই ইউ ডি এফৰ সভাপতি আজমলে বিজেপি আৰু ইউ পি পি এলক তীক্ষ্ণ সমালোচনা কৰে৷ আজমলে কয় যে সাম্প্রদায়িক বিজেপিক এইবাৰ বিদায় জনোৱা হ’ব৷ এইবাৰৰ নির্বাচনৰ পাছত অসমত ইউ পি পি এলৰ অস্তিত্ব নাথাকিব৷ অসমীয়াৰ স্বাভিমান গামোচাক অপমান কৰা সন্দর্ভতো নিজৰ প্রতিক্রিয়া ব্যক্তি কৰি তেওঁ কয়– ড০ হিমন্ত বিশ্ব শর্মাতকৈ মই গামোচাক বেছি সন্মান দিওঁ৷ আজমলে দাবী কৰা মতে, এইবাৰৰ নির্বাচনত মহাজোঁটক এ আই ইউ ডি এফে নিঃস্বার্থ সমর্থন জনাইছে৷ আজিৰ এই নির্বাচনী সভাখনত উপস্থিত থাকি ভাষণ দিয়ে বি পি এফৰ সভাপতি তথা বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীয়েও৷ সেইদৰে কোকৰাঝাৰ পশ্চিম সমষ্টিৰ মহাজোঁটৰ প্রার্থী ৰবিৰাম নার্জাৰীয়ে ভাষণ প্রসংগত নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰে৷

RELATED ARTICLES